শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১৫ সংখ্যক মৃত্যু দিৱস পালন; সময় গগৈক প্ৰদান কৰা হ’ব ‘ভূপেন হাজৰিকা হিতৈষী বঁটা’

বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে মহান শিল্পীগৰাকীক স্মৰণ কৰা হৈছে। গীতে-মাতে, শ্ৰদ্ধা আৰু স্মৃতিৰে সোঁৱৰা হৈছে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক।

এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠান। কলাক্ষেত্ৰৰ দামোদৰদেৱ প্ৰেক্ষাগৃহত ‘মহামিলনৰ তীৰ্থ’ শীৰ্ষক এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আৰম্ভণি হয় সুধাকণ্ঠলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে। নাম-প্ৰসংগৰে মুখৰ হৈ পৰে সমগ্ৰ প্ৰেক্ষাগৃহ।

অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে সুধাকণ্ঠৰ জীৱন আৰু কৰ্মৰাজিৰ স্মৃতিচাৰণৰো ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনক প্ৰদান কৰা হ’ব ‘ভূপেন হাজৰিকা সমন্বয় বঁটা’। আনহাতে, সমাজসেৱক সময় গগৈক প্ৰদান কৰা হ’ব ‘ভূপেন হাজৰিকা হিতৈষী বঁটা’।

ইয়াৰ উপৰি অনুষ্ঠানতে ভূপেন হাজৰিকাৰ বাংলা গীতৰ এখন সংকলন উন্মোচন কৰা হ’ব। সুধাকণ্ঠৰ স্মৃতিত ১০১ গছি বন্তি প্ৰজ্বলন কৰা হ’ব।

উল্লেখ্য যে, কেৱল কলাক্ষেত্ৰতে নহয়, জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থতো বিভিন্ন কাৰ্যসূচীৰে মহান শিল্পীগৰাকীক স্মৰণ কৰা হৈছে। আনহাতে, গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আছুৱে ১০ হাজাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

গীতৰ মাজেৰে মানৱতা, সমন্বয় আৰু বিশ্ব ভাতৃত্ববোধৰ বাণী বিলাই যোৱা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ৰাজ্যবাসীয়ে তেওঁৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ কথা ঘোষণা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ, বিদায় জনালে পৰ্তুগালৰ ৭ নম্বৰ জাৰ্চিক

বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ...

ডিগবৈৰ ঔগুৰিত ডাইনী সন্দেহত বৃদ্ধা মহিলাক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ, গ্ৰেপ্তাৰ তিনিগৰাকী মহিলা

তিনিচুকীয়া জিলাৰ ডিগবৈৰ ঔগুৰি গাঁৱত ডাইনী সন্দেহক কেন্দ্ৰ কৰি...