দীপকেৰ বিদেশী ধন, ৰাঙ্কাৰ পাকিস্তান সংযোগ! CJP-ক লৈ বিস্ফোৰক অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ

CJP-ৰ বিদেশী পুঁজিৰ অভিযোগক লৈ তীব্ৰ চাঞ্চল্য। ভাৰতক দুৰ্বল কৰাৰ লক্ষ্যৰে গঠন কৰা হৈছে CJP। এইবাৰ ককৰোচ জনতা পাৰ্টি (CJP)-ৰ বিৰুদ্ধে শত্ৰু দেশৰ সৈতে মিত্ৰতা স্থাপন আৰু আৰ্থিক সাহায্য গ্ৰহণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে। ‘ডিপ ষ্টেট থিয়ৰি’ৰ প্ৰসংগ উত্থাপন কৰি তেওঁ অভিযোগ কৰে যে CJP-ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে বিদেশী দাতাৰ পৰা আৰ্থিক সাহায্য লাভ কৰিছে। আনহাতে, দলটোৰ সহঃপ্ৰতিষ্ঠাপক আশুতোষ ৰাঙ্কাক পাকিস্তানৰ ৰাজনীতিকসকলেও আৰ্থিকভাৱে সহায় আগবঢ়াইছে বুলি অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে।

কেৱল সেয়াই নহয়, বিদেশী পুঁজিৰে পৰিচালিত একাধিক বেচৰকাৰী সংস্থা (NGO) আৰু ভাৰতবিৰোধী সংগঠনেও চৰকাৰবিৰোধী প্ৰচাৰত সহযোগিতা আগবঢ়াইছে বুলি অভিযোগ উত্থাপন কৰিছে তেওঁ। অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীৰ এই অভিযোগ পোনচাটেই নাকচ কৰিছে CJP-এ। কোনো প্ৰমাণ নোহোৱাকৈ এনে মন্তব্য কৰাৰ বাবে মন্ত্ৰীগৰাকীক প্ৰত্যাক্ৰমণ কৰিছে দলটোৱে।

মঙলবাৰে বেংগালুৰুত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে। তেওঁৰ দাবী, বিদেশী পুঁজিৰে পৰিচালিত NGO, ‘ডিপ ষ্টেট’ৰ সৈতে জড়িত ব্যক্তি আৰু ভাৰতবিৰোধী শক্তিসমূহে একত্ৰিত হৈ দেশৰ ভিতৰতে বিভ্ৰান্তিকৰ প্ৰচাৰ চলাই আহিছে।

বিশেষকৈ ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)-ৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ বাবে এই ধন ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে।

অভিজিৎ দীপকে আৰু আশুতোষ ৰাঙ্কাৰ নাম উল্লেখ কৰি তেওঁ অভিযোগ কৰে যে দীপকে অবৈধ উৎস আৰু কেইবাজনো আমেৰিকান নাগৰিকৰ পৰা ধন লাভ কৰিছে। আনহাতে, পাকিস্তানৰ ৰাজনীতিক আৰু তেওঁলোকৰ সহযোগীসকলৰ পৰা আৰ্থিক সাহায্য লাভ কৰিছে ৰাঙ্কাই। কেৱল আৰ্থিক সাহায্যই নহয়, ৰাজনৈতিকভাৱে কেনেদৰে যুঁজ দিব লাগে, সেই সন্দৰ্ভতো তেওঁ পৰামৰ্শ লাভ কৰিছে বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

তেওঁৰ ভাষ্য অনুসৰি, শত্ৰু দেশৰ সৈতে হাত মিলাইছে CJP-এ। জিতেন্দ্ৰ সিঙে কয়, “ভাৰতবিৰোধী NGO, অনুমোদিত আৰু অবৈধ উৎস তথা বিদেশী ভাৰতবিৰোধী সংগঠনৰ পৰাও তেওঁলোকে ধন লাভ কৰিছে। বিদেশী পুঁজিৰে পৰিপুষ্ট সংস্থাসমূহৰ সৈতে জড়িত ‘ডিপ ষ্টেট’ৰ লোকসকলে ভাৰতবিৰোধী ভাষ্য প্ৰস্তুত কৰি আহিছে। পাকিস্তানৰ ৰাজনৈতিক ব্যক্তিসকলেও ৰাঙ্কাক ধন যোগান ধৰিছে।”

এই অভিযোগৰ সমৰ্থনত চোৰাংচোৱা তথ্য আৰু পৰ্যাপ্ত প্ৰমাণ থকা বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে। অৱশ্যে কোনো নিৰ্দিষ্ট বিত্তীয় লেনদেনৰ নথি বা প্ৰমাণ তেওঁ ৰাজহুৱা কৰা নাই।

বিদেশী অনুদান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিদেশী অনুদান নিয়ন্ত্ৰণ আইন (FCRA)-ৰ প্ৰয়োজনীয়তাৰ পক্ষতো যুক্তি আগবঢ়ায় জিতেন্দ্ৰ সিঙে। তেওঁৰ মতে, চৰকাৰ আৰু ৰাজনৈতিক নেতৃত্বৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাসকলে নিজৰ প্ৰচাৰৰ বাবে ধন ক’ৰ পৰা লাভ কৰিছে, সেয়াও ৰাজহুৱা কৰা উচিত।

ইফালে, বিজেপিৰ মুখপাত্ৰ তুহিন সিনহাই অভিযোগ কৰে যে উৎসৱৰ বতৰত ৰাজধানীৰ বুকুত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ উদ্দেশ্যৰে পৰিকল্পিতভাৱে নিজৰ কাৰ্যসূচী প্ৰস্তুত কৰিছিল CJP-এ। তেওঁৰ দাবী, বিগত এমাহ ধৰি দলটোৱে চলোৱা কাৰ্যকলাপৰ মূল উদ্দেশ্য আছিল দেশৰ ভিতৰত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰা।

কেন্দ্ৰীয় মন্ত্ৰীৰ অভিযোগৰ পিছতে প্ৰত্যুত্তৰ দিছে CJP-এ। দলটোৰ বক্তব্য, উচ্চ পদবীত অধিষ্ঠিত এগৰাকী মন্ত্ৰীয়ে ইচ্ছা অনুসৰি যিকোনো মন্তব্য কৰিব পাৰে, অথচ তাৰ বাবে তেওঁক কোনো ধৰণৰ জবাবদিহি কৰিবলগীয়া নহয়।

সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টত দলটোৱে প্ৰশ্ন উত্থাপন কৰি কয়, “দেশৰ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত ব্যক্তিসকলৰ বক্তব্যৰ বিশ্বাসযোগ্যতাক লৈয়েই যেতিয়া প্ৰশ্ন উত্থাপন হৈছে, তেন্তে সাধাৰণ জনতাই তেওঁলোকৰ ওপৰত কেনেকৈ আস্থা ৰাখিব?”

এই বিতৰ্কৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰ্ণাটকৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা প্ৰিয়াংক খৰ্গেই। কংগ্ৰেছে বিদেশী আৰ্থিক সাহায্য লাভ কৰাৰ অভিযোগ উত্থাপন কৰিলেও বিজেপিয়ে এই সন্দৰ্ভত কোনো প্ৰমাণ দাঙি ধৰিব পৰা নাই বুলি দাবী কৰে তেওঁ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপি নেতৃত্বক ৰাজহুৱাভাৱে প্ৰমাণ দাখিল কৰিবলৈ প্ৰত্যাহ্বান জনাইছে প্ৰিয়াংক খৰ্গেই। আনকি বিজেপি, কংগ্ৰেছ আৰু আৰ এছ এছৰ বিদেশী আৰ্থিক সাহায্যৰ বিষয়টোক লৈ মুকলি বিতৰ্কৰ বাবেও প্ৰস্তাৱ আগবঢ়াইছে তেওঁ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে CJP-ৰ আন্দোলনত বিদেশী ধন বিনিয়োগ কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছিল। অৱশ্যে সেই সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই অভিযোগ নাকচ কৰি জনাইছিল যে উক্ত আন্দোলনৰ সৈতে জড়িত কোনো বিদেশী বিত্তীয় লেনদেনৰ প্ৰমাণ লাভ কৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ কথা ঘোষণা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ, বিদায় জনালে পৰ্তুগালৰ ৭ নম্বৰ জাৰ্চিক

বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ...

ডিগবৈৰ ঔগুৰিত ডাইনী সন্দেহত বৃদ্ধা মহিলাক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ, গ্ৰেপ্তাৰ তিনিগৰাকী মহিলা

তিনিচুকীয়া জিলাৰ ডিগবৈৰ ঔগুৰি গাঁৱত ডাইনী সন্দেহক কেন্দ্ৰ কৰি...