জন্মৰ মাত্ৰ কেইঘণ্টামান পিছতেই মৃত্যু হৈছিল প্ৰথম সন্তানৰ! আত্মজীৱনীত জীৱনৰ আটাইতকৈ বেদনাদায়ক অধ্যায় উন্মোচন ছোনিয়া গান্ধীৰ

কংগ্ৰেছ নেত্ৰী তথা গান্ধী পৰিয়ালৰ বোৱাৰী ছোনিয়া গান্ধীৰ জীৱনৰ এক গভীৰ বেদনাদায়ক অধ্যায় পোহৰলৈ আহিছে। নিজৰ শেহতীয়া আত্মজীৱনী ‘Belonging: A Journey of Love’ত তেওঁ প্ৰথম সন্তানক হেৰুওৱাৰ কৰুণ স্মৃতি ব্যক্ত কৰিছে। ১৯৬৯ চনৰ জানুৱাৰী মাহত ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীৰ প্ৰথম সন্তান হিচাপে জন্মগ্ৰহণ কৰা এটি পুত্ৰ সন্তানৰ জন্মৰ মাত্ৰ কেইঘণ্টামান পিছতেই মৃত্যু হৈছিল। সেই সময়ৰ মানসিক যন্ত্ৰণা, স্বামী ৰাজীৱ গান্ধীৰ কান্দোন, শাহুৱেক ইন্দিৰা গান্ধীৰ সঁহাৰি আৰু নৱজাতকটোৰ শেষকৃত্যক লৈ পৰিয়ালটোৱে গ্ৰহণ কৰা কঠিন সিদ্ধান্তৰ কথা আত্মজীৱনীখনত বৰ্ণনা কৰিছে ছোনিয়াই।

ছোনিয়া গান্ধীৰ আত্মজীৱনী অনুসৰি, ১৯৬৯ চনৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে মাতৃত্বৰ সুখ অনুভৱ কৰিবলৈ ওলাইছিল তেওঁ। সেই খবৰ পাই গান্ধী পৰিয়ালতো আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছিল। সাধাৰণতে নিজৰ আৱেগ সহজে প্ৰকাশ নকৰা ইন্দিৰা গান্ধীয়েও বোৱাৰীৰ গৰ্ভধাৰণৰ খবৰ শুনি অত্যন্ত আনন্দিত হৈছিল আৰু তেওঁক সাৱটি ধৰিছিল।

কিন্তু সেই আনন্দ বেছি দিন স্থায়ী নহ’ল। সন্তান জন্ম দিয়াৰ নিৰ্ধাৰিত সময়ৰ প্ৰায় দুমাহ পূৰ্বেই ছোনিয়াৰ প্ৰসৱ বেদনা আৰম্ভ হয়। ১৯৬৯ চনৰ ১৮ জানুৱাৰীত তেওঁ এটি পুত্ৰ সন্তান জন্ম দিয়ে। সময়ৰ পূৰ্বে জন্ম হোৱাৰ পাছতো শিশুটি দেখাত সুস্থ আৰু সুন্দৰ আছিল।

ছোনিয়াই লিখিছে যে শিশুটিক ইনকিউবেটৰত ৰখাৰ সময়ত তেওঁ প্ৰথম কান্দোনৰ শব্দ শুনিছিল। পিছত ৰাজীৱ গান্ধীয়ে তেওঁক শিশুটিৰ ওচৰলৈ লৈ গৈছিল। ঘন ক’লা চুলি আৰু দীঘল, চিকুণ আঙুলিৰে শিশুটিৰ ৰূপ দেখি দুয়ো অভিভূত হৈ পৰিছিল।

ছোনিয়াৰ ভাষাত, প্ৰথম দেখাৰ মুহূৰ্ততে তেওঁলোক দুয়ো সন্তানটিক গভীৰভাৱে ভাল পাই পেলাইছিল।

কিন্তু সন্তান জন্মৰ আনন্দ ক্ষণস্থায়ী হৈ পৰিল। চিকিৎসকসকলে আগতেই ৰাজীৱ গান্ধীক শিশুটিৰ জীৱনক লৈ অনিশ্চয়তাৰ কথা জনাইছিল। জন্মৰ পিছত মাত্ৰ কেইঘণ্টামানহে জীয়াই থাকিল নৱজাতকটি। পিছদিনা পুৱা তেওঁলোকক সন্তানটিৰ মৃত্যুৰ খবৰ দিয়া হয়।

এই খবৰ শুনি ছোনিয়া গান্ধীয়ে নিজকে চম্ভালিব পৰা নাছিল। বাৰে বাৰে তেওঁ প্ৰশ্ন কৰিছিল—এয়া কেনেকৈ সম্ভৱ হ’ল? কিয় এনে হ’ল? তেওঁ আৰু ৰাজীৱ দুয়ো গভীৰ শোকত ভাগি পৰিছিল।

ছোনিয়াৰ বৰ্ণনা অনুসৰি, সাধাৰণতে নিজৰ আৱেগ প্ৰকাশ নকৰা ৰাজীৱ গান্ধীয়েও সেইদিনা নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। পত্নীৰ কাষতে বহি তেওঁ হুকহুকাই কান্দি উঠিছিল।

সেই সময়ত ইন্দিৰা গান্ধী চৰকাৰী ভ্ৰমণত আছিল। নাতিৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁ নিজৰ ভ্ৰমণসূচী আধাতে সামৰি চিকিৎসালয়লৈ উভতি আহিছিল। শোকত ভাগি পৰা পুত্ৰ আৰু বোৱাৰীক সাৱটি ধৰিছিল ইন্দিৰাই। তেওঁৰ চকু দুটাও কান্দি কান্দি ৰঙা আৰু ফুলি পৰিছিল। কিছু সময় তেওঁ শোকাকুল দম্পতীহালৰ কাষত বহি থকাৰ পাছতহে চৰকাৰী কাম-কাজৰ বাবে উভতি যাবলগীয়া হৈছিল।

নৱজাতকটিৰ মৃত্যুৰ পাছত পৰিয়ালটোৰ সন্মুখত আন এক কঠিন প্ৰশ্ন আহি পৰিছিল—শিশুটিৰ শেষকৃত্য কেনেদৰে সম্পন্ন কৰা হ’ব?

ছোনিয়া গান্ধীয়ে লিখিছে যে সেই সময়ত তেওঁক জনোৱা হৈছিল, পৰম্পৰাগত হিন্দু ৰীতি অনুসৰি নৱজাতক শিশুৰ মৃতদেহ দাহ কৰাৰ পৰিৱৰ্তে নদীত উটুৱাই দিয়াৰ প্ৰথা আছে। কিন্তু এই কথা শুনি তেওঁ শিহৰিত হৈ পৰিছিল।

তেওঁ কোনো কাৰণতে নিজৰ সন্তানৰ মৃতদেহ নদীত উটুৱাই দিবলৈ মান্তি হোৱা নাছিল। ইয়াৰ আঁৰত আছিল তেওঁৰ মনত ৰৈ যোৱা এটা পুৰণি ভয়ংকৰ স্মৃতি। দিল্লীৰ ওখলা বেৰেজৰ ওচৰত পানীত আবদ্ধ হৈ থকা এটা মৃতদেহ তেওঁ এবাৰ দেখিছিল। সেই দৃশ্যই তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল।

সেয়েহে তেওঁ স্পষ্টকৈ জনাইছিল যে কোনো কাৰণতে সন্তানটিক নদীত উটুৱাই দিবলৈ নিদিয়ে। অৱশেষত পৰিয়ালটোৱে দক্ষিণ দিল্লীৰ মেহৰৌলীত থকা ফিৰোজ গান্ধীৰ ফাৰ্মহাউছত শিশুটিৰ সমাধিস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাজীৱ গান্ধী আৰু তেওঁৰ ভাতৃ সঞ্জয় গান্ধীয়ে ফাৰ্মহাউছটোৰ এজোপা গুলপীয়া বুগেইনভিলিয়া ফুলৰ গছৰ তলত শিশুটিক সমাধিস্থ কৰে।

সন্তানক হেৰুওৱাৰ বেদনা ছোনিয়া আৰু ৰাজীৱৰ মনৰ পৰা সহজে আঁতৰি যোৱা নাছিল। আত্মজীৱনীত ছোনিয়াই লিখিছে যে বহু দিনলৈ তেওঁলোকে যেতিয়াই মেহৰৌলীৰ সেই ফাৰ্মহাউছলৈ গৈছিল, তেতিয়াই শিশুটিৰ সমাধিস্থলৰ ওচৰত কিছু সময় ৰৈ এপাহ ফুল আগবঢ়াইছিল।

এই ঘটনাই ছোনিয়াৰ মনত গভীৰ আঘাত দিছিল। কেইবামাহ ধৰি তেওঁ শোক আৰু অপৰাধবোধৰ দৰে মানসিক যন্ত্ৰণাৰ সৈতে যুঁজিবলগীয়া হৈছিল। মাতৃত্বৰ প্ৰথম অভিজ্ঞতাই এনেদৰে কৰুণ পৰিণতি লাভ কৰাত তেওঁ মানসিকভাৱে ভাগি পৰিছিল।

আত্মজীৱনীত ছোনিয়া গান্ধীয়ে আন এক অত্যন্ত সংবেদনশীল ঘটনাৰ কথাও উল্লেখ কৰিছে। তেওঁৰ প্ৰথম সন্তানৰ মৃত্যুৰ পাছত এটা দক্ষিণপন্থী প্ৰকাশনে শিশুটিৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি আক্ৰমণাত্মক লেখা প্ৰকাশ কৰিছিল।

ছোনিয়াৰ মতে, সেই লেখাৰ বিষাক্ত শব্দই তেওঁৰ হৃদয়ত গভীৰ ক্ষত সৃষ্টি কৰিছিল। জীৱনৰ আটাইতকৈ বেদনাদায়ক সময়ছোৱাত এনে আক্ৰমণৰ সন্মুখীন হোৱাটো তেওঁৰ বাবে আছিল অসহনীয়। মানুহ ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰে বুলিও তেওঁ আত্মজীৱনীত প্ৰশ্ন উত্থাপন কৰিছে।

প্ৰথম সন্তানক হেৰুওৱাৰ পাছত একেটা বছৰতে পুনৰ গৰ্ভৱতী হৈছিল ছোনিয়া গান্ধী। কিন্তু পূৰ্বৰ অভিজ্ঞতাই পৰিয়ালটোক আনন্দতকৈ অধিক উদ্বিগ্ন কৰি তুলিছিল। সন্তানৰ সুস্থতা আৰু নিৰাপত্তাক লৈ তেওঁলোকৰ মনত স্বাভাৱিকতেই আশংকা আছিল।

অৱশেষত ১৯৭০ চনৰ ১৯ জুনত জন্মগ্ৰহণ কৰে ৰাহুল গান্ধীয়ে। প্ৰথম সন্তানক হেৰুওৱাৰ প্ৰায় ডেৰ বছৰৰ পাছত পৰিয়ালটোলৈ পুনৰ আহিছিল নতুন সদস্য।

উল্লেখযোগ্য যে ‘Belonging: A Journey of Love’ নামৰ আত্মজীৱনীখনত ছোনিয়া গান্ধীয়ে ৰাজনৈতিক জীৱনৰ বহু চৰ্চিত ঘটনাৰ লগতে ব্যক্তিগত জীৱনৰ এনে বহু অজানা অধ্যায়ো উন্মোচন কৰিছে। ৰাজনীতিৰ পৰা আঁতৰত থকা তেওঁৰ মাতৃত্ব, পাৰিবাৰিক সম্পৰ্ক, দুখ-বেদনা আৰু জীৱনৰ কঠিন অভিজ্ঞতাসমূহে গ্ৰন্থখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১৯৮৭ চনৰ ‘ৰামায়ণ’ ধাৰাবাহিকৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰ আন্দোলনলৈ, কেনেকৈ সলনি হৈছিল ভাৰতৰ ৰাজনীতি?

১৯৮৭ চনত দূৰদৰ্শনত সম্প্ৰচাৰ আৰম্ভ হোৱা ‘ৰামায়ণ’ ধাৰাবাহিকখন কেৱল...

পাৰস্য উপসাগৰত আক্ৰমণৰ সন্মুখীন হোৱা ৬গৰাকী ভাৰতীয় নাবিক সুৰক্ষিত : সৰ্বানন্দ সোণোৱাল

পাৰস্য উপসাগৰত কালি প্ৰজেক্টাইলৰ আক্ৰমণৰ সন্মুখীন হোৱা লাইবেৰিয়াৰ পতাকাবাহী...

১০ বছৰৰ ভিতৰতে ইতিহাসলৈ পৰিণত হ’ব কৰ্কট আৰু হৃদৰোগ

কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায়ত অহা ৫ৰ পৰা ১০ বছৰৰ...