কৰ্কট ৰোগত আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক বৃহৎ সকাহৰ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশত কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত বহু ঔষধৰ সৰ্বাধিক খুচুৰা মূল্য (MRP) হ্ৰাস কৰা হৈছে। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষ (NPPA)-এ গ্ৰহণ কৰা নতুন সিদ্ধান্ত অনুসৰি, ৯ নৱেম্বৰ ২০২৬ৰ পৰা সংশোধিত মূল্য কাৰ্যকৰী হৈছে। এই পদক্ষেপৰ ফলত ১,৩৬৪বিধ কৰ্কট ৰোগৰ ঔষধৰ মূল্য হ্ৰাস পাইছে।
কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, ৮ নৱেম্বৰলৈকে ৮৫টা ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ১২১বিধ কৰ্কট ৰোগৰ ঔষধৰ ১,৩৬৪টা প্ৰস্তুতিৰ সংশোধিত মূল্য দাখিল কৰিছিল। ইয়াৰে ৬৭৯টা ব্ৰেণ্ডৰ ঔষধৰ দাম ৫০ শতাংশতকৈ অধিক হ্ৰাস পাইছে। আনহাতে, কোনো কোনো ঔষধৰ মূল্য সৰ্বাধিক ৯৬.৪৫ শতাংশ পৰ্যন্ত কমিছে।
এই মূল্য হ্ৰাসৰ ফলত গ্ৰাহকৰ বছৰি প্ৰায় ৩,৫৪০ কোটি টকাৰ সঞ্চয় হ’ব বুলি চৰকাৰে অনুমান কৰিছে।
কিয় হ্ৰাস কৰা হ’ল ঔষধৰ দাম?
কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ১৩৭বিধ নিৰ্ধাৰিত নোহোৱা (Non-Scheduled) ঔষধৰ ক্ষেত্ৰত ঔষধৰ সৰ্বাধিক খুচুৰা মূল্যৰ ওপৰত ব্যৱসায়িক মুনাফাৰ সীমা ৩০ শতাংশ নিৰ্ধাৰণ কৰিছে NPPA-ই। ঔষধৰ উৎপাদক, বিতৰক আৰু খুচুৰা বিক্ৰেতাৰ মাজত অত্যধিক ব্যৱসায়িক মুনাফাৰ ফলত ৰোগীয়ে অধিক মূল্য ভৰিবলগীয়া হোৱাৰ বিষয়টো বিবেচনা কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই ব্যৱস্থাৰ অধীনত ঔষধৰ যোগান শৃংখলত থকা অতিৰিক্ত মুনাফা নিয়ন্ত্ৰণ কৰি ৰোগীৰ বাবে চিকিৎসা অধিক সুলভ কৰাৰ লক্ষ্য লোৱা হৈছে।
কোনবোৰ ঔষধৰ দাম কমিছে?
মূল্য হ্ৰাস পোৱা ঔষধৰ ভিতৰত স্তন, হাওঁফাওঁ, ডিম্বাশয়, জৰায়ুমুখ আৰু প্ৰষ্টেট কেন্সাৰৰ চিকিৎসাত ব্যৱহৃত কেইবাবিধো ঔষধ আছে। উদাহৰণস্বৰূপে—
- Bevacizumab: হাওঁফাওঁ, বৃহদান্ত্ৰ, ডিম্বাশয় আৰু জৰায়ুমুখৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
- Denosumab: স্তন আৰু প্ৰষ্টেট কেন্সাৰৰ ৰোগীৰ হাড়ৰ ক্ষয় ৰোধ কৰাত সহায় কৰে।
- Pegfilgrastim: কৰ্কট ৰোগীৰ চিকিৎসাৰ সময়ত হোৱা নিউট্ৰ’পেনিয়া প্ৰতিৰোধত ব্যৱহাৰ কৰা হয়।
- Abiraterone acetate: প্ৰষ্টেট কেন্সাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
- Palbociclib: স্তন কেন্সাৰৰ চিকিৎসাত ব্যৱহৃত হয়।
চৰকাৰী তালিকাত বিভিন্ন ঔষধৰ পূৰ্বৰ আৰু সংশোধিত মূল্য প্ৰকাশ কৰা হৈছে।
কেনেকৈ জানিব নতুন দাম?
ৰোগী আৰু গ্ৰাহকে ঔষধৰ পেকেটত উল্লেখ কৰা সংশোধিত এমআৰপি পৰীক্ষা কৰিব পাৰিব। ইয়াৰ উপৰি NPPA-ৰ চৰকাৰী ৱেবছাইট আৰু ‘Pharma Sahi Daam’ মোবাইল এপৰ জৰিয়তেও ঔষধৰ নতুন মূল্য জানিব পাৰিব।
কোনো ঔষধৰ দোকান, চিকিৎসালয় বা ফাৰ্মাচীয়ে সংশোধিত এমআৰপিতকৈ অধিক মূল্য আদায় কৰিব নোৱাৰিব। অধিক মূল্য আদায় কৰা বা মূল্য সম্পৰ্কীয় অনিয়মৰ অভিযোগ থাকিলে গ্ৰাহকে ‘Pharma Jan Samadhan’ পৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰে। NPPA-ৰ হেল্পলাইন নম্বৰ হৈছে ১৮০০-১১১-২৫৫।
কৰ্কট ৰোগৰ চিকিৎসা বহু পৰিয়ালৰ বাবে এক বৃহৎ আৰ্থিক বোজা। এনে পৰিস্থিতিত ঔষধৰ মূল্য হ্ৰাসৰ এই পদক্ষেপে ৰোগীসকলক যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে।
