তামুলপুৰৰ গড়গড়ীত জোঁৱায়েকক চোকা অস্ত্ৰৰে দলবদ্ধ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

তামুলপুৰ জিলাৰ গড়গড়ীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। শহুৰেকৰ ঘৰত আলহী খাবলৈ গৈ দলবদ্ধ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱালে ২৭ বছৰীয়া যুৱক ইকবাল হুছেইনে।

জানিব পৰা মতে, তামুলপুৰৰ শালমাৰাৰ বাসিন্দা ইকবাল হুছেইন ডুবাইত কৰ্মৰত আছিল। প্ৰায় ২০ দিন পূৰ্বে গড়গড়ীৰ জমিৰ আলীৰ কন্যাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ।

আজি ডুবাইলৈ উভতি যোৱাৰ কথা আছিল ইকবালৰ। সেয়ে যোৱাৰ পূৰ্বে নিশা শহুৰেকৰ ঘৰত ভাত খাবলৈ গৈছিল যুৱকজন। কিন্তু নিশা শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ উভতি যোৱাৰ সময়তে একে গাঁৱৰে ওমৰ আলীৰ নেতৃত্বত এটা দলে তেওঁক আগুৰি ধৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই আক্ৰমণত ইকবালৰ মূৰ আৰু শৰীৰৰ বিভিন্ন অংশত গুৰুতৰ আঘাত লাগে। ঘটনাৰ খবৰ পাই শহুৰেকৰ পৰিয়ালৰ লোক আৰু স্থানীয় গাঁওবাসীয়ে ততাতৈয়াকৈ তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়।

কিন্তু আঘাত গুৰুতৰ হোৱাৰ ফলত আজি পুৱা চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যু হয়।

ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে তামুলপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা চোকা অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে মূল অভিযুক্ত ওমৰ আলীসহ আন অভিযুক্তসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

নৱবিবাহিত যুৱকজনৰ এনে কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোক আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। হত্যাকাণ্ডৰ আঁৰৰ কাৰণ জানিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় গ্লেন মেক্সৱেলৰ! ১৪ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ সামৰণি

অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ...

৪৮ বছৰ ধৰি পানী খোৱা নাই বিশ্বৰ অন্যতম ধনকুবেৰ ৱাৰেন বাফেটে! পানীৰ সলনি কি পান কৰে তেওঁ?

বিশ্বৰ অন্যতম ধনকুবেৰ তথা প্ৰখ্যাত বিনিয়োগকাৰী ৱাৰেন বাফেটৰ খাদ্যাভ্যাসক...

অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতলৈ শোকৰ বতৰা, অভিনেতা অপু অনিৰুদ্ধৰ দেহাৱসান

অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ জনপ্ৰিয় অভিনেতা অপূৰ্ব কুমাৰ...

শ্বিলং চেৰী ব্লছম ফেষ্টিভেল কেতিয়া? কেনেকৈ টিকট ক্ৰয় কৰিব পাৰি?

প্ৰাকৃতিক সৌন্দৰ্য, পাহাৰ আৰু মনোমোহা পৰিৱেশৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ...