‘ফটকা ফুটালে নিৰাময় হয় বহু ৰোগ!’ বিজেপি বিধায়িকাৰ মন্তব্যক লৈ পশ্চিমবংগত বিতৰ্ক

কালীপূজা আৰু দেৱালীৰ সময়ত উচ্চ শব্দৰ ফটকা ফুটোৱাক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বিশেষ বাৰ্তা দিয়াৰ কেইদিনমান পিছতে তেওঁৰ দলৰ এগৰাকী বিধায়িকাৰ বিতৰ্কিত মন্তব্যই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ফটকা ফুটালে বহু ৰোগ নিৰাময় হয় বুলি দাবী কৰিছে কলকাতাৰ টালিগঞ্জ বিধানসভা সমষ্টিৰ বিজেপি বিধায়িকা পাপিয়া অধিকাৰীয়ে।

নিজৰ সমষ্টিৰ এখন কালীপূজা মণ্ডপৰ প্ৰতিমা উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ বিধায়িকাগৰাকীয়ে এই মন্তব্য কৰে। ভাষণ প্ৰদান কৰি তেওঁ কয়, “আমি ফটকা ফুটাম। আপোনালোকে দেখিব, ফটকাই বহু ৰোগ নিৰাময় কৰে।”

ইয়াৰ উপৰি তেওঁ কয়, “আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে কালীপূজাৰ সময়ত ফটকা ফুটোৱাৰ কথা কৈছে। অৱশ্যে চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম-নীতি আৰু নিষেধাজ্ঞা মানি চলিহে ফটকা ফুটাব লাগিব। সংশ্লিষ্ট আৰক্ষী থানাই নিৰ্ধাৰণ কৰা নিৰ্দেশনা অনুসৰিহে ফটকা ব্যৱহাৰ কৰিব লাগে। কিন্তু এয়া সত্য যে ফটকাই বহু ৰোগ নিৰাময় কৰিব পাৰে।”

উল্লেখ্য যে বিধায়িকাগৰাকীয়ে ভাষণ দি থকাৰ সময়তো অনুষ্ঠানস্থলীত ফটকা ফুটোৱা পৰিলক্ষিত হয়।

আনহাতে, মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বিগত কেইদিনমান ধৰি কলকাতা আৰু ৰাজ্যখনৰ বিভিন্ন জিলাৰ কালীপূজাৰ প্ৰতিমা উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজক শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই আহিছে। লগতে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সেউজ আৰু পৰিৱেশ অনুকূল ফটকা ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিছে।

মুখ্যমন্ত্ৰীৰ এনে আহ্বানৰ মাজতে বিজেপি বিধায়িকা পাপিয়া অধিকাৰীৰ ‘ফটকা ফুটালে ৰোগ নিৰাময় হয়’ শীৰ্ষক মন্তব্যই এতিয়া পশ্চিমবংগৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰু বিতৰ্কৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ বছৰীয়া অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি, জীনা বৈশ্য হত্যাকাণ্ডৰ অভিযুক্ত প্ৰদীপ টায়ক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ খানাপাৰাত সংঘটিত জীনা বৈশ্য হত্যাকাণ্ডৰ মূল অভিযুক্তক...