ষ্টাৰ্টআপৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত ভাৰত, ২৩ লাখৰো অধিক লোকৰ কৰ্মসংস্থাপন সৃষ্টি

ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ হিচাপে পৰিগণিত হৈছে। আজি ৰাষ্ট্ৰীয় উদ্যোগশীলতা দিৱস উপলক্ষে দেশৰ উদ্যোগশীলতাৰ বিকাশ, যুৱ প্ৰজন্মৰ অৱদান আৰু অৰ্থনৈতিক উন্নয়নত ষ্টাৰ্টআপসমূহৰ ভূমিকা বিশেষভাৱে চৰ্চালৈ আহিছে। উল্লেখ্য যে, ২০১৪ চনৰ আজিৰ দিনটোতে দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰালয় প্ৰতিষ্ঠা কৰা হৈছিল।

উদ্যোগ প্ৰসাৰ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগৰ (DPIIT) স্বীকৃতিপ্ৰাপ্ত ২.৬২ লাখৰো অধিক ষ্টাৰ্টআপেৰে ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ হিচাপে নিজৰ স্থান সুদৃঢ় কৰিছে। এই ষ্টাৰ্টআপসমূহে দেশত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে যুৱ প্ৰজন্মৰ বাবে আত্মনিয়োগ আৰু উদ্যোগ স্থাপনৰ নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।

দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে দেশৰ ষ্টাৰ্টআপসমূহে ২৩ লাখৰো অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আনহাতে, ২০২৫-২৬ বিত্তীয় বৰ্ষত চৰকাৰে ৫৫,২০০ৰো অধিক ষ্টাৰ্টআপক স্বীকৃতি প্ৰদান কৰিছে। ২০১৬ চনৰ পৰা বৰ্তমানলৈকে এটা বিত্তীয় বৰ্ষত স্বীকৃতি লাভ কৰা ষ্টাৰ্টআপৰ এয়া সৰ্বাধিক সংখ্যা। ইয়াৰ উপৰি, দেশৰ ১ লাখৰো অধিক স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপত কমেও এগৰাকী মহিলা সঞ্চালক অথবা অংশীদাৰ আছে।

উল্লেখ্য যে, বিগত এটা দশকত দেশৰ যুৱ প্ৰজন্মই কেৱল চৰকাৰী আঁচনিৰ হিতাধিকাৰী হিচাপে সীমাবদ্ধ নাথাকি ৰাষ্ট্ৰীয় উন্নয়নৰ সক্ৰিয় অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। উদ্যোগশীলতাৰ প্ৰতি যুৱ প্ৰজন্মৰ বৰ্ধিত আগ্ৰহে দেশৰ অৰ্থনীতি আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰখনত নতুন গতি প্ৰদান কৰিছে।

ইয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে ষ্টাৰ্টআপ ইণ্ডিয়া, অটল ইন’ভেচন মিছন, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ষ্টাৰ্টআপ হাব, TIDE 2.0 আঁচনি, উদ্ভাৱনীমূলক ষ্টাৰ্টআপৰ বাবে জেন-নেক্সট ছাপ’ৰ্ট, নেচনেল ইনিচিয়েটিভ ফৰ ডেভেলপিং এণ্ড হাৰ্নেছিং ইন’ভেচনছ, প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী আৰু স্বাৱলম্বিনী আঁচনিৰ জৰিয়তে উদ্যোগ স্থাপনৰ বাবে বিভিন্ন সুবিধা আগবঢ়াই আহিছে।

এই আঁচনি আৰু পদক্ষেপসমূহে উদ্ভাৱনীমূলক চিন্তাধাৰাক উৎসাহিত কৰাৰ লগতে সহজে বিত্তীয় সাহায্য লাভ, ডিজিটেল সুবিধা, প্ৰশিক্ষণ, পৰামৰ্শ আৰু উদ্যোগ স্থাপনৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে। চৰকাৰৰ এনে প্ৰচেষ্টাৰ ফলত দেশত উদ্যোগশীলতাৰ পৰিৱেশ অধিক শক্তিশালী হোৱাৰ লগতে উদ্ভাৱনভিত্তিক উদ্যোগৰ জৰিয়তে দীৰ্ঘম্যাদী, বহনক্ষম আৰু সৰ্বাংগীণ উন্নয়নৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ বছৰীয়া অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি, জীনা বৈশ্য হত্যাকাণ্ডৰ অভিযুক্ত প্ৰদীপ টায়ক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ খানাপাৰাত সংঘটিত জীনা বৈশ্য হত্যাকাণ্ডৰ মূল অভিযুক্তক...