জাগীৰোডত পুনৰ ই-ৰিক্সা চালকৰ দৌৰাত্ম্য! মহিলাক ডিঙি চেপি আক্ৰমণ, অশালীন গালি-গালাজ

জাগীৰোডৰ ৰে’লৱে উৰণ সেতুৰ তলত দিনকদিনে বৃদ্ধি পাইছে ই-ৰিক্সা চালকৰ দৌৰাত্ম্য। এইবাৰ সন্তানসহ ঘৰলৈ উভতি যোৱা এগৰাকী মহিলাক অশালীন গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে এগৰাকী ই-ৰিক্সা চালকৰ বিৰুদ্ধে।

জানিব পৰা মতে, সন্তানক স্কুলৰ পৰা লৈ ঘৰলৈ উভতাৰ বাবে AS-21ER-7110 নম্বৰৰ ই-ৰিক্সাখনত উঠিছিল মহিলাগৰাকী। কিন্তু নিৰ্ধাৰিত স্থানলৈ নিয়াৰ পৰিৱৰ্তে চালকজনে অন্য পথেৰে লৈ যোৱাৰ অভিযোগ কৰে মহিলাগৰাকীয়ে। ইয়াৰ প্ৰতিবাদ কৰাত চালকজনে মহিলাগৰাকীৰ ডিঙি চেপি আক্ৰমণ কৰাৰ লগতে অশালীন ভাষাৰে গালি-গালাজ কৰে বুলি অভিযোগ উত্থাপন হৈছে।

পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে চালকজনক আগুৰি ধৰাত ই-ৰিক্সাখন আৰু মোবাইল ফোনটো এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকজন। খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱা জাগীৰোড আৰক্ষীয়ে জব্দ কৰে ই-ৰিক্সাখনৰ লগতে মোবাইল ফোনটো। ঘটনা সন্দৰ্ভত পম্পী কোঁৱৰ নামৰ মহিলাগৰাকীয়ে জাগীৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, এই একেটা স্থানতে যোৱা ৪ অক্টোবৰত সংঘটিত হৈছিল আন এক চাঞ্চল্যকৰ ঘটনা। মিনতি দেৱনাথ নামৰ এগৰাকী বৃদ্ধাক ই-ৰিক্সাৰে অপহৰণ কৰি হত্যা কৰাৰ লগতে তেওঁৰ শৰীৰৰ পৰা সকলো আ-অলংকাৰ লুটি নিছিল দুৰ্বৃত্তই। ইতিমধ্যে উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

সেই হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বৃহস্পতিবাৰে পুনৰ সংঘটিত হ’ল মহিলাক আক্ৰমণৰ এই ঘটনা। জাগীৰোডৰ মাজমজিয়াত দিন-দুপৰতে ইটোৰ পিছত সিটো এনে ঘটনা সংঘটিত হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ। বিশেষকৈ মহিলা আৰু শিশুৰ নিৰাপত্তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ আৰক্ষী-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তিনিচুকীয়াত NIOS পৰীক্ষাকেন্দ্ৰত ধনৰ খেল! আৰক্ষীৰ জালত অধ্যক্ষসহ কেইবাজনো

তিনিচুকীয়াত NIOS পৰীক্ষাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ ঘটনা। ধনৰ বিনিময়ত...