কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহতৰ সংখ্যা ২৩জনলৈ বৃদ্ধি

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে। এখন কণ্টেইনাৰ ট্ৰাক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহতৰ সংখ্যা ২৩জনলৈ বৃদ্ধি পাইছে।

দুৰ্ঘটনাৰ পিছতে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু ঘটনাস্থলীতে আৰু চিকিৎসালয়লৈ নিয়াৰ পথত কেইবাগৰাকী লোকৰ মৃত্যু হয়। চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, কঁহৰা চিকিৎসালয়ত ১৬টা আৰু বোকাখাত চিকিৎসালয়ত ৭টা মৃতদেহ ৰখা হৈছে।

ইফালে, সংকটজনক অৱস্থাত থকা ১১গৰাকী আহত লোকক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (JMCH) প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাত ট্ৰেভেলাৰখনৰ চালক আব্দুল মুজিদৰো মৃত্যু হৈছে। দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ নম্বৰ AS02 AC6690 আৰু কণ্টেইনাৰখনৰ নম্বৰ KA01 AT0977। প্ৰাথমিক তথ্য অনুসৰি, ট্ৰেভেলাৰখনত কলেজীয়া শিক্ষাৰ্থীসহ প্ৰায় ৩৫গৰাকী যাত্ৰী আছিল বুলি সন্দেহ কৰা হৈছে। নিহতসকলৰ মাজত পুৰুষ-মহিলাৰ লগতে এটি শিশুও আছে।

ইতিমধ্যে দুৰ্ঘটনাত নিহত ছগৰাকী লোকৰ পৰিচয় উদ্ধাৰ হৈছে। নিহতসকলৰ ভিতৰত কঁহৰাৰ আমগুৰিৰ জ্যোতি মাঝি আৰু দৰ্পণা মাঝি আছে। আনহাতে, ৰঙাজানৰ ১২ বছৰীয়া অনুৰাগ গোৱালাৰো মৃত্যু হৈছে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী অতুল বৰা। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ ইতিহাসৰ ৭টা ভয়ংকৰ পথ দুৰ্ঘটনা

অসমৰ ইতিহাসত কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনাই গভীৰ শোকৰ ছাঁ...

কৰ্কট ৰোগৰ ঔষধৰ দামত বৃহৎ সকাহ! ১,৩৬৪বিধ ঔষধৰ দাম হ্ৰাস, দাম কমিল সৰ্বাধিক ৯৬.৪৫ শতাংশলৈ

কৰ্কট ৰোগত আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক...