বঙাইগাঁৱত বাংলাদেশী নাগৰিক বুলি সন্দেহ কৰি চাৰিজন যুৱকক আটক কৰিছে আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ সমীপৰ পৰা যুৱককেইজনক আটক কৰা হয়।
আটকাধীন যুৱককেইজনক জুৱাইৰ, আলামিন হুছেইন, চাট্টাৰ মিঞা আৰু চালে আহমেদ বুলি জানিব পৰা গৈছে।
ইতিমধ্যে আটকাধীন যুৱককেইজনক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। তেওঁলোকৰ পৰিচয় আৰু নাগৰিকত্ব সন্দৰ্ভত তথ্য সংগ্ৰহৰ লগতে ঘটনাৰ সৈতে জড়িত সকলো দিশ চালি-জাৰি চাইছে আৰক্ষীয়ে।
এই ঘটনাক কেন্দ্ৰ কৰি বঙাইগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে আটকাধীন যুৱককেইজনৰ বাংলাদেশী নাগৰিকত্ব এতিয়ালৈকে নিশ্চিত হোৱা নাই।
