বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনে দেওবাৰে মুম্বাইৰ জুহুত অৱস্থিত নিজৰ বাসগৃহ ‘জলছা’ৰ বাহিৰত সমবেত হোৱা অনুৰাগীসকলক এইবাৰ বুলেটপ্ৰুফ কাঁচৰ আঁৰৰ পৰা হাত জোকাৰি সম্ভাষণ জনায়। অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰত এইদৰে সুৰক্ষামূলক কাঁচৰ পৰ্দা ব্যৱহাৰ কৰা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, জুহুত অভিনেতা টাইগাৰ শ্ৰফৰ ওপৰত গুলীচালনাৰ ঘটনাৰ দুসপ্তাহ পিছত আৰু অমিতাভ বচ্চনৰ বাসগৃহত আক্ৰমণৰ ভাবুকি দি ই-মেইল প্ৰেৰণ কৰাৰ নদিন পিছত এই সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে।
সাধাৰণতে প্ৰতি দেওবাৰে অনুৰাগীসকলক দেখা দিবলৈ অহাৰ সময়ত অমিতাভ বচ্চনে চকা লগোৱা এটা ওখ মঞ্চ ব্যৱহাৰ কৰে। ইয়াৰ ফলত দূৰত থকা অনুৰাগীসকলেও তেওঁক সহজে দেখা পায়। অভিনেতাগৰাকীয়ে পৰিধান কৰা ঢিলা জেকেটটোৰ ভিতৰত বুলেটপ্ৰুফ জেকেট থাকিব পাৰে বুলিও একাংশ অনুৰাগীয়ে অনুমান কৰিছে। নৱেম্বৰৰ ১ তাৰিখে অনুৰাগীসকলক সম্ভাষণ জনোৱাৰ সময়ত মঞ্চটোৰ তিনিওফালে সুৰক্ষামূলক কাঁচ লগোৱা দেখা যায়।
উল্লেখ্য যে, কেইবা দশক ধৰি প্ৰতি দেওবাৰে সন্ধিয়া জলছাৰ পৰা ওলাই আহি বাংলোটোৰ গেটৰ সন্মুখত সমবেত হোৱা অনুৰাগীসকলক হাত জোকাৰি সম্ভাষণ জনাই আহিছে অমিতাভ বচ্চনে।
এগৰাকী বিষয়াই জনোৱা অনুসৰি, যোৱা ২৩ অক্টোবৰত মেয়ৰ ঋতু টাৱড়েক প্ৰেৰণ কৰা এটা ই-মেইলত তেওঁৰ কাৰ্যালয়, অমিতাভ বচ্চনৰ বাসগৃহ আৰু গায়ক দিলজিৎ দোছাঞ্জৰ সংগীতানুষ্ঠানৰ স্থানত বোমা বিস্ফোৰণ ঘটোৱাৰ ভাবুকি দিয়া হৈছিল। ইয়াৰ পিছতে নিৰাপত্তা সংস্থাসমূহ আৰু মুম্বাই আৰক্ষীক উচ্চ সতৰ্কতা জাৰি কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, উপ-মেয়ৰ সঞ্জয় ঘাড়ীলৈও ই-মেইলটোৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছিল। ই-মেইলটোত ৩১ অক্টোবৰৰ পৰা ২৭ নৱেম্বৰৰ ভিতৰত জলছাক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ ভাবুকি দিয়াৰ লগতে ৩১ অক্টোবৰত এখন বিদ্যালয়ত গ্ৰেনেডেৰে আক্ৰমণ কৰাৰ সকীয়নি দিয়া হৈছিল। আনহাতে, ২৭ নৱেম্বৰত মহালক্ষ্মী ৰেছকোৰ্চ অঞ্চলত অনুষ্ঠিত হ’বলগীয়া দিলজিৎ দোছাঞ্জৰ সংগীতানুষ্ঠানৰ সময়তো আক্ৰমণৰ ভাবুকি দিয়া হৈছিল।
বিষয়াসকলে জনোৱা মতে, ই-মেইলটোত উল্লেখ কৰা সকলো স্থানতে নিৰাপত্তা ব্যৱস্থা আৰু নজৰদাৰী বৃদ্ধি কৰা হৈছে। লগতে ই-মেইলটোৰ উৎস বিচাৰি উলিওৱা আৰু প্ৰেৰকজনক চিনাক্ত কৰাৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে, অমিতাভ বচ্চনৰ বাসগৃহত বুলেটপ্ৰুফ কাঁচৰ ব্যৱস্থা চৰকাৰী নিৰ্দেশত কৰা হৈছে নে এয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।
ইফালে, যোৱা ১৮ অক্টোবৰৰ সন্ধিয়া জুহুত ফুটবল খেলৰ পৰা উভতি অহাৰ সময়ত অভিনেতা টাইগাৰ শ্ৰফৰ ওপৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। কম্পাউণ্ডৰ গেটৰ সন্মুখত অপেক্ষা কৰি থকা অনুৰাগীসকলৰ কাষেৰে তেওঁৰ বিএমডব্লিউ গাড়ীখন পাৰ হৈ যোৱাৰ সময়তে দুজন দুৰ্বৃত্তই গাড়ীখনলৈ লক্ষ্য কৰি কেইবাজাঁই গুলীচালনা কৰে। আক্ৰমণকাৰীসকলৰ এজনে পিছত পোনে পোনে টাইগাৰ শ্ৰফৰ ফালে বন্দুক টোঁৱায় যদিও বন্দুকটো বিকল হৈ পৰাত অভিনেতাগৰাকী কথমপি ৰক্ষা পৰে। অৱশ্যে, তেওঁৰ গাড়ীৰ চালক আৰু এজন পথচাৰী আহত হয়।
এই আক্ৰমণৰ দায়িত্ব লৰেন্স বিষ্ণোই গেঙে স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। গেংটোৱে দাবী কৰা অনুসৰি, কৃষ্ণসাৰ হৰিণ চিকাৰৰ গোচৰক কেন্দ্ৰ কৰি তেওঁলোকে অভিনেতা ছলমান খানক লক্ষ্য কৰি আহিছে। টাইগাৰ শ্ৰফৰ সৈতে ছলমান খানৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই এই আক্ৰমণ সংঘটিত কৰা হৈছিল বুলি গেংটোৱে দাবী কৰে।
সূত্ৰৰ খবৰ অনুসৰি, সন্দেহৰ পৰা হাত সাৰিবলৈ অভিযুক্তসকলে ফুৰিবলৈ যোৱাৰ অজুহাতত অমিতাভ বচ্চন, শ্বাহৰুখ খান, আমিৰ খান, অক্ষয় কুমাৰ আৰু ছলমান খানৰ বাসগৃহৰ চৌপাশে ঘূৰি তথ্য সংগ্ৰহ কৰিছিল। অৱশ্যে, তেওঁলোকৰ প্ৰকৃত লক্ষ্য আছিল টাইগাৰ শ্ৰফ। বলীউডৰ জগতখনত আতংকৰ সৃষ্টি কৰাই এই আক্ৰমণৰ মূল উদ্দেশ্য আছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে।
ঘটনাৰ সৈতে জড়িত বিহাৰৰ ২২ বছৰীয়া হৃতিক ওৰফে ৰোশন আৰু হাৰিয়ানাৰ ১৮ বছৰীয়া ৰেহান তথা ফুল সিঙক ৰাজস্থানৰ কোটাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আন দুগৰাকী অভিযুক্ত ৰাধা আৰু বাবিতাক নতুন দিল্লী ৰে’লৱে ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আনহাতে, ২১ বছৰীয়া কুনাল আৰু ১৯ বছৰীয়া সুমিতক হাৰিয়ানাৰ সোণীপতৰ পৰা আটক কৰা হয়। এই পৰ্যন্ত ঘটনাটোৰ সৈতে জড়িত মুঠ ১২জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
