পিতৃৰ আদ্যশ্ৰাদ্ধৰ দিনাই ঘনকান্তৰ এনকাউণ্টাৰত মৃত্যুৰ খবৰ, ‘আজি দেউতাৰ আত্মাই শান্তি পালে’ আৱেগিক নাৰায়ন দাসৰ পুত্ৰ

গুৱাহাটীৰ চৰ্চিত বিলাস ইনত সংঘটিত ধাৰাবাহিক গুলীবৰ্ষণ আৰু পাঁচজনকৈ লোকৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱাৰ পাছতে ভুক্তভোগী পৰিয়ালসমূহৰ মাজত সৃষ্টি হৈছে আৱেগিক পৰিৱেশ।

এই বৰ্বৰ হত্যাকাণ্ডত ভূদেৱ ভৰালীৰ পৰিয়ালৰ সদস্যসকলৰ লগতে প্ৰাণ হেৰুৱাইছিল ভৰালী পৰিয়ালৰ এগৰাকী নিষ্ঠাৱান কৰ্মচাৰী তথা বৰপেটাৰোডৰ বাসিন্দা নাৰায়ণ দাসে।

ইফালে, আপোনজনক হেৰুওৱাৰ গভীৰ শোকৰ মাজতে ঘনকান্ত গগৈৰ মৃত্যুৰ খবৰে কিছু পৰিমাণে সকাহ দিছে নাৰায়ণ দাসৰ পৰিয়ালক। উল্লেখযোগ্য যে আজি নাৰায়ণ দাসৰ বাসগৃহত সম্পন্ন হয় তেওঁৰ আদ্যশ্ৰাদ্ধ অৰ্থাৎ দহাৰ কাৰ্যসূচী। এনে এক শোকাকুল পৰিৱেশৰ মাজতে মূল অভিযুক্ত ঘনকান্ত গগৈ আৰক্ষীৰ গুলীত নিহত হোৱাৰ খবৰ লাভ কৰে পৰিয়ালটোৱে।

পিতৃৰ দহাৰ দিনাই অভিযুক্তৰ মৃত্যুৰ খবৰ লাভ কৰি আৱেগিক হৈ পৰে নাৰায়ণ দাসৰ পুত্ৰ ৰঞ্জন দাস। সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, “আজি দেউতাৰ আত্মাই শান্তি পালে।”

পিতৃক হেৰুৱাৰ বেদনা আৰু হত্যাকাণ্ডৰ স্মৃতি আজিও পৰিয়ালটোৰ বাবে এক গভীৰ আঘাত হৈ আছে। তাৰ মাজতে পিতৃৰ আদ্যশ্ৰাদ্ধৰ দিনাই মূল অভিযুক্তৰ মৃত্যুৰ খবৰ লাভ কৰাক এক আৱেগিক মুহূৰ্ত হিচাপে অভিহিত কৰিছে ৰঞ্জন দাসে।

উল্লেখ্য যে, বিলাস ইন হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। পাঁচগৰাকীকৈ লোকৰ মৃত্যুৰ পাছত শোকত ভাগি পৰা পৰিয়ালসমূহে এতিয়াও আপোনজনক হেৰুওৱাৰ বেদনা কঢ়িয়াই লৈ ফুৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৪৭ বছৰৰ মূৰত CRPFৰ ইতিহাসত বিৰল অভিলেখ! একেৰাহে কৰা ১২ মাহৰ অভিযানত প্ৰাণ হেৰুওৱা নাই এজনো জোৱানে

দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...