জাপানৰ কুমামোটো মাষ্টাৰ্ছ ২০২৬ৰ পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনৰ। দেওবাৰে অনুষ্ঠিত ফাইনেলত ঘৰুৱা খেলুৱৈ কোকি ৱাটানাবেক ১৩-২১, ২১-১৮, ২১-১৪ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে ভাৰতীয় শ্বাটলাৰগৰাকীয়ে।
প্ৰথমটো গেমত ১৩-২১ ব্যৱধানত পৰাস্ত হোৱাৰ পিছতো দ্বিতীয়টো গেমত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই ২১-১৮ ব্যৱধানত জয় সাব্যস্ত কৰে লক্ষ্য সেনে। নিৰ্ণায়ক তৃতীয়টো গেমত ৱাটানাবেক ২১-১৪ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ নিশ্চিত কৰে তেওঁ।
ইয়াৰ পূৰ্বে জাৰ্মানীত অনুষ্ঠিত হাইলো অ’পেনৰ খিতাপো অৰ্জন কৰিছিল লক্ষ্য সেনে। এই জয়ৰ জৰিয়তে একেৰাহে দ্বিতীয়টো BWF ছুপাৰ ৫০০ খিতাপ দখল কৰাৰ লগতে কেৰিয়াৰৰ ষষ্ঠটো BWF ৱৰ্ল্ড ট্যুৰ খিতাপ অৰ্জন কৰে ভাৰতীয় শ্বাটলাৰগৰাকীয়ে।
বিশেষকৈ, কুমামোটো মাষ্টাৰ্ছ প্ৰতিযোগিতা ২০২৩ চনত আৰম্ভ হোৱাৰ পিছত এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ হিচাপেও পৰিগণিত হয় লক্ষ্য সেন।
