নিৰ্বাচনত ৰিপাব্লিকান দলৰ পৰাজয়ৰ পাছতে ইলন মাস্কৰ ১১৩ বিলিয়ন ডলাৰৰ সম্পত্তিৰ লোকচান! তদন্তৰ আওতালৈ আহিব পাৰে টেছলা আৰু স্পেচএক্স

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ৰিপাব্লিকান দলৰ শোচনীয় পৰাজয়ৰ পাছতে বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ইলন মাস্কৰ বাবে সৃষ্টি হৈছে নতুন প্ৰত্যাহ্বান। নিৰ্বাচনত ৰিপাব্লিকান প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ প্ৰায় ৪৫০ৰ পৰা ৫০০ নিযুত ডলাৰ ব্যয় কৰিও বিশেষ সফলতা লাভ নকৰিলে মাস্কে। আনহাতে, নিৰ্বাচনৰ ফলাফলৰ পাছত তেওঁৰ সম্পত্তিৰ মূল্যও ব্যাপকভাৱে হ্ৰাস পাইছে।

শেহতীয়া প্ৰতিবেদন অনুসৰি, টেছলা আৰু স্পেচএক্সৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱাৰ ফলত মাত্ৰ দুদিনতে মাস্কৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১১৩ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। অৱশ্যে এয়া শ্বেয়াৰৰ মূল্য হ্ৰাসৰ ফলত হোৱা কাগজে-কলমে সম্পত্তিৰ লোকচান; ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ এই পৰিমাণৰ নগদ ধন হেৰুৱাইছে।

নিৰ্বাচনত বিপুল ধন ব্যয় কৰিও সফল নহ’ল মাস্ক

আমেৰিকাৰ ২০২৬ চনৰ মধ্যৱৰ্তী নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত ব্যাপক ধন ব্যয় কৰিছিল ইলন মাস্কে। বিভিন্ন ৰাজনৈতিক সংগঠন আৰু নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে তেওঁ প্ৰায় ৪৪৫ নিযুত ডলাৰ বা তাতোকৈ অধিক ধন আগবঢ়াইছিল।

কিন্তু নিৰ্বাচনৰ ফলাফল মাস্কৰ আশা অনুসৰি নহ’ল। তেওঁৰ সমৰ্থন লাভ কৰা বহু ৰিপাব্লিকান প্ৰাৰ্থীয়ে পৰাজয়ৰ সন্মুখীন হয়। বিশেষকৈ প্ৰতিনিধি সদনৰ বাবে তেওঁ সমৰ্থন কৰা ৪৩গৰাকী ৰিপাব্লিকান প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ তিনিগৰাকীয়েহে জয়লাভ কৰে। আনহাতে, ছিনেটৰ নিৰ্বাচনত তেওঁৰ সমৰ্থন লাভ কৰা সাতগৰাকী প্ৰাৰ্থীৰ ভিতৰত ছয়গৰাকীয়ে পৰাজয় বৰণ কৰে।

টেক্সাছত মুখ থেকেচা খালে মাস্কে

এই নিৰ্বাচনত মাস্কৰ বাবে আটাইতকৈ ডাঙৰ আঘাত আহে টেক্সাছৰ পৰা। টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যালয় থকা এই ৰাজ্যখনৰ নিৰ্বাচনত ৰিপাব্লিকান প্ৰাৰ্থীসকলৰ সমৰ্থনত তেওঁ ২০০ নিযুত ডলাৰতকৈ অধিক ধন ব্যয় কৰিছিল।

কিন্তু ছিনেট নিৰ্বাচনত ৰিপাব্লিকান প্ৰাৰ্থী কেন পেক্সটনক পৰাস্ত কৰি ডেম’ক্ৰেটিক দলৰ জেমছ টালাৰিকোৱে জয়লাভ কৰে। ইয়াৰ উপৰি ৰাজ্যখনৰ গৱৰ্ণৰ নিৰ্বাচনতো ৰিপাব্লিকান প্ৰাৰ্থী গ্ৰেগ এবটে ডেম’ক্ৰেটিক দলৰ জিনা হিনোজোছাৰ হাতত পৰাজয় বৰণ কৰে।

নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মাস্কে টালাৰিকোৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাইছিল। আনকি তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ প্ৰায় ১৫৩.৫ নিযুত ডলাৰ ব্যয় কৰা হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। তথাপি টেক্সাছৰ ভোটাৰে ডেম’ক্ৰেটিক প্ৰাৰ্থীকেই সমৰ্থন জনায়।

টেছলা আৰু স্পেচএক্সৰ শ্বেয়াৰৰ মূল্য হ্ৰাস

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে বিনিয়োগকাৰীসকলৰ মাজত মাস্কৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক লৈ উদ্বেগ বৃদ্ধি পাইছে। নতুনকৈ গঠন হ’বলগীয়া কংগ্ৰেছত ডেম’ক্ৰেটিক দলৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ ফলত টেছলা আৰু স্পেচএক্সৰ কাম-কাজৰ ওপৰত অধিক নজৰদাৰী চলিব পাৰে বুলি বিনিয়োগকাৰীসকলে আশংকা কৰিছে।

ইয়াৰ প্ৰভাৱ পৰিছে দুয়োটা প্ৰতিষ্ঠানৰ শ্বেয়াৰৰ মূল্যত। নিৰ্বাচনৰ পাছত টেছলাৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৩.৩ শতাংশ আৰু স্পেচএক্সৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৩.৮ শতাংশ হ্ৰাস পাইছিল। পৰৱৰ্তী সময়ত বজাৰৰ অৱনতিৰ ফলত মাস্কৰ সম্পত্তিৰ লোকচান আৰু বৃদ্ধি পায়।

তদন্তৰ সন্মুখীন হ’ব পাৰে মাস্কৰ ব্যৱসায়িক প্ৰতিষ্ঠান

নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ সফলতাৰ পাছত এতিয়া ইলন মাস্কৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ কাম-কাজৰ ওপৰত তদন্ত চলোৱাৰ দাবী উত্থাপন হৈছে। বিশেষকৈ আমেৰিকা চৰকাৰৰ সৈতে স্পেচএক্সৰ বৃহৎ চুক্তি, চৰকাৰী পুঁজি ব্যৱহাৰ আৰু ডিপাৰ্টমেণ্ট অৱ গভৰ্ণমেণ্ট এফিচিয়েন্সি (DOGE)-ৰ সৈতে মাস্কৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছে ডেম’ক্ৰেটিক নেতাসকলে।

মাস্কে পূৰ্বে আমেৰিকাৰ চৰকাৰৰ DOGE বিভাগৰ নেতৃত্ব দিছিল। সেই সময়ছোৱাত চৰকাৰী বিভাগসমূহৰ ব্যয় হ্ৰাস আৰু কৰ্মচাৰী কৰ্তনৰ দৰে সিদ্ধান্তক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। এতিয়া নতুন কংগ্ৰেছে তেওঁৰ চৰকাৰী ভূমিকা আৰু ব্যৱসায়িক স্বাৰ্থৰ মাজত কোনো স্বাৰ্থৰ সংঘাত আছিল নেকি, সেই বিষয়েও তদন্ত কৰিব পাৰে।

ইয়াৰ উপৰি স্পেচএক্সৰ সৈতে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ আৰু নাছাৰ চুক্তি, ইউক্ৰেইনত ষ্টাৰলিংক সেৱাৰ ব্যৱহাৰ আৰু মাস্কৰ আন ব্যৱসায়িক কাম-কাজো তদন্তৰ আওতালৈ আহিব পাৰে।

ৰাজনৈতিক প্ৰভাৱৰ ক্ষেত্ৰতো প্ৰশ্নৰ সন্মুখীন মাস্ক

আমেৰিকাৰ নিৰ্বাচনত বিপুল ধন ব্যয় কৰিও নিজৰ সমৰ্থিত প্ৰাৰ্থীসকলক জয়ী কৰাব নোৱাৰাৰ পাছত মাস্কৰ ৰাজনৈতিক প্ৰভাৱক লৈও নতুনকৈ চৰ্চা আৰম্ভ হৈছে। নিৰ্বাচনৰ ফলাফলে দেখুৱাইছে যে কেৱল বিপুল ধন আৰু সামাজিক মাধ্যমৰ প্ৰভাৱৰ জৰিয়তে ভোটাৰৰ সিদ্ধান্ত সলনি কৰাটো সম্ভৱ নহয়।

এতিয়া নতুন কংগ্ৰেছৰ কাৰ্যকালত মাস্কৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে কি পৰিস্থিতিৰ সন্মুখীন হয়, সেয়া লক্ষণীয় হ’ব। নিৰ্বাচনী পৰাজয়ৰ লগতে শ্বেয়াৰ বজাৰত হোৱা লোকচান আৰু সম্ভাৱ্য চৰকাৰী তদন্তই বিশ্বৰ অন্যতম ধনাঢ্য উদ্যোগপতিগৰাকীৰ বাবে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নৱম শ্ৰেণীৰ পৰীক্ষাত ভাল ফলাফল! ১৫ বছৰীয়া পুত্ৰক ২ কোটি ৩০ লাখ টকাৰ BMW উপহাৰ পিতৃৰ

পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ গলছিত সংঘটিত এক ঘটনাই এতিয়া...

ট্ৰাম্পৰ দলৰ পৰাজয়ৰ পাছতে বিশ্বৰ শ্বেয়াৰ বজাৰত উত্থান! দীপাৱলীৰ পূৰ্বে বিনিয়োগকাৰীৰ সম্পত্তি বৃদ্ধি প্ৰায় ৮ লাখ কোটি টকা

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ পৰাজয়ৰ...

ৰে’ল আৰু বিমানৰ সময়সূচীত ১২ ঘণ্টাৰ সলনি ২৪ ঘণ্টাৰ ঘড়ী ব্যৱহাৰ কৰা হয় কিয়? জানক ইয়াৰ আঁৰৰ কাৰণ

আমি দৈনন্দিন জীৱনত সাধাৰণতে ১২ ঘণ্টীয়া ঘড়ীৰ সময় ব্যৱহাৰ...

Batadrava Police Rescue 13 Migratory Birds in Anti-Poaching Operation at Koya kujia Beel

In a major operation against bird poaching, Batadrava Police...