ছিয়াং বহুমুখী বান্ধ প্ৰকল্পক লৈ অৰুণাচলৰ প্ৰতিবাদকাৰীৰ কাষত সোণম ৱাংচুক; ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ জৰুৰী পত্ৰ প্ৰেৰণ সোণম ৱাংচুকৰ, প্ৰকল্পটোক লৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী

অৰুণাচল প্ৰদেশৰ ছিয়াং উপত্যকাত প্ৰস্তাৱিত ছিয়াং আপাৰ বহুমুখী প্ৰকল্পক লৈ সৃষ্টি হোৱা প্ৰতিবাদ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে প্ৰতিবাদকাৰীসকলৰ সমৰ্থনত থিয় দিছে পৰিৱেশ কৰ্মী সোণম ৱাংচুক। এই বিষয়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ পৰিস্থিতিত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে তেওঁ।

বিশেষকৈ প্ৰস্তাৱিত প্ৰকল্পটোৰ বিৰোধিতা কৰি অহা আদী জনগোষ্ঠীকে ধৰি থলুৱা জনজাতীয় লোকসকলৰ অধিকাৰ, ভূমি আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰিছে ৱাংচুকে। লগতে সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণক ‘দেশবিৰোধী’ বা ‘বিদেশী পুঁজিৰে পৰিচালিত’ বুলি কৰা অভিযোগক দুৰ্ভাগ্যজনক আখ্যা দিয়ে তেওঁ।

ৰাষ্ট্ৰপতিলৈ লিখা পত্ৰত সোণম ৱাংচুকে অৰুণাচলৰ ছিয়াং উপত্যকাৰ পৰিস্থিতিৰ সৈতে লাডাখৰ চলিত আন্দোলনৰ সাদৃশ্য থকা বুলি উল্লেখ কৰে। লাডাখৰ জনসাধাৰণেও নিজৰ ভংগুৰ পৰিৱেশতন্ত্ৰ, পূৰ্বপুৰুষৰ ভূমি আৰু সাংস্কৃতিক পৰিচয় সুৰক্ষিত কৰাৰ বাবে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত সাংবিধানিক সুৰক্ষাৰ দাবী জনাই আহিছে বুলি উল্লেখ কৰে তেওঁ।

ৱাংচুকৰ মতে, আদী জনগোষ্ঠীৰ বাবে ছিয়াং নদী কেৱল এখন নদী নহয়, বৰঞ্চ মাতৃস্বৰূপ। তেওঁলোকে নদীখনক ‘আনে ছিয়াং’ অৰ্থাৎ ‘মাতৃ ছিয়াং’ বুলি সম্বোধন কৰে। লাডাখৰ জনসাধাৰণৰ সৈতে পাহাৰ, হিমবাহ আৰু নদীৰ যি আত্মিক সম্পৰ্ক, আদী জনগোষ্ঠীৰ বাবেও ছিয়াং নদীৰ গুৰুত্ব একেই বুলি মন্তব্য কৰে তেওঁ।

ইফালে, ছিয়াং উপত্যকাৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি ৱাংচুকে অভিযোগ কৰে যে অঞ্চলটোত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। যুৱ আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে গাঁওবাসীৰ চলাচলত বাধা আৰু ভয়-ভাবুকি প্ৰদান কৰা হৈছে। আনকি বৃদ্ধ গাঁওবাসীৰ ওপৰতো আৰক্ষীৰ অত্যাচাৰৰ অভিযোগ উত্থাপন হোৱা বুলি তেওঁ পত্ৰত উল্লেখ কৰে।

প্ৰকল্পটোৰ বিৰুদ্ধে মাত মাতিলেই প্ৰতিবাদকাৰীসকলক দেশবিৰোধী বা বিদেশী পুঁজিৰে পৰিচালিত বুলি আখ্যা দিয়াৰ প্ৰৱণতাকো সমালোচনা কৰে ৱাংচুকে। তেওঁৰ মতে, লাডাখ আৰু অৰুণাচলৰ জনসাধাৰণে যুদ্ধ আৰু সীমান্ত সংকটৰ সময়তো সদায় দেশৰ কাষত থিয় দি আহিছে। ভাৰতীয় সেনাৰ সৈতে কান্ধত কান্ধ মিলাই কঠিন পৰিস্থিতিত সহযোগিতা আগবঢ়াই অহা এই জনগোষ্ঠীসমূহৰ লোকসকলক কেৱল চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰাৰ বাবে সন্দেহৰ চকুৰে চোৱাটো উচিত নহয়।

তেওঁ লগতে সকীয়াই দিয়ে যে স্থানীয় জনসাধাৰণৰ বিশ্বাস আৰু সহযোগিতা দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অন্যতম বৃহৎ শক্তি। সেয়েহে এনে অভিযোগে দেশৰ নিৰাপত্তা শক্তিশালী কৰাৰ পৰিৱৰ্তে দুৰ্বলহে কৰিব পাৰে।

পত্ৰখনত ছিকিমৰ তিস্তা নদীৰ অৱবাহিকাত সংঘটিত ভয়াৱহ হিমবাহ হ্ৰদ বিস্ফোৰণজনিত বানপানীৰ (GLOF) উদাহৰণো দাঙি ধৰে পৰিৱেশ কৰ্মীগৰাকীয়ে। পাহাৰীয়া নদী ব্যৱস্থাত বৃহৎ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত পৰিৱেশ, ভূতাত্ত্বিক আৰু ভূমিকম্পজনিত বিপদৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে তেওঁ।

ৰাষ্ট্ৰপতিৰ ওচৰত সোণম ৱাংচুকে চাৰিটা বিশেষ দাবী উত্থাপন কৰিছে। সেই অনুসৰি ছিয়াং উপত্যকাৰ সাধাৰণ লোকৰ বসতিপ্ৰধান অঞ্চলৰ পৰা অত্যধিক নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ, শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে আটকাধীন লোকসকলক মুকলি, অযুক্তিকৰ গোচৰ প্ৰত্যাহাৰ আৰু আৰক্ষীৰ অত্যাচাৰৰ অভিযোগৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।

লগতে থলুৱা জনগোষ্ঠীৰ সৈতে অৰ্থপূৰ্ণ আলোচনা নোহোৱালৈকে প্ৰকল্প সম্পৰ্কীয় অপৰিৱৰ্তনীয় পদক্ষেপ বন্ধ ৰখা আৰু প্ৰকল্পটোৰ পৰিৱেশ, ভূতাত্ত্বিক, ভূমিকম্পজনিত তথা সামাজিক প্ৰভাৱৰ নিৰপেক্ষ মূল্যায়ন কৰাৰো দাবী উত্থাপন কৰে।

আনহাতে, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সোমবাৰে স্পষ্ট কৰি দিয়ে যে ছিয়াং আপাৰ বহুমুখী প্ৰকল্প নিৰ্মাণৰ সন্দৰ্ভত এতিয়ালৈকে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। বৰ্তমান কেৱল প্ৰকল্পটোৰ প্ৰাক্-সম্ভাৱ্যতা প্ৰতিবেদন প্ৰস্তুত কৰাৰ কামহে চলি আছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে এই পৰ্যায়ত বান্ধ নিৰ্মাণৰ কোনো কথা আলোচনা কৰা হোৱা নাই। যিকোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে সকলো পক্ষৰ সৈতে মুকলি আলোচনা, স্বচ্ছতা আৰু জনসাধাৰণৰ পৰামৰ্শ গ্ৰহণ কৰা হ’ব বুলিও আশ্বাস দিয়ে পেমা খাণ্ডুৱে।

উল্লেখ্য যে, ২৩ অক্টোবৰত প্ৰকল্পটোৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত হিংসা আৰু ভাঙি-ছিঙি পেলোৱাৰ ঘটনা সংঘটিত হোৱাৰ পাছতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে। অৱশ্যে প্ৰতিবাদ কৰাটো গণতান্ত্ৰিক অধিকাৰ বুলি স্বীকাৰ কৰি হিংসা, পথ অৱৰোধ আৰু আক্ৰমণৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

সোণম ৱাংচুকে পত্ৰখনৰ জৰিয়তে পুনৰ স্পষ্ট কৰি দিছে যে হিমালয়ৰ পৰিৱেশতন্ত্ৰ সুৰক্ষা আৰু সীমান্তৱৰ্তী জনগোষ্ঠীসমূহৰ অধিকাৰক সন্মান জনোৱাটো ৰাষ্ট্ৰীয় উন্নয়ন বা নিৰাপত্তাৰ পৰিপন্থী নহয়, বৰঞ্চ দুয়োটাৰে বাবে অত্যন্ত প্ৰয়োজনীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৪৭ বছৰৰ মূৰত CRPFৰ ইতিহাসত বিৰল অভিলেখ! একেৰাহে কৰা ১২ মাহৰ অভিযানত প্ৰাণ হেৰুওৱা নাই এজনো জোৱানে

দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...