পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক পুৰণি পেঞ্চন নীতি (OPS)ৰ অধীনলৈ অনাৰ দাবী উত্থাপন কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। এই সন্দৰ্ভত শনিবাৰে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে কৰ্মচাৰী পৰিষদে।

স্মাৰক পত্ৰখনত ২০০৫ চনৰ জানুৱাৰী মাহৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা সকলো কৰ্মচাৰীক পুৰণি পেঞ্চন নীতিৰ আওতালৈ সামৰি ল’বলৈ দাবী জনোৱা হৈছে। পৰিষদৰ মতে, ২০০৫ চনত চৰকাৰী সেৱাত নিযুক্তি লাভ কৰা একাংশ কৰ্মচাৰী বৰ্তমানেও পুৰণি পেঞ্চন নীতিৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে।

উল্লেখ্য যে, ২০০৫ চনৰ জানুৱাৰীৰ পিছত চৰকাৰী চাকৰিত যোগদান কৰা কৰ্মচাৰীসকলকো পুৰণি পেঞ্চন নীতিৰ অধীনলৈ অনাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল বুলি কৰ্মচাৰী পৰিষদে স্মাৰক পত্ৰত উল্লেখ কৰিছে।

বিশেষকৈ ২০২৫ চনৰ বাজেট ভাষণত মুখ্যমন্ত্ৰীয়ে কৰা এই সন্দৰ্ভীয় ঘোষণাক শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে পৰিষদে। ঘোষণাৰ বাস্তৱ ৰূপায়ণৰ জৰিয়তে পুৰণি পেঞ্চন নীতিৰ পৰা বঞ্চিত কৰ্মচাৰীসকলক ন্যায় প্ৰদান কৰিবলৈও আহ্বান জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে।

কৰ্মচাৰীসকলৰ অৱসৰকালীন আৰ্থিক সুৰক্ষাৰ বিষয়টোক গুৰুত্ব দি চৰকাৰে এই দাবীৰ প্ৰতি শীঘ্ৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে পৰিষদে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহাকাশলৈ যাব বিচাৰে নেকি? চন্দ্ৰৰ পৰা মংগললৈ নতুন মানৱ অভিযান, নতুন মহাকাশচাৰী বিচাৰি আবেদন মুকলি নাছাৰ

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) নতুন মহাকাশচাৰী নিযুক্তিৰ...

পোলেণ্ডত ভয়ংকৰ গুলীচালনা, ৬ জনৰ মৃত্যু, আহত ১৫

পোলেণ্ডৰ দক্ষিণ প্ৰান্তৰ ক্ৰাকোভ চহৰত শনিবাৰে সংঘটিত ভয়ংকৰ গুলীচালনাৰ...

মাত্ৰ ১৫ বছৰতে বিহাৰৰ ক্ৰিকেট দলৰ অধিনায়ক বৈভৱ সূৰ্যবংশী, সিদ্ধান্তক আদৰণি হৰভজন সিঙৰ

মাত্ৰ ১৫ বছৰ বয়সতে জ্যেষ্ঠ পৰ্যায়ৰ ক্ৰিকেটত অধিনায়কত্বৰ দায়িত্ব...

মিঠাই নহয়, দীপাৱলীত কৰ্মচাৰীক নগদ ১ লাখ টকাতকৈ অধিক উপহাৰ; বোনাচ পাই আনন্দৰ চকুলো কৰ্মচাৰীৰ

দীপাৱলীৰ আনন্দ দুগুণ কৰি তুলিলে গুজৰাটৰ চুৰাটৰ এগৰাকী বস্ত্ৰ...