ঘাতক ঘনকান্তৰ নিতৌ ন ন তথ্য উদঘাটন; ডিমাপুৰৰ স্বস্তি গান হাউচৰ পৰা ৩ লাখ টকাত পিষ্টল ক্ৰয় কৰিছিল ঘনকান্তই

ঘাতক ঘনকান্তৰ বিৰুদ্ধে ন ন তথ্য পোহৰলৈ আহিছে। ২০২৪ চনৰ ১৬ অক্টোবৰত নাগালেণ্ডৰ ডিমাপুৰস্থিত স্বস্তি গান হাউচৰ পৰা এটা .৩২ পিষ্টল ক্ৰয় কৰিছিল ঘনকান্তই।

প্ৰাপ্ত তথ্য অনুসৰি, পিষ্টলটোৰ লগতে ৪০ ৰাউণ্ড গুলীসহ মুঠ ৩ লাখ টকাত ক্ৰয় কৰিছিল আগ্নেয়াস্ত্ৰটো।

আনহাতে, ৰিটেইনাৰ লাইচেন্স ব্যৱহাৰ কৰি পিষ্টলটো ক্ৰয় কৰাৰ তথ্যও পোহৰলৈ আহিছে। ৰিটেইনাৰশ্বিপৰ জৰিয়তে মূল অনুজ্ঞাপত্ৰধাৰীৰ হৈ আন এজন ব্যক্তিয়ে আগ্নেয়াস্ত্ৰ ক্ৰয় বা নিজৰ জিম্মাত ৰখাৰ অনুমতি লাভ কৰিব পাৰে।

উল্লেখযোগ্য যে নাগালেণ্ডত ২০১৬ চনৰ পৰা নতুনকৈ আৰ্মছ লাইচেন্স প্ৰদান বন্ধ হৈ আছে। এনে পৰিস্থিতিত ৰিটেইনাৰ লাইচেন্সৰ জৰিয়তে ঘনকান্তই কেনেদৰে পিষ্টলটো ক্ৰয় কৰিবলৈ সক্ষম হ’ল, সেয়া বিশেষ তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চিকনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যান বেদখলমুক্ত কৰাৰ বিশেষ পদক্ষেপ বিটিচি প্ৰশাসনৰ: ৭৫টা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা

ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ দেউশ্ৰীত অৱস্থিত চিকনা জৌহৌলাউ (চিকনাঝাৰ)...