বলীউডৰ অভিনেতাসকললৈ ধন দাবী আৰু ভাবুকিৰ ফোন অহাৰ ঘটনা অব্যাহত আছে। অভিনেতা তুষাৰ কাপুৰৰ পিছত এইবাৰ অভিনেতা আয়ুষ্মান খুৰানালৈ আহিছে ধন দাবীৰ ফোন। ফোন কৰা ব্যক্তিজনে নিজকে লৰেন্স বিষ্ণোই গেঙৰ সদস্য বুলি পৰিচয় দি অভিনেতাজনৰ পৰা কেইবা কোটি টকা দাবী কৰা বুলি অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে অভিনেতা তুষাৰ কাপুৰেও একেধৰণৰ ভাবুকিপূৰ্ণ অডিঅ’ বাৰ্তা লাভ কৰিছিল। বাৰ্তাটো প্ৰেৰণ কৰা ব্যক্তিজনে নিজকে ‘হেৰী বক্সাৰ’ বুলি পৰিচয় দিছিল। আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ কাৰিকৰী দলে অডিঅ’ ৰেকৰ্ডিং পৰীক্ষা কৰি নিজৰ তথ্যভাণ্ডাৰত থকা হেৰী বক্সাৰৰ কণ্ঠস্বৰৰ নমুনাৰ সৈতে মিলাই চাইছিল। কিন্তু দুয়োটা কণ্ঠস্বৰৰ মাজত কোনো মিল পোৱা নগ’ল। ফলত লৰেন্স বিষ্ণোই গেঙৰ নাম ব্যৱহাৰ কৰি কোনো লোকে ভুৱা পৰিচয়েৰে ধন দাবী কৰাৰ সন্দেহ ঘনীভূত হৈছে।
ইফালে, শেহতীয়াকৈ অভিনেতা টাইগাৰ শ্ৰফৰ বাহনত হোৱা গুলীচালনাৰ ঘটনাই বলীউডত নিৰাপত্তাক লৈ নতুন উদ্বেগৰ সৃষ্টি কৰিছে। যোৱা ১৮ অক্টোবৰত মুম্বাইৰ জুহু অঞ্চলত গাড়ীৰে গৈ থকা অৱস্থাত অভিনেতাজনৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল। এই ঘটনাত টাইগাৰ শ্ৰফ অক্ষত অৱস্থাত ৰক্ষা পৰে যদিও তেওঁৰ গাড়ীচালক আৰু এজন পথচাৰী আহত হয়। লৰেন্স বিষ্ণোই গেঙৰ সদস্যই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত ১৩জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে লৰেন্স বিষ্ণোইৰ সহযোগী অনিল পণ্ডিতক পলাতক অভিযুক্ত হিচাপে বিচাৰি আছে।
আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্ত গুলীচালনাকাৰীসকলে অমিতাভ বচ্চন, ছলমান খান, আমিৰ খান আৰু অক্ষয় কুমাৰৰ বাসগৃহৰ চৌপাশে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগো উত্থাপন হৈছে।
টাইগাৰ শ্ৰফৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে বলীউডৰ তাৰকাসকলে নিজৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে। অভিনেতা তথা ব্যক্তিগত নিৰাপত্তা সংস্থা পৰিচালনা কৰা ৰণিত ৰয়ে এনডিটিভিৰ সৈতে হোৱা কথা-বতৰাত কয় যে, শেহতীয়াকৈ তাৰকাসকলৰ মাজত নিৰাপত্তাৰক্ষী আৰু নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ চাহিদা বাঢ়িছে। তেওঁৰ মতে, এই সকলোবোৰ সাৱধানতামূলক ব্যৱস্থা আৰু সকলোৱে নিজৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰিছে।
আনহাতে, অমিতাভ বচ্চনক শেহতীয়াকৈ জুহুৰ বাসগৃহৰ বাহিৰত অনুৰাগীসকলক বুলেটপ্ৰুফ কাঁচৰ আৱৰণৰ আঁৰৰ পৰা সম্ভাষণ জনোৱা দেখা গৈছে। সেই সময়ত পুত্ৰ অভিষেক বচ্চনেও নিৰাপত্তা ব্যৱস্থাৰ ওপৰত নজৰ ৰাখিছিল।
একেদৰে, ২ নৱেম্বৰত শ্বাহৰুখ খানৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহ ‘মন্নত’ৰ বাহিৰতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল। বৃহৎ সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰাৰ লগতে আৰম্ভণিতে অনুৰাগীসকলক বাসগৃহৰ বাহিৰত সমবেত হ’বলৈ অনুমতি দিয়া হোৱা নাছিল। অৱশ্যে, পিছত শ্বাহৰুখ খানে পৰিয়ালৰ সৈতে টেৰেছৰ পৰা অনুৰাগীসকলক হাত জোকাৰি সম্ভাষণ জনায়। পূৰ্বৰ দৰে অনুৰাগীৰ ওচৰলৈ আহি অভিবাদন জনোৱাৰ পৰিৱৰ্তে এইবাৰ তেওঁ যথেষ্ট দূৰত্ব বজাই ৰাখিছিল।
ক্ৰমাগতভাৱে সংঘটিত এনে ভাবুকি আৰু আক্ৰমণৰ ঘটনাই বলীউডৰ তাৰকাসকলৰ নিৰাপত্তাক লৈ নতুনকৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।
