মহাকাশ ইতিহাসত নতুন অভিলেখ SpaceXৰ, প্ৰথমবাৰৰ বাবে সফলতাৰে ‘কেচ’ কৰিলে Starship মহাকাশযান

মহাকাশ অভিযানৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিলে ইলন মাস্কৰ মহাকাশ গৱেষণা সংস্থা SpaceX-এ। শনিবাৰে প্ৰথমবাৰৰ বাবে সফলতাৰে মহাকাশৰ পৰা উভতি অহা Starship মহাকাশযানখন যান্ত্ৰিক ‘চপষ্টিক আৰ্মছ’ৰ সহায়ত আকাশমাৰ্গতে ধৰি পেলাবলৈ সক্ষম হয় সংস্থাটোৱে। এই সফলতাই সম্পূৰ্ণৰূপে পুনৰ ব্যৱহাৰযোগ্য ৰকেট প্ৰযুক্তিৰ সম্ভাৱনাক অধিক বাস্তৱসন্মত কৰি তুলিছে।

পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ প্ৰৱেশৰ সময়ত সৃষ্টি হোৱা প্ৰচণ্ড উত্তাপৰ মাজেৰে নিৰাপদে পাৰ হৈ অহাৰ পিছত ডাৱৰীয়া আকাশৰ মাজেৰে Starship-খন Starbase উৎক্ষেপণ কেন্দ্ৰৰ দিশে নামি আহে। পৰৱৰ্তী সময়ত Launch Pad 2-ৰ ওপৰত থকা বিশাল যান্ত্ৰিক ‘চপষ্টিক আৰ্মছ’ৰ মাজত অতি নিখুঁতভাৱে অৱতৰণ কৰে মহাকাশযানখন। মহাকাশযানখনক অৱতৰণৰ সময়ত কোনো অৱতৰণ মঞ্চৰ সহায় নোলোৱাকৈ যান্ত্ৰিক বাহুৰে ধৰি ৰখাৰ এই প্ৰযুক্তিগত কৌশল মহাকাশ উদ্যোগৰ বাবে এক বৃহৎ সাফল্য হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে, সম্পূৰ্ণৰূপে পুনৰ ব্যৱহাৰযোগ্য ৰকেট নিৰ্মাণৰ লক্ষ্য মহাকাশ উদ্যোগৰ কেইবা দশকৰ পুৰণি সপোন। এই প্ৰযুক্তি সফল হ’লে মহাকাশ অভিযানৰ ব্যয় যথেষ্ট হ্ৰাস পোৱাৰ লগতে অধিক সঘনাই ৰকেট উৎক্ষেপণ কৰাটো সম্ভৱ হৈ উঠিব।

SpaceXৰ মুখপাত্ৰ ডেন হুওটে এই সফলতাক মহাকাশ যাত্ৰাৰ অন্যতম বৃহৎ প্ৰযুক্তিগত সাফল্য আখ্যা দিয়ে। তেওঁৰ ভাষ্য অনুসৰি, জুইৰ মাজেৰে তীব্ৰ বেগেৰে নামি অহা এখন মহাকাশযানক আকাশমাৰ্গতে ইস্পাতৰ যান্ত্ৰিক বাহুৰে ধৰি ৰখাটো আছিল মহাকাশ যাত্ৰাৰ অন্যতম কঠিন প্ৰত্যাহ্বান।

এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ Starbaseৰ সমীপৱৰ্তী মেক্সিকো উপসাগৰৰ উপকূলত সমবেত হৈছিল অসংখ্য লোক। SpaceXৰ পোনপটীয়া সম্প্ৰচাৰত মহাকাশযানখন দৃশ্যমান হোৱাৰ লগে লগে উল্লাসত ফাটি পৰে উপস্থিত জনতা।

বিশ্বৰ আটাইতকৈ বৃহৎ আৰু শক্তিশালী ৰকেট ব্যৱস্থাটোৰ এয়া আছিল ১৫সংখ্যক পৰীক্ষামূলক উৰণ। এই ২২ ঘণ্টীয়া অভিযানত Starship-খনে পৃথিৱীক ১৪বাৰ প্ৰদক্ষিণ কৰাৰ লগতে ইলন মাস্কৰ Starlink ইণ্টাৰনেট সেৱাৰ বাবে ২৬টা উপগ্ৰহ কক্ষপথত স্থাপন কৰে।

ইয়াৰ পূৰ্বে SpaceX-এ তিনিবাৰকৈ উভতি অহা ৰকেটৰ বুষ্টাৰ সফলতাৰে ধৰি ৰাখিছিল। কিন্তু Starship মহাকাশযানখন অধিক উচ্চতাৰ পৰা আৰু অধিক বেগেৰে নামি অহাৰ বাবে ইয়াক আকাশমাৰ্গতে ধৰি ৰখাটো আছিল তুলনামূলকভাৱে অধিক জটিল প্ৰত্যাহ্বান।

SpaceXৰ এই সফলতাৰ পিছতে ইলন মাস্কে সমগ্ৰ দলটোক অভিনন্দন জনোৱাৰ লগতে যান্ত্ৰিক বাহুৰ মাজত ওলমি থকা মহাকাশযানখনৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ কৰে। মহাকাশযানখনৰ সফল অৱতৰণৰ পিছত মাস্কে ইয়াক ‘দেখিবলৈ সুন্দৰ’ বুলি অভিহিত কৰে।

আনহাতে, Center for Strategic and International Studiesৰ মহাকাশ বিশেষজ্ঞ ক্লেটন ছোৱেপে এই অভিযানক এক বৃহৎ প্ৰযুক্তিগত সাফল্য বুলি অভিহিত কৰিছে। তেওঁৰ মতে, এই সফলতাই সম্পূৰ্ণৰূপে পুনৰ ব্যৱহাৰযোগ্য মহাকাশযান হিচাপে Starship-ৰ ধাৰণাটো বাস্তৱত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা প্ৰমাণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিচেম্বৰতে বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? প্ৰত্যাৱৰ্তনৰ পূৰ্বে ভাৰতৰ দুটা চৰ্ত!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ডিচেম্বৰ মাহতে ঢাকালৈ উভতি...