ৰাজস্থানত ৰে’লপথত বিস্ফোৰণৰ ঘটনাৰে পাকিস্তানৰ সম্পৰ্ক! পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ দুই অভিযুক্ত

ৰাজস্থানৰ শ্ৰী গংগানগৰ জিলাত ৰে’লপথত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত পঞ্জাৱৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ ভিতৰত এগৰাকী মহিলা আৰু এজন পুৰুষ। ৰাজস্থানৰ সন্ত্ৰাসবাদবিৰোধী গোট (ATS), শ্ৰী গংগানগৰ আৰক্ষী আৰু পঞ্জাৱ আৰক্ষীয়ে যৌথ অভিযান চলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা দুজনক ক্ৰমে ২১ বছৰীয়া মহাকদীপ কৌৰ আৰু ২২ বছৰীয়া দবিন্দৰ সিং বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ মতে, সমগ্ৰ ঘটনাটোৰ সৈতে পাকিস্তানৰ সম্পৰ্ক থকাৰ তথ্য পোহৰলৈ আহিছে। গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকী চুবুৰীয়া দেশখনত থকা দুজন হেণ্ডলাৰৰ সৈতে যোগাযোগত আছিল। তেওঁলোকৰ এজনৰ পৰিচয় আছিল ‘চাচা’ আৰু আনজনৰ নাম আছিল ‘শ্বাহ’।

আৰক্ষীৰ দাবী অনুসৰি, এই দুজন ব্যক্তিয়ে মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ দৰে কথা-বতৰা পাতি আৰু ধনৰ প্ৰলোভন দি তেওঁক নিজৰ জালত পেলাইছিল। পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI-এ এনে কৌশল ব্যৱহাৰ কৰি মহিলাক নিজৰ উদ্দেশ্যত ব্যৱহাৰ কৰাৰ ঘটনা বৃদ্ধি পাইছে বুলিও আৰক্ষীয়ে দাবী কৰিছে।

ইয়াৰ পূৰ্বেও ISI-এ গংগানগৰৰ বাসিন্দা বাবিতা নামৰ এগৰাকী মহিলাক একেধৰণে জালত পেলোৱাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে।

মহাকদীপ কৌৰে স্বামীৰ পৰা পৃথকে বসবাস কৰি আছিল। ড্ৰাগছ সৰবৰাহৰ গোচৰত তেওঁৰ স্বামী বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে। আৰক্ষীৰ মতে, ISI-ৰ হেণ্ডলাৰসকলে প্ৰায়ে অকলশৰে বসবাস কৰা বা বিভিন্ন কাৰণত অসহায় অৱস্থাত থকা মহিলাসকলক প্ৰেমৰ প্ৰলোভন আৰু ধনৰ টোপ দি লক্ষ্য কৰি লয়।

তদন্তত প্ৰকাশ পোৱা বুলি আৰক্ষীয়ে দাবী কৰিছে যে ৰে’লপথত বিস্ফোৰণ সংঘটিত কৰাৰ বাবেও মহিলাগৰাকীয়ে ধন লাভ কৰিছিল।

ইফালে, মহিলাগৰাকীৰ পৰা দুটা অস্ত্ৰ, ৪৬ জাঁই গুলী আৰু ৩০ হাজাৰ টকা উদ্ধাৰ কৰা হৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আন তিনিজন লোককো আটক কৰিছে।

আৰক্ষীৰ সন্দেহ অনুসৰি, এই তিনিজন লোকে অভিযুক্তসকলক থকাৰ ব্যৱস্থা কৰি দিয়া, এখন মটৰচাইকেল যোগান ধৰা আৰু ঘটনাস্থলীলৈ যাতায়াতৰ ব্যৱস্থা কৰি দিয়াৰ দৰে সহায় আগবঢ়াইছিল।

ৰাজস্থানৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADG) দীনেশ এম এন, গংগানগৰৰ সহকাৰী আৰক্ষী অধীক্ষক নীতিন চৌধুৰী, ATS-ৰ সহকাৰী আৰক্ষী অধীক্ষক মনীষ শৰ্মা আৰু সুৰেন্দ্ৰ সিং তথা গুৰদাসপুৰৰ আৰক্ষী অধীক্ষক আদিত্যই যৌথভাৱে সমগ্ৰ অভিযানটোৰ সমন্বয় সাধন কৰে।

উল্লেখ্য যে, যোৱা ৩ নৱেম্বৰৰ নিশা প্ৰায় ৯.৪৫ বজাত ৰাজস্থানৰ শ্ৰী গংগানগৰৰ ৰামসিংপুৰৰ সমীপৰ ৰে’লপথত এই বিস্ফোৰণ সংঘটিত হৈছিল। বিস্ফোৰণত ৰে’লপথৰ দুটা শ্লীপাৰ ভাঙি যায় আৰু ৰে’লপথটো ক্ষতিগ্ৰস্ত হয়। লগতে প্ৰায় আঢ়ৈ ফুট দ’ গাঁতৰ সৃষ্টি হয়।

আটাইতকৈ উদ্বেগজনক কথাটো হ’ল, বিস্ফোৰণ সংঘটিত হোৱাৰ প্ৰায় ৭৫ মিনিট পূৰ্বে একেটা ৰে’লপথেৰে অনুপগড়-ছুৰতগড় যাত্ৰীবাহী ৰে’ল পাৰ হৈ গৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনৰ ইতিহাস। জাপান মাষ্টাৰ্ছ ২০২৬ৰ ফাইনেলত জয় লক্ষ্য সেনৰ

জাপানৰ কুমামোটো মাষ্টাৰ্ছ ২০২৬ৰ পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন ভাৰতীয়...

বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ গ’ল দুই যুৱকৰ, গুৰুতৰভাৱে আহত আন এজন

চিৰাং জিলাৰ বিজনীত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ...

ছট পূজাক লৈ গুৱাহাটীত বিশেষ যান-বাহন নিৰ্দেশনা, ১৫ আৰু ১৬ নৱেম্বৰত পথ সলনি-নিষেধাজ্ঞা

ছট পূজা উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচল সুচল কৰি...