প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শুকুৰবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত সমবেত হোৱা প্ৰতিবাদকাৰীসকলে। পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ অনুষ্ঠিত এই শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীত শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰৰ স্বচ্ছ তদন্ত, দোষীৰ কঠোৰ শাস্তি আৰু ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰা হয়।
প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গান যেনে – ‘মন্ত্ৰী-MLA সব পাপৰ হে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ,‘ন্যায়ালয়ৰ প্ৰতি আমাৰ পূৰ্ণ বিশ্বাস, ৰাজনীতিকৰ সলনি হোৱা কথাতহে নাই আশ্বাস’ আদিৰে ৰাজনৈতিক নেতাসকলৰ স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। বিশেষকৈ, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনৈতিক প্ৰতিশ্ৰুতি আৰু সময়ে সময়ে সলনি হোৱা বক্তব্যক লৈ ক্ষোভ প্ৰকাশ কৰা হয়। অৱশ্যে, ন্যায়ালয়ৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি গোচৰটোৰ ন্যায়সংগত নিষ্পত্তিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।
উল্লেখ্য যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰিবলৈ যোৱাৰ সময়ত মৃত্যু হৈছিল জনপ্ৰিয় শিল্পীগৰাকীৰ। এই ঘটনাক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি তদন্ত চলাইছে। গোচৰটোৰ শুনানি গুৱাহাটীৰ ফাষ্ট-ট্ৰেক আদালতত অব্যাহত আছে আৰু ইতিমধ্যে ১৩৪জনতকৈ অধিক সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে।
গোচৰটোৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তক ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে। আনহাতে, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা নিলম্বিত আৰক্ষী বিষয়া সন্দীপন গাৰ্গেও ১৬ অক্টোবৰত জামিন লাভ কৰে। দুয়োগৰাকী অভিযুক্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ প্ৰস্তুতি চলাইছে অসম আৰক্ষীৰ SIT-এ।
ইয়াৰ পূৰ্বে, ২৮ অক্টোবৰত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত পৰিয়ালৰ সদস্য আৰু শিল্পীৰ এটা প্ৰতিনিধি দলে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি সাতদফীয়া স্মাৰক-পত্ৰ প্ৰদান কৰিছিল। স্মাৰক-পত্ৰখনত গোচৰটোৰ ক্ষিপ্ৰ নিষ্পত্তি, জামিনৰ বিৰুদ্ধে আইনী পদক্ষেপ, সাক্ষীৰ সুৰক্ষা, অভিজ্ঞ অধিবক্তা নিয়োগ, বিত্তীয় আৰু অপৰাধমূলক দিশৰ নিৰীক্ষণ তথা পৰিয়ালৰ সৈতে নিয়মীয়া যোগাযোগকে ধৰি কেইবাটাও দাবী উত্থাপন কৰা হৈছিল।
চচলৰ প্ৰতিবাদৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে পুনৰ স্পষ্ট কৰি দিয়ে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায় নিশ্চিত নোহোৱালৈকে তেওঁলোকৰ দাবী অব্যাহত থাকিব।উদ্যোগত সমবেত হোৱা প্ৰতিবাদকাৰীসকলে। পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ অনুষ্ঠিত এই শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীত শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰৰ স্বচ্ছ তদন্ত, দোষীৰ কঠোৰ শাস্তি আৰু ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰা হয়।
