বৃদ্ধ লোকক লক্ষ্য কৰি প্ৰৱঞ্চনা! ধন সৰবৰাহৰ গোচৰত আমেৰিকাত ভাৰতীয় নাগৰিকক ৮ বছৰৰ কাৰাদণ্ড

আমেৰিকাত বৃদ্ধ লোকক লক্ষ্য কৰি চলোৱা বৃহৎ প্ৰৱঞ্চনাৰ ধন সৰবৰাহৰ গোচৰত ৮ বছৰৰ কাৰাদণ্ড বিহা হ’ল এগৰাকী ভাৰতীয় নাগৰিকক। ৬০ বছৰীয়া আহমেদ মকবুল ছৈয়দক কাৰাদণ্ড বিহাৰ লগতে প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলক ২৪ লাখ মাৰ্কিন ডলাৰ ক্ষতিপূৰণ হিচাপে আদায় দিবলৈ নিৰ্দেশ দিছে আমেৰিকাৰ আদালতে।

আমেৰিকাৰ ন্যায় বিভাগৰ এক বিবৃতি অনুসৰি, ইলিনয়ৰ প্ৰাক্তন বাসিন্দা ছৈয়দক আমেৰিকাৰ জিলা ন্যায়াধীশ জন চি হিণ্ডাৰাৰে ৯৬ মাহৰ কাৰাদণ্ড বিহে। ধন সৰবৰাহৰ ষড়যন্ত্ৰত জড়িত থকাৰ কথা তেওঁ পূৰ্বেই স্বীকাৰ কৰিছিল।

তদন্তত পোহৰলৈ অহা অনুসৰি, ছৈয়দে আমেৰিকাৰ বিভিন্ন প্ৰান্তৰ বৃদ্ধ লোকক লক্ষ্য কৰি চলোৱা এক বৃহৎ প্ৰৱঞ্চনাৰ ধন সৰবৰাহৰ সৈতে জড়িত আছিল। প্ৰৱঞ্চক চক্ৰটোৱে প্ৰথমে কম্পিউটাৰত ভুৱা পপ-আপ বাৰ্তা প্ৰেৰণ কৰি কাৰিকৰী সমস্যাৰ সৃষ্টি হোৱা বুলি ভুক্তভোগীসকলক বিশ্বাস জন্মাইছিল। সহায় বিচাৰি ফোন কৰাৰ পিছত তেওঁলোকক কাৰিকৰী সহায়কাৰী অথবা চৰকাৰী বিষয়া বুলি পৰিচয় দিয়া প্ৰৱঞ্চকসকলৰ সৈতে সংযোগ কৰাই দিয়া হৈছিল।

পৰৱৰ্তী সময়ত ভুক্তভোগীসকলৰ বেংক একাউণ্ট হেক হোৱা অথবা ব্যক্তিগত তথ্য চুৰি হোৱা বুলি মিছা দাবী কৰি ভয় দেখুওৱা হৈছিল। আনকি কোনো কোনো লোকক তেওঁলোকৰ একাউণ্ট শিশু পৰ্ণগ্ৰাফী বা অন্যান্য অপৰাধৰ সৈতে জড়িত বুলি মিছাকৈয়ে কোৱা হৈছিল।

সম্পত্তি সুৰক্ষিত কৰি ৰখাৰ অজুহাতত প্ৰৱঞ্চকসকলে ভুক্তভোগীসকলক বেংকৰ পৰা নগদ ধন উলিয়াবলৈ, সোণ ক্ৰয় কৰিবলৈ আৰু উপহাৰ কাৰ্ড কিনিবলৈ নিৰ্দেশ দিছিল। পৰৱৰ্তী সময়ত সেই ধন আৰু উপহাৰ কাৰ্ডৰ তথ্য প্ৰৱঞ্চকসকলৰ হাতত তুলি দিবলৈ কোৱা হৈছিল। আনকি এগৰাকী ভুক্তভোগীক বিটকইন এটিএমত নগদ ধন জমা দিবলৈও বাধ্য কৰোৱা হৈছিল।

আমেৰিকাৰ ন্যায় বিভাগৰ মতে, এই প্ৰৱঞ্চনাৰ ফলত একাংশ বৃদ্ধ লোকে জীৱনজোৰা সাঁচতীয়া ধনৰ অধিকাংশই হেৰুৱাবলগীয়া হয়। এই ঘটনাৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আদালতে অভিযুক্তক ৮ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ক্ষতিগ্ৰস্তসকলক ২৪ লাখ মাৰ্কিন ডলাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০২৭ৰ এদিনীয়া বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ চাবলৈ ৮৪ লাখৰো অধিক আবেদন! ষ্টেডিয়ামত আসন মাত্ৰ ৩৪ হাজাৰ

ক্ৰিকেট বিশ্বৰ অন্যতম চৰ্চিত প্ৰতিদ্বন্দ্বিতা ভাৰত-পাকিস্তানৰ মেচক লৈ অনুৰাগীৰ...

অগ্নিবীৰসকলৰ বাবে সুখবৰ! ৪ বছৰৰ পৰিৱৰ্তে ৬ বছৰলৈ বৃদ্ধি সেৱাৰ ম্যাদ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা অগ্নিবীৰসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে...