ৰঙিয়াত পাৰিবাৰিক সংঘাতৰ কৰুণ পৰিণতি! পত্নীক দাৰে ঘপিয়াই হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে, পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যা

ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতিত পত্নীক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ বিৰুদ্ধে। আনহাতে, পত্নীক হত্যাৰ পিছতে আত্মহত্যা কৰে অভিযুক্ত স্বামী ইমদাদ আলীয়ে।

এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে ৰঙিয়াৰ কঞা থানাৰ অন্তৰ্গত বৰডোঙা বটাকুছি গাঁৱৰ ইছলামপুৰ চুবুৰীত।

প্ৰাপ্ত অভিযোগ অনুসৰি, নিজ গৃহত শুই থকা অৱস্থাতে পত্নী মাবিয়াৰা বেগমক দাৰে ঘপিয়াই হত্যা কৰে স্বামী ইমদাদ আলীয়ে। ইয়াৰ পিছতে ঘৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগৰ কলমণি গাঁৱত আত্মহত্যা কৰে অভিযুক্ত স্বামীয়ে।

প্ৰাথমিকভাৱে পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

এটা পাৰিবাৰিক সংঘাতৰ এনে কৰুণ পৰিণতিত সমগ্ৰ অঞ্চলটোতে শোক আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এই শোকাৱহ ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কান্দোনৰ মাজতো কিছু শান্তি, ঘনকান্তৰ এনকাউণ্টাৰৰ খবৰত কি ক’লে ভৰালী পৰিয়ালে?

গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজনীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত...

এনকাউণ্টাৰ কৰা বুলি আনুষ্ঠানিকভাৱে কিয় আমাক জনোৱা নাই বুলি ওলোটাই প্ৰশাসনক প্ৰশ্ন ঘনকান্তৰ ভাই-বোৱাৰীৰ

গুৱাহাটীৰ ‘হোটেল বিলাস ইন’ৰ পাঁচজনীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত...

শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ঘনকান্ত গগৈৰ

পুৱতি নিশা ৩.১০ বজাত সংঘটিত হয় গুলীচালনাৰ ঘটনা। আৰক্ষীৰ...

মজুৰি বৃদ্ধিৰ দাবীত উত্তাল বাংলাদেশ! পোছাক কৰ্মীৰ প্ৰতিবাদত সংঘৰ্ষ, আহত শতাধিক

মজুৰি বৃদ্ধিৰ দাবীত পোছাক উদ্যোগৰ শ্ৰমিকসকলে অব্যাহত ৰখা প্ৰতিবাদক...