ৰাজ্যৰ উচ্ছেদিত পৰিয়ালসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহক তাৎক্ষণিকভাৱে পুনৰ সংস্থাপন, পুনৰ্বাসন আৰু ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে ন্যায়ালয়ে।
গোৱালপাৰাৰ হাচিলা বিল, কামৰূপ জিলাৰ বঙৰা আৰু নগাঁও জিলাৰ কচুৱাত উচ্ছেদিত হোৱা পৰিয়ালসমূহৰ ক্ষেত্ৰত এই নিৰ্দেশনা জাৰি কৰা হৈছে। উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ্বাসন আৰু ক্ষতিপূৰণৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে।
ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ খণ্ড বিচাৰপীঠে অসম চৰকাৰক অহা ১৬ ডিচেম্বৰৰ পূৰ্বে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উক্ত শপতনামাত উচ্ছেদিত পৰিয়ালসমূহক কেনেদৰে ক্ষতিপূৰণ প্ৰদান কৰা হ’ব আৰু পুনৰ্বাসনৰ ব্যৱস্থা কেনেদৰে কৰা হ’ব, সেই সম্পৰ্কে বিস্তৃত তথ্য দাখিল কৰিব লাগিব।
লগতে, উচ্ছেদিত পৰিয়ালসমূহক মাতি তেওঁলোকৰ সমস্যাসমূহৰ বুজ লোৱাৰ লগতে নতুন আঁচনি আৰু পৰিকল্পনাৰ জৰিয়তে ক্ষতিপূৰণ আৰু পুনৰ্বাসনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হৈছে।
উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছতে উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
