অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ জনপ্ৰিয় অভিনেতা অপূৰ্ব কুমাৰ ডেকা, জনপ্ৰিয়ভাৱে অপু অনিৰুদ্ধ নামেৰে পৰিচিত অভিনেতাগৰাকীৰ দেহাৱসান। দেওবাৰে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৪ বছৰ।

বিগত দুটা দশক ধৰি অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিক আৰু সাংস্কৃতিক জগতখনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল অপু অনিৰুদ্ধ। অভিনয়ৰ জৰিয়তে দৰ্শকৰ মাজত বিশেষ পৰিচিতি লাভ কৰা অভিনেতাগৰাকীক সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ‘ৰতনপুৰ’ত ‘মদন’ নামৰ চৰিত্ৰটোত শেষবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল।
কেৱল অভিনয়েই নহয়, চিত্ৰনাট্য ৰচনা, সংলাপ ৰচনা আৰু পৰিচালনাৰ ক্ষেত্ৰতো নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল অপুৱে। সাংস্কৃতিক ক্ষেত্ৰখনত সক্ৰিয় ভূমিকা পালনৰ সমান্তৰালকৈ তেওঁ আছিল এগৰাকী অত্যন্ত পৰিশ্ৰমী ব্যক্তি। ঘৰতে এখন সৰু গেলামালৰ দোকান আৰু নাৰ্চাৰী স্থাপন কৰি জীৱন-জীৱিকাৰ পথো উলিয়াই লৈছিল তেওঁ।
গুৱাহাটীৰ চন্দ্ৰপুৰৰ নিৱাসী অপু অনিৰুদ্ধৰ জন্ম হৈছিল ১৯৮২ চনৰ ১ ফেব্ৰুৱাৰীত। মৃত্যুৰ সময়ত পত্নী আৰু এটি ৬ বছৰীয়া সন্তানক ইহসংসাৰত এৰি থৈ যায় তেওঁ।
অভিনয় আৰু সৃষ্টিশীল কৰ্মৰ জৰিয়তে অসমীয়া সাংস্কৃতিক জগতলৈ আগবঢ়াই যোৱা অৱদানৰ বাবে স্মৰণীয় হৈ ৰ’ব অপু অনিৰুদ্ধ। অভিনেতাগৰাকীৰ বিয়োগত অসমীয়া সাংস্কৃতিক আৰু চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে।
