১৫ নৱেম্বৰত স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা বীৰছা মুণ্ডাৰ জন্মজয়ন্তী। এই উপলক্ষে সমগ্ৰ দেশৰ লগতে প্ৰতিখন ৰাজ্যতে ভাৰত চৰকাৰে উদযাপন কৰিছে জনজাতীয় গৌৰৱ দিৱস। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত অনুষ্ঠিত হয় ‘জনজাতীয় জীৱিকা আৰু উদ্যোগ’ শীৰ্ষক এখন বিশেষ কৰ্মশালা।
কেন্দ্ৰীয় চৰকাৰৰ জনজাতি সমবায় বিপণন উন্নয়ন ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড (TRIFED)-ৰ উদ্যোগত আয়োজন কৰা হয় এই কৰ্মশালাখন। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ শতাধিক জনজাতীয় পুৰুষ-মহিলাই কৰ্মশালাত অংশগ্ৰহণ কৰে।
জনজাতীয় লোকসকলৰ জীৱিকাৰ উন্নয়ন, উদ্যোগীকৰণৰ প্ৰসাৰ আৰু তেওঁলোকৰ পৰম্পৰাগত সামগ্ৰী তথা দক্ষতাক ব্যৱসায়িক ক্ষেত্ৰত অধিক আগবঢ়াই নিয়াৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হয়।
কৰ্মশালাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। তেওঁলোকে জনজাতীয় সমাজৰ আৰ্থ-সামাজিক উন্নয়ন, স্বাৱলম্বিতা আৰু উদ্যোগ স্থাপনৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
জনজাতীয় সমাজৰ পৰম্পৰা, সংস্কৃতি আৰু জীৱিকাৰ সৈতে জড়িত সম্ভাৱনাসমূহক অধিক শক্তিশালী কৰাৰ লগতে উদ্যোগৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত এই কৰ্মশালাই বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
