শুই থাকিয়েই ৯.৬ লাখ টকা উপাৰ্জন! মুম্বাইৰ জিনিয়া চেটাৰ্জী হ’ল ভাৰতৰ ‘স্লিপ চেম্পিয়ন’

নিশ্চিন্তে শুই থাকিয়েই উপাৰ্জন কৰিলে ৯.৬ লাখ টকা। শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা। মুম্বাইৰ এগৰাকী মহিলা জিনিয়া চেটাৰ্জীয়ে ৬০ দিনীয়া এক বিশেষ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লাভ কৰিলে ৯.৬ লাখ টকাৰ পুৰস্কাৰ। ইয়াৰ উপৰি কোম্পানীটোৰ ফালৰ পৰা লাভ কৰিলে বিনামূলীয়া ভ্ৰমণৰ সুবিধা। ‘ৱেকফিট’ (Wakefit) নামৰ এটা প্ৰতিষ্ঠানে আয়োজন কৰা ‘স্লিপ ইণ্টাৰ্নশ্বিপ’ৰ পঞ্চম সংস্কৰণত বিজয়ী হৈ তেওঁ ভাৰতৰ ‘স্লিপ চেম্পিয়ন’ৰ খিতাপ অৰ্জন কৰে।

এই ব্যতিক্ৰমী প্ৰতিযোগিতাখনত সমগ্ৰ দেশৰ পৰা দুই লাখতকৈও অধিক লোকে আবেদন কৰিছিল। কিন্তু কেইবাটাও পৰ্যায়ৰ বাছনি আৰু ব্যক্তিগত সাক্ষাৎকাৰৰ অন্তত মাত্ৰ ১০গৰাকী প্ৰতিযোগীকহে চূড়ান্তভাৱে নিৰ্বাচন কৰা হৈছিল। তেওঁলোকে প্ৰায় ৬০ দিন ধৰি নিজৰ টোপনিৰ অভ্যাস আৰু মানদণ্ড উন্নত কৰাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

কেৱল শুই থাকিলেই নহয়, পূৰণ কৰিবলগীয়া হৈছিল বিভিন্ন চৰ্ত

ৱেকফিটৰ এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য আছিল মানুহৰ মাজত পৰ্যাপ্ত আৰু উন্নত মানৰ টোপনিৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা। প্ৰতিযোগীসকলক প্ৰতিদিনে নিৰ্দিষ্ট সময়ত শুবলৈ, নিয়মীয়া টোপনিৰ অভ্যাস বজাই ৰাখিবলৈ আৰু প্ৰায় ৯ ঘণ্টা টোপনিৰ লক্ষ্য পূৰণ কৰিবলৈ কোৱা হৈছিল।

প্ৰতিযোগীসকলক টোপনিৰ মানদণ্ড নিৰীক্ষণ কৰিবলৈ বিশেষ ট্ৰেকাৰো প্ৰদান কৰা হৈছিল। ইয়াৰ জৰিয়তে তেওঁলোকৰ টোপনিৰ সময়, নিয়মীয়তা আৰু মানদণ্ডৰ ওপৰত নজৰ ৰখা হৈছিল। প্ৰতিদিনৰ প্ৰদৰ্শনৰ ভিত্তিত নম্বৰ দিয়া হৈছিল আৰু সেই অনুসৰি এখন তালিকা প্ৰস্তুত কৰা হৈছিল।

অৱশ্যে প্ৰতিযোগিতাখন কেৱল টোপনিৰ ওপৰতেই সীমাবদ্ধ নাছিল। প্ৰতিযোগীসকলৰ সৃষ্টিশীলতা আৰু বুদ্ধিমত্তা পৰীক্ষা কৰিবলৈ প্ৰতিটো সপ্তাহতে বিভিন্ন আমোদজনক কামো দিয়া হৈছিল।

চিনেমাৰ দৃশ্যৰ পৰা ‘ব্লেংকেট-পিল’ মিছনলৈ

প্ৰতিযোগিতাখনত কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচী আছিল। ইয়াৰ ভিতৰত অন্যতম আছিল ‘স্লিপ চিনেমা’। এই কাৰ্যসূচীত প্ৰতিযোগীসকলে জনপ্ৰিয় চিনেমাৰ বিভিন্ন দৃশ্যক টোপনিৰ সৈতে সংগতি ৰাখি নতুন ধৰণে উপস্থাপন কৰিব লাগিছিল।

আন এটা কাৰ্যসূচী আছিল ‘স্লিপ বিংগো’। ইয়াত প্ৰতিযোগীসকলে এসপ্তাহ ধৰি নিজৰ টোপনিৰ অভ্যাসৰ ওপৰত নজৰ ৰাখি তাৰ মূল্যায়ন কৰিব লাগিছিল।

আটাইতকৈ আমোদজনক কাৰ্যসূচীটো আছিল ‘আণ্ডাৰকাভাৰ স্লিপ মিছন’। এই কাৰ্যসূচীত সাধাৰণ কথোপকথনৰ মাজতে আনজন ব্যক্তিয়ে গম নোপোৱাকৈ ‘ব্লেংকেট’ অথবা ‘পিল’—এই দুটা শব্দৰ যিকোনো এটা ১০বাৰ ব্যৱহাৰ কৰিব লাগিছিল।

প্ৰতিটো সপ্তাহত সৰ্বোত্তম প্ৰদৰ্শন কৰা প্ৰতিযোগীক ‘প্ৰ’ স্লিপাৰ অৱ দ্য উইক’ৰ খিতাপ প্ৰদান কৰা হৈছিল।

চূড়ান্ত প্ৰতিযোগিতাত চাৰিগৰাকী প্ৰতিযোগী

প্ৰায় দুমাহৰ প্ৰতিযোগিতাৰ অন্তত জিনিয়া চেটাৰ্জী, ৰত্নাগিৰি মণিকন্দন আৰু মেহেক খোটে শীৰ্ষ তিনিটা স্থান লাভ কৰে। আনহাতে, হায়দৰাবাদৰ কৰিম খানে সাপ্তাহিক সৃষ্টিশীল কাৰ্যসূচীত সৰ্বাধিক সফলতা লাভ কৰাৰ বাবে ৱাইল্ড কাৰ্ডৰ জৰিয়তে চূড়ান্ত প্ৰতিযোগিতাত প্ৰৱেশৰ সুযোগ লাভ কৰে।

ফলত চূড়ান্ত প্ৰতিযোগিতাত মুঠ চাৰিগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই অন্তিম পৰ্যায়টোৰ নাম দিয়া হৈছিল ‘বিগ বেড’ (Big Bedd)। ইয়াত প্ৰতিযোগীসকলৰ বাবে দুটা বিশেষ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছিল।

কেনেদৰে নিৰ্ধাৰণ কৰা হ’ল বিজয়ী?

চূড়ান্ত প্ৰতিযোগিতাৰ প্ৰথম কাৰ্যসূচী আছিল ‘মেম’ৰি ফ’ম চেলেঞ্জ’। ইয়াত প্ৰতিযোগীসকলক এখন শোৱনি কোঠাৰ কেইখনমান ছবি দেখুওৱা হৈছিল। সেই ছবিবোৰৰ আৰ্হি অনুসৰি তেওঁলোকে একেধৰণৰ শোৱনি কোঠা প্ৰস্তুত কৰিব লাগিছিল। ইয়াৰ জৰিয়তে তেওঁলোকৰ স্মৃতিশক্তি, পৰ্যবেক্ষণ ক্ষমতা আৰু দলীয় কামৰ দক্ষতা পৰীক্ষা কৰা হৈছিল।

দ্বিতীয় কাৰ্যসূচী আছিল ‘স্লিপ অকশ্যন’। ইয়াত প্ৰতিযোগীসকলে উন্নত টোপনিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যেনে গাৰু, কম্বল, শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থা, পোহৰ আৰু শব্দ নিয়ন্ত্ৰণৰ সুবিধা লাভ কৰিবলৈ নিলামত অংশগ্ৰহণ কৰিব লাগিছিল।

এই কাৰ্যসূচীসমূহ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰতিযোগীসকলে নিজৰ পছন্দ অনুসৰি প্ৰস্তুত কৰা শোৱনি কোঠাত অন্তিম নিশাটো কটায়। সেই নিশাৰ টোপনিৰ স্ক’ৰৰ ভিত্তিতেই বিজয়ী নিৰ্বাচন কৰা হয়। অৱশেষত সকলোকে পিছ পেলাই জিনিয়া চেটাৰ্জীয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰে।

২০১৯ চনত আৰম্ভ হৈছিল এই বিশেষ প্ৰতিযোগিতা

উল্লেখযোগ্য যে ২০১৯ চনত ৱেকফিটে প্ৰথমবাৰৰ বাবে ‘স্লিপ ইণ্টাৰ্নশ্বিপ’ৰ আয়োজন কৰিছিল। প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি, প্ৰথম চাৰিটা সংস্কৰণতে ১০ লাখতকৈও অধিক আবেদন লাভ কৰিছিল। এই কাৰ্যসূচীৰ জৰিয়তে ৬৫গৰাকী ইণ্টাৰ্নক এক লাখ টকাকৈ মাননি প্ৰদান কৰা হৈছে।

পঞ্চম সংস্কৰণৰ সফল সামৰণিৰ পাছতে ষষ্ঠ সংস্কৰণৰ বাবে আগতীয়া পঞ্জীয়নো আৰম্ভ কৰা হৈছে। ইচ্ছুকসকলে ৱেকফিটৰ আনুষ্ঠানিক ৱেবছাইটৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব।

টোপনিৰ জৰিয়তে লাখ লাখ টকা উপাৰ্জন কৰাৰ এই ব্যতিক্ৰমী ঘটনাই এতিয়া সামাজিক মাধ্যমতো ব্যাপক চৰ্চা লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহাকাশলৈ যাব বিচাৰে নেকি? চন্দ্ৰৰ পৰা মংগললৈ নতুন মানৱ অভিযান, নতুন মহাকাশচাৰী বিচাৰি আবেদন মুকলি নাছাৰ

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) নতুন মহাকাশচাৰী নিযুক্তিৰ...