গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিচাযুক্ত দ্ৰব্য মিহলোৱা মিঠাই খুৱাই এগৰাকী ৰেপিড’ চালকক অচেতন কৰি তেওঁৰ বাইক আৰু ম’বাইল ফোন লৈ উধাও হ’ল এজন অচিনাক্ত লোক। বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
জানিব পৰা মতে, প্ৰবাল বৰ্মন নামৰ যুৱকজনে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অফলাইনযোগে মেগজিনৰ পৰা জালুকবাৰীলৈ এজন অচিনাক্ত লোকক বাইকত উঠাই নিছিল। যাত্ৰাপথত বামুণীমৈদামৰ এখন বিপণীৰ পৰা লোকজনে প্ৰবালক মিঠাই খাবলৈ দিয়ে। মিঠাই আৰু পানী সেৱন কৰাৰ কিছু সময় পিছতে হঠাৎ অসুস্থ হৈ পৰে যুৱকজন।
ক্ৰমাৎ অচেতন হৈ আহিবলৈ ধৰাত প্ৰবালে বাইকখন ৰখাই মাতৃলৈ ফোন কৰে। কিন্তু অভিযোগ অনুসৰি, সেই সময়তে বাইকত উঠি অহা লোকজনে তেওঁৰ হাতৰ পৰা ম’বাইল ফোনটো কাঢ়ি লৈ ফোনটো ছুইটছ অফ কৰি দিয়ে। ইয়াৰ পিছতে বাইকখন লৈ উধাও হয় দুৰ্বৃত্তটো।
আনহাতে, প্ৰবাল বৰ্মন ওৰেনিশা ফাঁচীবজাৰৰ ৰাজপথৰ দাঁতিত অচেতন অৱস্থাত পৰি থাকে। দুৰ্বৃত্তই তেওঁৰ AS-14V-5928 নম্বৰৰ TVS Apache বাইকখনৰ লগতে ম’বাইল ফোনটোও লৈ যায়।
ইফালে, যুৱকজনৰ সন্ধান নাপাই পৰিয়ালৰ লোকে নুনমাটি আৰু জালুকবাৰী আৰক্ষী থানাৰ কাষ চাপে। কিন্তু আৰক্ষীয়ে ভুক্তভোগীৰ এজাহাৰ গ্ৰহণ নকৰাৰ লগতে কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নাই বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।
পিছদিনা পুৱা সংজ্ঞা ঘূৰি অহাৰ পিছত প্ৰবালে এখন অট’ৰিক্সাত উঠি কোনোমতে মেগজিনস্থিত নিজৰ ভাড়াঘৰত উপস্থিত হয়। ঘটনাটোক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
