নেপালৰ মাউণ্ট এভাৰেষ্ট অঞ্চলত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! দুখন হেলিকপ্টাৰৰ সংঘৰ্ষত ভাৰতীয় পৰ্যটকৰ মৃত্যু, আহত ৩

নেপালৰ ছোলুখুম্বু জিলাত মঙলবাৰে পুৱা অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ মাজত সংঘৰ্ষৰ ফলত এগৰাকী ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে আন তিনিগৰাকী লোক আহত হয়।

মৃত পৰ্যটকগৰাকীক ভাৰতীয় নাগৰিক বসন্ত কুমাৰ বালাৰামাৰামাডু বুলি চিনাক্ত কৰা হৈছে। তেওঁ ফিষ্টেইল এয়াৰৰ হেলিকপ্টাৰখনত যাত্ৰা কৰি আছিল। নেপালৰ আৰক্ষী পৰিদৰ্শক মৌচম তামাঙে জনোৱা অনুসৰি, মৃত পৰ্যটকগৰাকীৰ মৃতদেহ লুকলাস্থিত এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে, একেখন হেলিকপ্টাৰত থকা ভাৰতীয় মূলৰ নিউজিলেণ্ডৰ নাগৰিক শৈলেশ কৃষ্ণ পেটেলো এই দুৰ্ঘটনাত আহত হয়। তেওঁক প্ৰভু এয়াৰৰ এখন হেলিকপ্টাৰেৰে কাঠমাণ্ডুৰ মেডিচিটি হাস্পতাললৈ লৈ যোৱা হয়।

দুৰ্ঘটনাটোত দুয়োখন হেলিকপ্টাৰৰ পাইলট দুজনো সামান্য পৰিমাণে আহত হয়। উন্নত চিকিৎসাৰ বাবে তেওঁলোককো কাঠমাণ্ডুলৈ প্ৰেৰণ কৰা হৈছে।

দ্য কাঠমাণ্ডু পোষ্টৰ বাতৰি অনুসৰি, এয়াৰ ডাইনেষ্টী আৰু ফিষ্টেইল এয়াৰৰ হেলিকপ্টাৰ দুখনৰ মাজত পুৱা প্ৰায় ৮ বাজি ১১ মিনিটত সংঘৰ্ষ সংঘটিত হয়। খুম্বু পাছাং লামু গ্ৰাম্য পৌৰসভাৰ ৪ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত ফেৰিচেত অৱতৰণ কৰাৰ সময়তে এই দুৰ্ঘটনা ঘটে।

ছোলুখুম্বু জিলা আৰক্ষীৰ দায়িত্বত থকা নবীন ৰাজ বুধাথোকীয়ে সংবাদ সংস্থা এএফপিক জনোৱা মতে, দুৰ্ঘটনাস্থলীতে এগৰাকী বিদেশী নাগৰিকৰ মৃত্যু হয় আৰু আন এগৰাকী আহত লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰ দুখনত মুঠ কিমানগৰাকী যাত্ৰী আছিল, সেই সন্দৰ্ভত এতিয়াও নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্লেন মেক্সৱেলৰ, এতিয়াৰে পৰা খেলিব কেৱল বিগ বেছ লীগ

অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ...

ত্ৰিপুৰাত ৩ BSF জোৱানক আক্ৰমণ; BSFৰ জোৱানৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে মাৰণাস্ত্ৰ

ত্ৰিপুৰাত ৩ BSF জোৱানক আক্ৰমণ। BSF-ৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ।...