নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ পুনৰ বিতৰ্ক, বিদ্যুৎ উৎপাদনৰ নামত সোৱণশিৰিৰ বুকুত মৰণফান্দ; পানীৰ অভাৱত সংকটত জলজ জীৱ

সোণসেৰীয়া সোৱণশিৰি নদীৰ বুকুত এতিয়া যেন নামি আহিছে সংকটৰ অমানিশা। এসময়ত পানীৰে উপচি থকা নদীখনৰ বুকু এতিয়া শুকাই যোৱাৰ উপক্ৰম ঘটিছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদনৰ স্বাৰ্থত নদীৰ পানী আৱদ্ধ কৰি ৰখাৰ ফলতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে। ইয়াৰ ফলত নদীখনৰ ওপৰত নিৰ্ভৰশীল হাজাৰ হাজাৰ লোকৰ জীৱন-জীৱিকা আৰু পৰিৱেশতন্ত্ৰলৈ নামি আহিছে গভীৰ সংকট।

এখন জীৱন্ত নদীৰ বুকুত এতিয়া বিৰাজ কৰিছে কৰুণ দৃশ্যই। যিখন সোৱণশিৰিৰ চঞ্চল সোঁতে এসময়ত লখিমপুৰকে ধৰি নামনি অসমৰ বিস্তীৰ্ণ অঞ্চলৰ জনজীৱন আৰু সভ্যতাক জীপাল কৰি ৰাখিছিল, সেইখন নদীৰ বুকুতে এতিয়া পানীৰ অভাৱত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, এনএইচপিচিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ফলত নদীখনৰ স্বাভাৱিক জলপ্ৰৱাহত ব্যাঘাত জন্মিছে।

নদীৰ বুকুত পানীৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত জলচৰ প্ৰাণী আৰু বিভিন্ন প্ৰজাতিৰ মাছৰ অস্তিত্বলৈও ভাবুকি আহিছে। বহু মাছ আৰু জলচৰ প্ৰাণীৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। এসময়ত সোৱণশিৰিৰ মাছৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰা হাজাৰ হাজাৰ মৎস্যজীৱী পৰিয়াল এতিয়া চৰম অনিশ্চয়তাৰ সন্মুখীন হৈছে। নদীৰ বুকুত পানীৰ অভাৱত মাছ ধৰা কাৰ্যত বাধাৰ সৃষ্টি হোৱাৰ লগতে পৰম্পৰাগত জীৱিকাও সংকটৰ গৰাহত পৰিছে।

নদীখনৰ এনে অৱস্থাই কেৱল জলজ পৰিৱেশতন্ত্ৰকেই নহয়, যুগ যুগ ধৰি সোৱণশিৰিৰ পাৰতে গঢ় লৈ উঠা জনজাতীয় আৰু নৈপৰীয়া সমাজৰ জীৱনধাৰাকো প্ৰভাৱিত কৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা নৈপৰীয়াৰ আৰ্তনাদে এতিয়া বৃহৎ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

আনহাতে, এই জলবিদ্যুৎ প্ৰকল্পক কেন্দ্ৰ কৰি ৰাজনৈতিক বিতৰ্কও পুনৰ চৰ্চালৈ আহিছে। প্ৰকল্পটো বন্ধ কৰাৰ দাবীত এসময়ত ৰাজপথত আন্দোলনত নামিছিল বৰ্তমানৰ কেইবাগৰাকীও ৰাজনৈতিক নেতা। ৰণোজ পেগু, ভুৱন পেগু, প্ৰশান্ত ফুকন আৰু পদ্ম হাজৰিকাকে ধৰি নেতাসকলে সেই সময়ত প্ৰকল্পবিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিছিল বুলি উল্লেখ কৰা হৈছে। আনকি বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত গোগামুখৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই প্ৰকল্পক লৈ ৰাজনৈতিক স্থিতিৰ পৰিৱৰ্তন হোৱা বুলি সমালোচনা কৰিছে একাংশই। এসময়ত যিটো প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল, আজি সেই প্ৰকল্পক লৈ শাসকীয় পক্ষৰ স্থিতি আৰু উন্নয়নৰ যুক্তিক লৈ প্ৰশ্ন উত্থাপন হৈছে।

প্ৰকৃতিৰ ভাৰসাম্য, জলজ সম্পদৰ সুৰক্ষা আৰু হাজাৰ হাজাৰ নৈপৰীয়া পৰিয়ালৰ জীৱিকাক আওকাণ কৰি কেৱল বিদ্যুৎ উৎপাদনেই যদি উন্নয়নৰ মাপকাঠী হয়, তেন্তে সেই উন্নয়নৰ প্ৰকৃত সুফল কোনে লাভ কৰিব? সোৱণশিৰিৰ বুকুত সৃষ্টি হোৱা এই পৰিস্থিতিয়ে এতিয়া চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত এই প্ৰশ্নটোৱেই ডাঙি ধৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মধ্যকালীন নিৰ্বাচনত ধৰাশায়ী ট্ৰাম্পৰ ৰিপাব্লিকান দল, কংগ্ৰেছৰ দুই সদন দখল ডেম’ক্ৰেটৰ

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আহ্বান, সকীয়নি আৰু ব্যাপক নিৰ্বাচনী প্ৰচাৰেও...

বীৰছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱস উদযাপন, গুৱাহাটীত বিশেষ কৰ্মশালা

১৫ নৱেম্বৰত স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা বীৰছা মুণ্ডাৰ...

এতিয়াৰে পৰা খিৰিকীৰ কাঁচৰ পৰাই উৎপাদন হ’ব বিদ্যুৎ! কি এই অত্যাধুনিক ‘ছ’লাৰ গ্লাছ’ প্ৰযুক্তি?

প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ লগে লগে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো আহিছে...