‘ভোট চুৰি’ৰ অভিযোগক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত পুনৰ তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হৈছে। বিশেষ সংসদীয় অধিৱেশন আহ্বানৰ পৰা আৰম্ভ কৰি মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগ, ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) আৰু সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত চলিছে অভিযোগ-প্ৰত্যাভিযোগ। ইয়াৰ মাজতে বিদেশী শক্তিৰ সৈতে কাৰ সম্পৰ্ক আছে, সেই বিষয়ক লৈও মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীয়ে বিচাৰিলে ‘ভোট চুৰি’ৰ বিষয়ত আলোচনা কৰিবলৈ চৰকাৰ বিশেষ সংসদীয় অধিৱেশন আহ্বান কৰিবলৈ সাজু বুলি মন্তব্য কৰাৰ পাছতে কংগ্ৰেছে প্ৰত্যুত্তৰ দিয়ে। কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে কয় যে চৰকাৰ সঁচাকৈয়ে আলোচনা বিচাৰিছে যদি প্ৰথমে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ নিশ্চিত কৰিব লাগে। লগতে ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়া স্থগিত ৰখাৰো দাবী জনায় তেওঁ।
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নতুন প্ৰস্তাৱসমূহ বিৰোধী দলৰ সৈতে আগতীয়াকৈ ভাগ-বতৰা কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে জয়ৰাম ৰমেশে। এই বিষয়ত বিতং আলোচনাৰ বাবে সৰ্বদলীয় বৈঠক আহ্বান কৰিবলৈ গৃহমন্ত্ৰীয়ে কিয় আগ্ৰহ প্ৰকাশ কৰা নাই বুলিও প্ৰশ্ন কৰে তেওঁ।
ইফালে, সংসদৰ বৰ্ষাকালীন অধিৱেশন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ ৮২ দিন পাৰ হোৱাৰ পাছতো আনুষ্ঠানিকভাৱে অধিৱেশন সমাপ্ত ঘোষণা নকৰাৰ বিষয়টো উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
তেওঁ অভিযোগ কৰে যে লোকসভাত থকা দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় বিধেয়কসমূহ গৃহীত কৰাব বিচাৰিছে। এই বিধেয়কসমূহৰ প্ৰকৃত বিষয়বস্তু এতিয়াও প্ৰকাশ কৰা হোৱা নাই বুলি উল্লেখ কৰি ৰমেশে দাবী কৰে যে ২০২৯ চনত বিজেপিৰ সম্ভাৱ্য নিৰ্বাচনী পৰাজয়ৰ পৰা দলটোক ৰক্ষা কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
কংগ্ৰেছৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে বিজেপিয়েও। বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই সামাজিক মাধ্যমত বিৰোধী মিত্ৰজোঁটক আক্ৰমণ কৰি অভিযোগ কৰে যে ৰাজনৈতিক লাভালাভৰ বাবে বিৰোধীয়ে মিছা আৰু ঘৃণাৰ বীজ সিঁচিছে।
বিজেপিৰ আন এগৰাকী মুখপাত্ৰ গৌৰৱ ভাটিয়াই কয় যে বিগত ১২ বছৰ ধৰি দেশত ৰাজনৈতিক স্থিৰতা বজাই ৰখা গণতান্ত্ৰিক চৰকাৰেই ভাৰতৰ অন্যতম শক্তি। আনহাতে, বিৰোধী পক্ষৰ চিন্তাধাৰা নৈৰাজ্যবাদী বুলি অভিযোগ কৰি তেওঁলোকৰ বিৰুদ্ধে শাসন ব্যৱস্থাৰ পৰিৱৰ্তন ঘটোৱাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে।
ইয়াৰ মাজতে ৰাজনৈতিক বিতৰ্কই নতুন মোৰ লয় বিদেশী শক্তিৰ হস্তক্ষেপৰ প্ৰসংগত। ৰামলীলা ময়দানত বিৰোধীৰ সমাৱেশৰ পৰিকল্পনাৰ আৰম্ভণিৰে পৰাই বিজেপিয়ে অভিযোগ কৰি আহিছে যে বিদেশী শক্তিৰ পৃষ্ঠপোষকতাত বিৰোধীয়ে চৰকাৰ ওফৰাই পেলোৱাৰ ষড়যন্ত্ৰ চলাইছে।
ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে সামাজিক মাধ্যমত অভিযোগ কৰে যে বিদেশী শক্তিৰ সহায় অবিহনে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’বই নোৱাৰিলেহেঁতেন। এই প্ৰসংগতে প্ৰধানমন্ত্ৰী মোদীক মুকলি বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনায় ৰাহুলে।
মঙলবাৰে পুনৰ সেই প্ৰত্যাহ্বানৰ কথা সোঁৱৰাই ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে বিৰোধীক ‘দেশদ্ৰোহী’ বুলি অভিহিত কৰি আহিছে। সেয়ে বিদেশী শক্তিৰ সৈতে প্ৰকৃততে কাৰ সম্পৰ্ক আছে, সেই বিষয়ত মুকলি বিতৰ্ক হোৱা উচিত।
ৰাহুল গান্ধীৰ প্ৰত্যাহ্বান, “যিকোনো মঞ্চ বা স্থান বাছি লওক। আহক, মোৰ সৈতে বিতৰ্কত বহক। প্ৰকৃততে কোন দেশদ্ৰোহী? কাৰ সৈতে বিদেশী শক্তিৰ সম্পৰ্ক আছে আৰু সেই সম্পৰ্কৰ স্বৰূপ কি? সংবাদ মাধ্যম আৰু দেশৰ যুৱ প্ৰজন্মৰ উপস্থিতিত আমি মুখামুখি আলোচনাত বহিম। বিচাৰক হিচাপে আপুনি যাক ইচ্ছা নিৰ্বাচন কৰিব পাৰে। আনকি মোহন ভাগৱতজীকো বিচাৰক হিচাপে ৰাখিব পাৰে।”
লগতে দেশৰ আৰ্থিক ব্যৱস্থা আৰু আমেৰিকাৰ সৈতে হোৱা চুক্তিৰ বিষয়টোও বিতৰ্কৰ আওতালৈ অনাৰ কথা উল্লেখ কৰে ৰাহুলে। তেওঁৰ প্ৰশ্ন—চুক্তিখন কেনেকৈ সম্পন্ন হ’ল, কিয় ইমান খৰখেদা কৰা হ’ল, কিয় কেৱল প্ৰধানমন্ত্ৰীয়েহে এই বিষয়ত জড়িত আছিল আৰু কিয় মন্ত্ৰীসভাক অৱগত কৰা নহ’ল? ইয়াৰ উপৰি আদানি আৰু এপষ্টিন প্ৰসংগক লৈও মুকলি আলোচনাৰ আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে। “ভয় নকৰিব, সত্যক সন্মুখলৈ আহিবলৈ দিয়ক”—বুলি প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনায় তেওঁ।
ৰাহুল গান্ধীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কটাক্ষ কৰে। তেওঁ কয় যে উচ্চ পৰ্যায়ৰ বিতৰ্ক পৰিপক্ব ব্যক্তিৰ মাজতহে সম্ভৱ। নিজৰ পক্ষৰ পৰা ভাৰতবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰি আনক দোষাৰোপ কৰাটো ধৰ্মনিৰপেক্ষতাৰ কথা কোৱা ইছলামিক বিচ্ছিন্নতাবাদীসকলৰ সৈতে তুলনীয় বুলিও মন্তব্য কৰে ৰিজিজুৱে।
আনহাতে, কলকাতাত বিজেপি নেত্ৰী স্মৃতি ইৰানীয়েও ৰাহুল গান্ধীক সমালোচনা কৰে। তেওঁৰ অভিযোগ, মণিশংকৰ আয়াৰে পাকিস্তানলৈ গৈ মোদী চৰকাৰক ক্ষমতাৰ পৰা আঁতৰাবলৈ সহায় বিচাৰিছিল। একেদৰে ৰাহুল গান্ধীয়েও লণ্ডনলৈ গৈ তাত থকা লোকসকলক একত্ৰিত হৈ মোদীক ক্ষমতাৰ পৰা আঁতৰাবলৈ আহ্বান জনাইছিল। এনে অৱস্থাত তেওঁলোকে আনৰ বিৰুদ্ধে আঙুলি তোলে কেনেকৈ বুলিও প্ৰশ্ন কৰে স্মৃতি ইৰানীয়ে।
সামগ্ৰিকভাৱে ‘ভোট চুৰি’ৰ অভিযোগ, নিৰ্বাচনী সংস্কাৰ, SIR প্ৰক্ৰিয়া, সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিদেশী শক্তিৰ হস্তক্ষেপক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছৰ মাজৰ ৰাজনৈতিক সংঘাত অধিক তীব্ৰ হৈ পৰিছে। এতিয়া ৰাহুল গান্ধীৰ মুকলি বিতৰ্কৰ প্ৰত্যাহ্বানৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা বিজেপিৰ শীৰ্ষ নেতৃত্বই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়া লক্ষণীয় হ’ব।
