কাজিৰঙাৰ ৰঙাজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ, আহতসকলক উন্নত চিকিৎসা প্ৰদানৰ নিৰ্দেশ

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ অসম তেওঁলোকৰ দুখৰ সময়ত কাষত থকাৰ কথা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান চৰকাৰৰ প্ৰধান অগ্ৰাধিকাৰ হৈছে আহতসকলক পলম নকৰাকৈ উন্নত চিকিৎসা প্ৰদান কৰা। মন্ত্ৰী অতুল বৰা ঘটনাস্থলীত উপস্থিত থাকি উদ্ধাৰ আৰু সাহায্য অভিযানৰ ব্যৱস্থা তদাৰক কৰি আছে।

উল্লেখ্য যে, যোৰহাটৰ পৰা আহি থকা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। প্ৰায় ৩৫ গৰাকী যাত্ৰী থকা ট্ৰেভেলাৰখনত কলেজীয়া শিক্ষাৰ্থীও আছিল বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি, ২৩ জন লোক নিহত হৈছে। ইয়াৰে ১১ জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে মৃত্যুৰ সঠিক সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ ইতিহাসৰ ৭টা ভয়ংকৰ পথ দুৰ্ঘটনা

অসমৰ ইতিহাসত কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনাই গভীৰ শোকৰ ছাঁ...

কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহতৰ সংখ্যা ২৩জনলৈ বৃদ্ধি

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ...

কৰ্কট ৰোগৰ ঔষধৰ দামত বৃহৎ সকাহ! ১,৩৬৪বিধ ঔষধৰ দাম হ্ৰাস, দাম কমিল সৰ্বাধিক ৯৬.৪৫ শতাংশলৈ

কৰ্কট ৰোগত আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক...