মঙলবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে দিলে নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে গা লৰিছে বিভাগীয় কৰ্তৃপক্ষৰ। পূৰবী ডেইৰীৰ প্লাণ্টত উপস্থিত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিষয়া। লগতে উপস্থিত খাদ্য সুৰক্ষা বিভাগৰ বিষয়া।
উদ্যোগটোৰ পৰা নিৰ্গত দুৰ্গন্ধত অস্বস্তিত পৰিছিল স্থানীয় ৰাইজ। বন্ধ হৈ পৰিছিল কেইবাখনো শিক্ষানুষ্ঠানৰ পাঠদান। বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ।
