মাতৃগৃহৰ পৰা উভতি স্বামীগৃহ নাপালে গৈ মিনা দেৱী; কাজিৰঙাৰ ৰঙাজানত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হ’ল কলিয়াবৰৰ চুলুং দলাপানীৰ মিনা দেৱী। কলিয়াবৰ, ২ নং দলাপানীৰ বাসিন্দা মিনা দেৱীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ পৰিছে।
ভাইফোঁটা উপলক্ষে মাতৃগৃহলৈ গৈছিল মিনা দেৱী। জ্যেষ্ঠ ভাতৃক ভাই টিকা লগাই কাজিৰঙাৰ পৰা নিজ গৃহলৈ উভতি আহিছিল মহিল গৰাকী। কিন্তু মহিলাগৰাকীৰ বাবে সেই যাত্ৰাই হ’ল শেষ যাত্ৰা।
কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দ্ৰুতবেগী ট্ৰেভেলাৰ খনতে থিতাতে নিহত হয় মিনা দেৱী। স্বামীগৃহলৈ উভতি নাহিল মিনা দেৱী। এতিয়া তেওঁৰ বাসগৃহত বৈছে দুখৰ বন্যা। এতিয়াও ঘৰ আহি পোৱা নাই মিনা দেৱীৰ নশ্বৰ দেহ।
পৰিয়ালৰ লগতে সমগ্ৰ দলাপানী অঞ্চলত সৃষ্টি হৈছে শোকাকুল পৰিৱেশ।
