দেশজুৰি আজি ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক জয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈছে। ৰাষ্ট্ৰীয় ঐক্য, সংহতি আৰু অখণ্ডতাৰ প্ৰতীক হিচাপে পৰিচিত চৰ্দাৰ বল্লভভাই পেটেলে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
দেশৰ ৰাজনৈতিক সংহতি স্থাপনৰ ক্ষেত্ৰত তেওঁৰ অৱদান আছিল বিশেষভাৱে উল্লেখযোগ্য। ৫৬০খনতকৈও অধিক দেশীয় ৰাজ্যক একত্ৰিত কৰি এখন শক্তিশালী আৰু অখণ্ড ভাৰত গঢ়াৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাষ্ট্ৰীয় একতা আৰু সংহতিৰ প্ৰতি আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানক সন্মান জনাই প্ৰতি বছৰে ৩১ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়।
চৰ্দাৰ পেটেলৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এখন শক্তিশালী, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল দেশ গঢ়াৰ বাবে চৰ্দাৰ পেটেলে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
আনহাতে, ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি পুৱা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘একতাৰ দৌৰ’ৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্বাহে কয় যে চৰ্দাৰ বল্লভভাই পেটেলৰ দূৰদৰ্শিতা আৰু দৃঢ়তাই দেশক একত্ৰিত কৰাৰ লগতে শক্তিশালী ৰাষ্ট্ৰীয় পৰিচয় গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ চৰ্দাৰ পেটেলক আধুনিক ভাৰতৰ খনিকৰ বুলি অভিহিত কৰি দেশৰ ৰাজনৈতিক আৰু আঞ্চলিক অখণ্ডতাৰ ভেটি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে।
চৰ্দাৰ পেটেলৰ আদৰ্শ আৰু অৱদানক স্মৰণ কৰি দেশৰ বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানত একতাৰ শপত, সাংস্কৃতিক অনুষ্ঠান আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। ৰাষ্ট্ৰীয় সংহতি, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰচাৰৰ উদ্দেশ্যে বিভিন্ন স্থানত ‘একতাৰ দৌৰ’ৰো আয়োজন কৰা হয়।
ইয়াৰ অংশ হিচাপে তামুলপুৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগতো একতাৰ দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱা ৯ বজাত তামুলপুৰ সদৰ আৰক্ষী থানাৰ পৰা আৰম্ভ হোৱা এই দৌৰত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় ঐক্য আৰু সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰে।
আনহাতে, চৰ্দাৰ পেটেলৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰদান কৰা ‘চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা’ আজি নিশা ৯.৩০ বজাত আকাশবাণীয়ে প্ৰচাৰ কৰিব।
উল্লেখযোগ্য যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত আকাশবাণীয়ে ১৯৫৫ চনৰ পৰা নিয়মীয়াকৈ ‘চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা’ৰ আয়োজন কৰি আহিছে।
দেশৰ ঐক্য, অখণ্ডতা আৰু সংহতিৰ প্ৰতি চৰ্দাৰ বল্লভভাই পেটেলে আগবঢ়াই যোৱা অৱদানক স্মৰণ কৰি আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হৈছে।
