মধ্যপ্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ড, একেটা পৰিয়ালৰ ৬জন সদস্যৰ মৃত্যু

মধ্যপ্ৰদেশত দীপাৱলীৰ পিছদিনাই সংঘটিত দুটাকৈ অগ্নিকাণ্ডত মুঠ ৭জন লোকৰ মৃত্যু। সোমবাৰে পুৱতি নিশা ছেওনী জিলাৰ চাপাৰা চহৰৰ মহাবীৰ ৱাৰ্ডত এটা তিনি মহলীয়া বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৬জন সদস্যৰ মৃত্যু হোৱাৰ লগতে আন ৪জন আহত হয়।

নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু এগৰাকী নাবালকো আছে। নিহতসকলক কুণ্ডন লাল সোণী (৭৫), তেওঁৰ পত্নী ৰাজকুমাৰী সোণী (৬৫), ৰীতু সোণী (৪২), স্মৃতি সোণী (৪০), সূৰ্য সোণী (৪৫) আৰু আদিত্য সোণী (১৬) বুলি চিনাক্ত কৰা হৈছে। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

আনহাতে, দীপাৱলীৰ নিশা উজ্জয়িনীৰ নাগঝিৰি অঞ্চলত সংঘটিত আন এক ভয়ংকৰ অগ্নিকাণ্ডত ১০৭ বছৰীয়া এগৰাকী বৃদ্ধৰ মৃত্যু হয়। দুমহলীয়া অট্টালিকাৰ তলৰ দুখন দোকানত জুইৰ সূত্ৰপাত হোৱাৰ ফলত ওপৰৰ মহলাত থকা এটা পৰিয়ালৰ ১০জন সদস্য আৱদ্ধ হৈ পৰে। স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ তৎপৰতাত ১০জনকে উদ্ধাৰ কৰা হয় যদিও ধোঁৱাত উশাহ লোৱাত অসুবিধা পোৱা বৃদ্ধ মোহনলালৰ চিকিৎসালয়ত মৃত্যু হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ বছৰীয়া অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি, জীনা বৈশ্য হত্যাকাণ্ডৰ অভিযুক্ত প্ৰদীপ টায়ক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ খানাপাৰাত সংঘটিত জীনা বৈশ্য হত্যাকাণ্ডৰ মূল অভিযুক্তক...