মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ অভিযোগ, তদন্তৰ নিৰ্দেশ কেৰেলাম চৰকাৰৰ

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ। প্ৰায় দুটা দশক পূৰ্বে কেৰালম (কেৰেলা)ৰ লোকনিৰ্মাণ বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত এটা পথ নিৰ্মাণ প্ৰকল্পৰ কামৰ বিনিময়ত ২ কোটি টকা উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে। এই অভিযোগৰ তদন্তৰ বাবে কেৰালাৰ গৃহ বিভাগে দুৰ্নীতি নিবাৰক শাখাক নিৰ্দেশ দিছে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে, জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে কংগ্ৰেছ শাসিত কেৰালা চৰকাৰৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে।

কোল্লাম জিলাৰ এজন প্ৰাক্তন ঠিকাদাৰে ৰাজ্যৰ ভিজিলেন্স সঞ্চালকৰ ওচৰত এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে। অভিযোগকাৰীৰ দাবী অনুসৰি, তেওঁ কেৰালা ষ্টেট ট্ৰেন্সপ’ৰ্ট প্ৰজেক্টৰ অধীনত এটা নিৰ্মাণকাৰ্য সম্পন্ন কৰিছিল। কিন্তু কাম সম্পূৰ্ণ হোৱাৰ পিছতো প্ৰাপ্য ধন মোকলাই দিয়াৰ নামত তদানীন্তন লোকনিৰ্মাণ বিভাগৰ সচিব জ্ঞানেশ কুমাৰে ২ কোটি টকা উৎকোচ বিচাৰিছিল।

অভিযোগ অনুসৰি, অভিযন্তাসকলে কামৰ বিল অনুমোদন জনোৱাৰ পিছতো প্ৰায় ১৭ কোটি টকাৰ চেক ইচ্ছাকৃতভাৱে আৱদ্ধ কৰি ৰাখিছিল তদানীন্তন সচিবগৰাকীয়ে। ইয়াৰ ফলত প্ৰকল্পটোৰ সৈতে জড়িত এটা মালয়েছিয়ান প্ৰতিষ্ঠান বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছিল।

আনকি এই ঘটনাৰ পৰিণতিত প্ৰতিষ্ঠানটোৰ মালয়েছিয়ান অভিযন্তা লি ছি বীনে ২০০৬ চনত আত্মহত্যা কৰিছিল বুলিও অভিযোগকাৰীয়ে দাবী কৰিছে। তেওঁৰ দাবী অনুসৰি, লি ছি বীনে এৰি থৈ যোৱা আত্মহত্যাৰ টোকাতো জ্ঞানেশ কুমাৰৰ নাম উল্লেখ আছিল।

অভিযোগকাৰীয়ে লগতে দাবী কৰে যে, পূৰ্বতে ভিজিলেন্স বিভাগে এই ঘটনাৰ তদন্তৰ সময়ত যিসকল লোকক সোধা-পোছা কৰিছিল, তেওঁলোকৰ কোনোৱেই প্ৰকৃত ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নাছিল। সেয়েহে, এইবাৰ লি ছি বীনৰ পৰিয়ালৰ সদস্য আৰু সংশ্লিষ্ট প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলকো সোধা-পোছা কৰিবলৈ তেওঁ তদন্তকাৰী সংস্থাটোক আহ্বান জনাইছে।

এই অভিযোগ লাভ কৰাৰ পিছতে ভিজিলেন্স বিভাগে অধিক তদন্তৰ বাবে কেৰালা গৃহ বিভাগৰ অনুমতি বিচাৰিছিল। সূত্ৰ অনুসৰি, গৃহ বিভাগে ইতিমধ্যে সেই অনুমতি প্ৰদান কৰিছে। এতিয়া দুৰ্নীতি নিবাৰক শাখাই অভিযোগসমূহৰ সত্যতা নিৰূপণৰ বাবে তদন্ত আগবঢ়াব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বীৰছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱস উদযাপন, গুৱাহাটীত বিশেষ কৰ্মশালা

১৫ নৱেম্বৰত স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা বীৰছা মুণ্ডাৰ...

এতিয়াৰে পৰা খিৰিকীৰ কাঁচৰ পৰাই উৎপাদন হ’ব বিদ্যুৎ! কি এই অত্যাধুনিক ‘ছ’লাৰ গ্লাছ’ প্ৰযুক্তি?

প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ লগে লগে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো আহিছে...