জেন জি প্ৰজন্মক লক্ষ্য কৰি আৰ এছ এছৰ নতুন পৰিকল্পনা, গঠন কৰিব ‘ৰাষ্ট্ৰভক্ত জেন জি বাহিনী’

সামাজিক মাধ্যমত নজৰদাৰী আৰু দেশপ্ৰেমমূলক বক্তব্য প্ৰচাৰৰ বাবেও পৃথক বাহিনী গঠনৰ সিদ্ধান্ত

নতুন প্ৰজন্মৰ মাজত নিজৰ প্ৰভাৱ বিস্তাৰ আৰু জেন জি (Gen Z) যুৱক-যুৱতীসকলৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নতুন বাহিনী গঠনৰ পৰিকল্পনা কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)-এ। এই নতুন বাহিনীটোৰ নাম দিয়া হৈছে ‘ৰাষ্ট্ৰভক্ত জেন জি বাহিনী’।

শেহতীয়াকৈ মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত সংঘ পৰিয়ালৰ শীৰ্ষ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে সামাজিক মাধ্যমত নিৰন্তৰ নজৰদাৰী চলোৱা আৰু দেশপ্ৰেমমূলক বক্তব্য তথা ধাৰণা প্ৰচাৰৰ উদ্দেশ্যে আন এটা পৃথক বাহিনী গঠনৰ পৰিকল্পনাও কৰা হৈছে।

উল্লেখ্য যে, নিট (NEET) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ-মন্তৰত জেন জি প্ৰজন্মৰ নেতৃত্বত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত হৈছিল। একেদৰে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)ৰ বিৰুদ্ধেও নতুন প্ৰজন্মৰ এটা অংশই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই প্ৰতিবাদী কাৰ্যসূচীসমূহে শাসকীয় পক্ষৰ ওপৰত ৰাজনৈতিক চাপ সৃষ্টি কৰা বুলি চৰ্চা চলিছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, নতুন প্ৰজন্মৰ মাজত গঢ় লৈ উঠা প্ৰতিবাদী মঞ্চসমূহৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু জনপ্ৰিয়তাই বিজেপি তথা কেন্দ্ৰীয় চৰকাৰৰ বাবে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত জেন জি প্ৰজন্মৰ সৈতে অধিক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ কৌশল গ্ৰহণ কৰিছে আৰ এছ এছ-এ।

সংঘৰ মুৰব্বী মোহন ভাগৱতে এই সন্দৰ্ভত কয় যে নতুন প্ৰজন্মৰ সৈতে নিৰন্তৰ যোগাযোগ স্থাপন কৰাটো অত্যন্ত জৰুৰী। তেওঁলোকৰ ভাষা, আচাৰ-ব্যৱহাৰ আৰু চিন্তা-চৰ্চাৰ সৈতে সংঘৰ সদস্যসকল পৰিচিত হ’ব লাগিব।

ভাগৱতে লগতে স্পষ্ট কৰি দিয়ে যে জেন জি প্ৰজন্মৰ প্ৰতিবাদকাৰীসকলৰ সৈতে সংঘাতত লিপ্ত হোৱাটো এই পদক্ষেপৰ উদ্দেশ্য নহয়। বৰঞ্চ সংঘাতৰ পৰিৱৰ্তে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ পথ বাছি লোৱা উচিত। তেওঁৰ মতে, প্ৰশ্ন কৰা আৰু প্ৰতিবাদ সাব্যস্ত কৰাটো শিক্ষাৰ্থীসকলৰ গণতান্ত্ৰিক অধিকাৰ। সেয়েহে প্ৰতিবাদী যুৱক-যুৱতীসকলক ‘দেশবিৰোধী’ আখ্যা দিয়াটো উচিত নহয়।

নতুন প্ৰজন্মৰ প্ৰশংসা কৰি ভাগৱতে কয় যে জেন জি প্ৰজন্মই প্ৰতিটো বিষয়ৰ যুক্তিসংগত ব্যাখ্যা বিচাৰে আৰু পাৰস্পৰিক সন্মান তথা আন্তৰিকতাক গুৰুত্ব দিয়ে। বৰ্তমানৰ জ্যেষ্ঠ প্ৰজন্মৰ তুলনাত তেওঁলোক অধিক সৎ বুলিও মন্তব্য কৰে তেওঁ। লগতে এই প্ৰজন্মৰ মাজত সেৱাৰ মনোভাৱ আৰু দেশপ্ৰেমৰ অনুভূতি যথেষ্ট প্ৰবল বুলি উল্লেখ কৰে।

দেশৰ শিক্ষা ব্যৱস্থা আৰু সামাজিক গাঁথনিৰ প্ৰতি জেন জি প্ৰজন্মৰ মাজত থকা অসন্তুষ্টিকো যুক্তিসংগত বুলি অভিহিত কৰে সংঘৰ মুৰব্বীগৰাকীয়ে। তেওঁৰ মতে, এনে ক্ষোভক উপেক্ষা কৰাৰ পৰিৱৰ্তে গঠনমূলক আলোচনাৰ মাধ্যমেৰে ঐকমত্য গঢ়ি তোলাৰ প্ৰয়োজন।

ইপিনে, ৰাজনৈতিক বিশ্লেষকৰ একাংশৰ মতে, জেন জি প্ৰতিবাদী মঞ্চসমূহৰ সমান্তৰালভাৱে আৰ এছ এছে নিজৰ নেতৃত্ব আৰু নিয়ন্ত্ৰণত এক নতুন যুৱ প্ৰজন্ম গঢ়ি তুলিব বিচাৰিছে। এই বাহিনীয়ে সামাজিক আৰু ৰাজনৈতিক বিষয়ত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে চৰকাৰৰ নীতিৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে।

সংঘৰ শতবৰ্ষৰ সময়তে জেন জি প্ৰজন্মক লক্ষ্য কৰি গ্ৰহণ কৰা এই নতুন পদক্ষেপে দেশৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত কেনে প্ৰভাৱ পেলায়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ বছৰীয়া অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি, জীনা বৈশ্য হত্যাকাণ্ডৰ অভিযুক্ত প্ৰদীপ টায়ক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ খানাপাৰাত সংঘটিত জীনা বৈশ্য হত্যাকাণ্ডৰ মূল অভিযুক্তক...