মেৰাপানীৰ গড়বস্তিত পুনৰ নগাৰ ভূমি আগ্ৰাসনৰ অভিযোগ, অসমীয়াৰ ঘৰ-বাৰী দখলৰ চেষ্টাক লৈ উত্তেজনা

অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গড়বস্তিত পুনৰ ভূমি আগ্ৰাসনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় অসমীয়া লোকৰ বাৰী আৰু কৃষিভূমি নিজৰ বুলি দাবী কৰি নগা লোকৰ এটা দলে ভূমি দখলৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, স্থানীয় অসমীয়া লোকৰ ঘৰ-বাৰীত বলপূৰ্বকভাৱে খুঁটি পুতি ভূমি দখলৰ চেষ্টা চলাইছে নগা লোকসকলে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

দীৰ্ঘদিন ধৰি অঞ্চলটোত বসবাস কৰি অহা অসমীয়া পৰিয়ালসমূহে এতিয়া নিজৰ ঘৰ-বাৰী আৰু কৃষিভূমি হেৰুওৱাৰ আশংকাত চিন্তিত হৈ পৰিছে। স্থানীয় লোকসকলৰ দাবী অনুসৰি, ১৯৭০ চনৰ পূৰ্বৰে পৰা তেওঁলোকে উক্ত অঞ্চলত বসবাস কৰাৰ লগতে কৃষিকাৰ্য কৰি আহিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মেৰাপানীৰ বিভিন্ন অঞ্চলত অসমৰ ভূমি আগ্ৰাসনক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।

শেহতীয়া ঘটনাক লৈ স্থানীয় অসমীয়া ৰাইজে উদ্বেগ প্ৰকাশ কৰাৰ লগতে জিলা প্ৰশাসনৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে। সীমান্তৱৰ্তী অঞ্চলটোৰ ভূমি বিবাদক লৈ যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি গড়বস্তি অঞ্চলত উত্তেজনাই বিৰাজ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

য়েমেনৰ বিমান আক্ৰমণত নিহত ২২জন, আহত ৩০ । ছৌদি আৰৱক জগৰীয়া হুথিৰ

য়েমেনৰ ৰাজধানী ছানাৰ সমীপৱৰ্তী এখন চহৰত শনিবাৰে সংঘটিত বিমান...