শিৱসাগৰৰ যমুনামুখ জলাশয়ত প্ৰশাসনৰ উচ্ছেদ অভিযান, বেদখলমুক্ত কৰাৰ পদক্ষেপ

শিৱসাগৰৰ যমুনামুখ জলাশয়ত অবৈধ বেদখলৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলাব জিলা প্ৰশাসনে। আটাছু আৰু জিলা প্ৰশাসনৰ মাজত অনুষ্ঠিত বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য যে, তিনিদিন পূৰ্বে যমুনামুখ জলাশয়ৰ বেদখলৰ বিৰুদ্ধে আটাছুৱে নিজাববীয়াকৈ উচ্ছেদ অভিযানত নামিছিল। সেই সময়ত আটাছুৰ সদস্যসকলে জলাশয়ৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰা ঘৰ ভাঙি দিছিল।

ইয়াৰ পিছতে ৬ নৱেম্বৰত আটাছুৱে শিৱসাগৰ জিলাত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল। অৱশ্যে জিলা প্ৰশাসনৰ সৈতে হোৱা আলোচনাৰ পিছত ৭ নৱেম্বৰত প্ৰশাসনে নিজাববীয়াকৈ উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰশাসনৰ সৈতে হোৱা বৈঠকত ৭ নৱেম্বৰত যমুনামুখ জলাশয়ত উচ্ছেদ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্তৰ পিছতে আটাছুৱে বন্ধৰ আহ্বান প্ৰত্যাহাৰ কৰে।

ইফালে, জলাশয়টো বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপক লৈ অঞ্চলটোত বিশেষ চৰ্চা চলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

য়েমেনৰ বিমান আক্ৰমণত নিহত ২২জন, আহত ৩০ । ছৌদি আৰৱক জগৰীয়া হুথিৰ

য়েমেনৰ ৰাজধানী ছানাৰ সমীপৱৰ্তী এখন চহৰত শনিবাৰে সংঘটিত বিমান...