৭ অক্টোবৰৰ আক্ৰমণৰ পৰিকল্পনাকাৰী হামাছৰ শীৰ্ষ কমাণ্ডাৰক হত্যা ইজৰাইলৰ! গাজাত বিমান আক্ৰমণত নিহত আল-কাছাম ব্ৰিগেডৰ ৰাফাহ শাখাৰ মুৰব্বী ছামিৰ আবু ইউনিছ

ইজৰাইলে হামাছৰ জ্যেষ্ঠ কমাণ্ডাৰক হত্যা কৰিলে, যিয়ে ৭ অক্টোবৰৰ আক্ৰমণৰ পৰিকল্পনা আৰু নেতৃত্ব দিছিল।

এএফপিৰ এক নিৰাপত্তা সূত্ৰই মাজনিশাৰ কিছু সময়ৰ পিছতে জনোৱা অনুসৰি, আল-কাছাম ব্ৰিগেডৰ ৰাফাহ শাখাৰ কমাণ্ডাৰ ইউনিছৰ মৃত্যু হৈছে। তেওঁক লক্ষ্য কৰি অলপ সময়ৰ পূৰ্বে আক্ৰমণ চলোৱা হৈছিল।

ইজৰাইলী সেনাই দেওবাৰে জনায় যে তেওঁলোকে হামাছৰ সামৰিক শাখাৰ এগৰাকী জ্যেষ্ঠ সদস্যক লক্ষ্য কৰি আক্ৰমণ চলাইছে। আনহাতে, হামাছেও গাজাত তেওঁলোকৰ এগৰাকী কমাণ্ডাৰৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।

২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে চলোৱা আক্ৰমণৰ পৰিকল্পনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সামৰিক নেতা ছামিৰ আবু ইউনিছ শনিবাৰে নিহত হয় বুলি হামাছৰ আল-কাছাম ব্ৰিগেডে এক বিবৃতিযোগে প্ৰকাশ কৰে।

দেওবাৰে পুৱতি নিশা ইজৰাইলী সেনা (IDF) আৰু আভ্যন্তৰীণ নিৰাপত্তা সংস্থা শ্বিন বেটে এক যুটীয়া বিবৃতিত কয়, “অলপ সময়ৰ পূৰ্বে IDF আৰু ISA-ই হামাছৰ সামৰিক শাখাৰ এগৰাকী জ্যেষ্ঠ সন্ত্ৰাসবাদীক লক্ষ্য কৰি আক্ৰমণ চলাইছে।”

অৱশ্যে, বিবৃতিটোত তেওঁৰ পৰিচয় বা আক্ৰমণৰ বিষয়ে বিতং তথ্য প্ৰকাশ কৰা হোৱা নাছিল। পিছত অধিক তথ্য প্ৰকাশ কৰা হ’ব বুলি ইজৰাইলী পক্ষই জনায়।

আল-কাছাম ব্ৰিগেডে টেলিগ্ৰামত প্ৰকাশ কৰা বিবৃতিত কয়, “যোৱা সন্ধিয়া তেওঁ নিহত হৈছে… এক কাপুৰুষোচিত হত্যাকাণ্ডৰ অভিযানত।” লগতে সংগঠনটোৱে উল্লেখ কৰে যে ৭ অক্টোবৰৰ আক্ৰমণৰ পৰিকল্পনা আৰু তদাৰকীত জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ কমাণ্ডাৰসকলৰ ভিতৰত ইউনিছ অন্যতম আছিল।

এএফপিক দিয়া তথ্য অনুসৰি, এগৰাকী নিৰাপত্তা সূত্ৰই জনায় যে আল-কাছাম ব্ৰিগেডৰ ৰাফাহ শাখাৰ কমাণ্ডাৰ ইউনিছ আল-মাৱাছি অঞ্চলত, খান ইউনিছৰ পশ্চিম দিশত হোৱা আক্ৰমণত নিহত হয়।

গাজাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ মাহমুদ বাছালে এএফপিক জনায় যে তেওঁলোকৰ সংস্থাই ৫৩ বছৰীয়া ইউনিছৰ মৃতদেহ লাভ কৰিছে। দক্ষিণ গাজাত হোৱা এই আক্ৰমণত আন দুজন লোকো আহত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

২০২৫ চনৰ অক্টোবৰত কাৰ্যকৰী হোৱা যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ ইজৰাইল আৰু হামাছ উভয়ে পৰস্পৰৰ বিৰুদ্ধে উত্থাপন কৰি আহিছে। ২০২৩ চনৰ ৭ অক্টোবৰৰ আক্ৰমণৰ ফলত আৰম্ভ হোৱা দুবছৰীয়া যুদ্ধৰ পিছত এই যুদ্ধবিৰতি কাৰ্যকৰী হৈছিল।

আমেৰিকাৰ সমৰ্থনত হোৱা যুদ্ধবিৰতিৰ ফলত যুদ্ধৰ তীব্ৰতা বহু পৰিমাণে হ্ৰাস পাইছে যদিও ইজৰাইলে গাজাত নিয়মীয়াকৈ আক্ৰমণ অব্যাহত ৰাখিছে।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যুদ্ধবিৰতি আৰম্ভ হোৱাৰ পিছৰে পৰা ১,৬০০ৰো অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। এই মন্ত্ৰালয়টো হামাছৰ প্ৰশাসনৰ অধীনত পৰিচালিত হয়। অৱশ্যে, ইয়াৰ প্ৰকাশিত মৃত্যুৰ পৰিসংখ্যাক ৰাষ্ট্ৰসংঘই বিশ্বাসযোগ্য বুলি গণ্য কৰে।

একেই সময়ছোৱাত ইজৰাইলী সেনাই তেওঁলোকৰ সাতজন সৈনিকৰ লগতে এজন অসামৰিক ঠিকাভিত্তিক কৰ্মচাৰীৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰিছে।

ইফালে, ইজৰাইলৰ প্ৰাক্তন সেনাপ্ৰধান গাডি আইজেনকোট বৰ্তমান এখন চৰকাৰ গঠনৰ বাবে মিত্ৰজোঁট গঠনৰ আলোচনাত ব্যস্ত হৈ আছে। তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী তথা তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এতিয়াও দেশখনৰ সামৰিক অভিযানৰ দায়িত্ব বহন কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহাকাশ ইতিহাসত নতুন অভিলেখ SpaceXৰ, প্ৰথমবাৰৰ বাবে সফলতাৰে ‘কেচ’ কৰিলে Starship মহাকাশযান

মহাকাশ অভিযানৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিলে ইলন...

ডিচেম্বৰতে বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? প্ৰত্যাৱৰ্তনৰ পূৰ্বে ভাৰতৰ দুটা চৰ্ত!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ডিচেম্বৰ মাহতে ঢাকালৈ উভতি...