আজি GMCHৰ পৰা অব্যাহতি দিয়া হ’ল সত্যেন্দ্ৰ পাঠকক। হোটেল বিলাস ইনৰ নাৰকীয় হত্যাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী সত্যেন্দ্ৰ। ২৬ অক্টোবৰৰ পৰাই GMCHৰ ICUত চিকিৎসাধীন হৈ আছিল তেওঁ।
108ৰ এম্বুলেন্সেৰে ঘৰলৈ নিয়া হ’ল সত্যেন্দ্ৰ পাঠকক। কটকটীয়া নিৰাপত্তাৰে বৰপেটালৈ নিয়া হ’ল সত্যেন্দ্ৰ পাঠকক। GMCHৰ ICUত ইতিমধ্যেই সুস্থ হৈ উঠিছিল সত্যেন্দ্ৰ। কিন্তু নিৰাপত্তাজনিত কাৰণতে এৰিব খোজা নাছিল হাস্পতাল। ঘনকান্ত গগৈৰ এনকাউন্টাৰৰ পিছত সাহস ঘূৰাই পাইছে সত্যেন্দ্ৰ পাঠকে।
বৰপেটাৰ ইচ্ছাপুৰহাটীৰ নিজ গৃহত উপস্থিত হয় সত্যেন্দ্ৰ পাঠক। সংবাদ মাধ্যমৰ আগত হোটেল বিলাস ইনৰ গুলীচালনাৰ ভয়ংকৰ অভিজ্ঞতাৰ বৰ্ণনা কৰে সত্যেন্দ্ৰ পাঠকে।
সত্যেন্দ্ৰ পাঠকৰ ভাষ্য অনুসৰি, হোটেলখনৰ সমীপত গাড়ী ৰখাক কেন্দ্ৰ কৰিয়েই প্ৰথমে ঘনকান্ত গগৈৰ সৈতে বাক-বিতণ্ডাৰ সূত্ৰপাত হৈছিল। পাৰ্কিঙত ঠাই নথকাত অলপ আঁতৰত গাড়ী ৰখাই তেওঁলোক হোটেলৰ ভিতৰলৈ আহিছিল। সেই সময়তে ঘনকান্ত গগৈয়ে গাড়ীখন পাৰ্কিঙত ৰখাৰ বিষয়ক লৈ আপত্তি দৰ্শাইছিল। ইয়াকে কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত কিছু সময় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।
ইয়াৰ পিছতে হঠাৎ ঘনকান্ত গগৈয়ে হোটেলৰ ভিতৰত প্ৰৱেশ কৰি পিষ্টল উলিয়াই গুলীচালনা আৰম্ভ কৰে। হোটেলৰ ৰিচেপচনৰ কাষৰ গ্লাছৰ মাজেৰে ভিতৰৰ দৃশ্য স্পষ্টকৈ দেখা পোৱা গৈছিল। সেই সময়ত হেলেনা আৰু দেৱৰ্ষি কাশ্যপো ভিতৰত আছিল।
গুলীৰ শব্দ শুনি প্ৰাণৰ মমতাত সকলোৱে ইফালে-সিফালে দৌৰিবলৈ ধৰে। সত্যেন্দ্ৰ পাঠকেও আন লোকৰ সৈতে পলায়নৰ চেষ্টা কৰে। তেওঁ এখন কম্পিউটাৰ মেৰামতিৰ দোকানৰ ভিতৰত আশ্ৰয় ল’বলৈ সোমাই যায়। কিন্তু ঘাতক ঘনকান্ত গগৈয়ে তাত উপস্থিত হৈ নাৰায়ণ দাসক লক্ষ্য কৰি গুলীচালনা কৰে। সত্যেন্দ্ৰ পাঠকক ঠেলা মাৰি গুলীচালনা কৰাত তেওঁৰ পিঠিৰ ফালে গুলী লাগে আৰু তেওঁ মাটিত ঢলি পৰে।
গুলীবিদ্ধ হৈ মাটিত পৰি যোৱাৰ পিছত কিছু সময়ৰ বাবে তেওঁ সংজ্ঞাহীন হৈ পৰিছিল। পিছত কোনোমতে উঠি বাহিৰলৈ ওলাই আহে যদিও সেই সময়ত কি ঘটিছিল সেয়া বুজি পোৱাৰ অৱস্থাত তেওঁ নাছিল।
সত্যেন্দ্ৰ পাঠকৰ ভাষ্যত প্ৰকাশ পোৱা এই ভয়ংকৰ অভিজ্ঞতাই হোটেল বিলাস ইনত সেইদিনা সংঘটিত নৃশংস হত্যাকাণ্ডৰ বিভীষিকাময় ছবিখন পুনৰ স্পষ্ট কৰি তুলিছে।
