ডিব্ৰুগড়ৰ টেঙাখাতৰ কঁঠালগুৰিস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) OCSত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৩জনলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে সংঘটিত এই অগ্নিকাণ্ডত প্ৰথমে ৰাজু দত্তৰ মৃত্যু হোৱাৰ পিছত আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আন দুজন অগ্নিদগ্ধ কৰ্মচাৰীৰ।
মৃত্যু হোৱা কৰ্মচাৰী দুজন হৈছে তাপস গগৈ আৰু ৰূপম গোহাঁই। ডিব্ৰুগড়ৰ মিলন নগৰৰ বাসিন্দা আছিল তাপস গগৈ। আনহাতে, ৰূপম গোহাঁইৰ ঘৰ আছিল চাবুৱাত। উন্নত চিকিৎসাৰ বাবে ৰূপম গোহাঁইক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল যদিও গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
উল্লেখ্য যে, কঁঠালগুৰিস্থিত OILৰ OCSৰ ITF গেছ পাইপত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ সূত্ৰপাত। এই ভয়ংকৰ ঘটনাত আন ৭গৰাকী কৰ্মচাৰীও গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছিল। ইয়াৰে দুগৰাকী কৰ্মচাৰীৰ অৱস্থা বৰ্তমানো সংকটজনক বুলি জানিব পৰা গৈছে।
ঘটনাৰ সময়ত উক্ত অঞ্চলটোত মুঠ ৭৯গৰাকী কৰ্মচাৰী কৰ্মৰত হৈ আছিল বুলি জানিব পৰা গৈছে।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কৰ্মচাৰীৰ জীৱনৰ নিৰাপত্তাক লৈ অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে।
ইফালে, ঘটনাস্থলীত উপস্থিত হৈ জিলা প্ৰশাসনে আৰম্ভ কৰিছে তদন্ত। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা ব্যৱস্থাসমূহক লৈ তদন্ত অব্যাহত আছে।
