সাউকুছিৰ ভাৰাঘৰত ঘনকান্তক লৈ আৰক্ষীৰ অভিযান সমাপ্ত, ঘনকান্তক কথা কোৱাৰ সুযোগ নিদিলে আৰক্ষীয়ে।
হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈক লগত লৈ সাউকুছিৰ ভাৰাঘৰত আৰক্ষীয়ে চলোৱা অভিযানৰ সমাপ্তি ঘটিছে। প্ৰায় দুঘণ্টা ধৰি চলা এই অভিযানৰ সময়ত সাংবাদিকৰ সন্মুখত মন্তব্য ৰাখিব বিচাৰিছিল অভিযুক্ত ঘনকান্তই। কিন্তু আৰক্ষীয়ে তেওঁক কথা কোৱাৰ সুযোগ নিদি টানি-আঁজুৰি ভাৰাঘৰৰ পৰা উলিয়াই লৈ যায়। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ঘনকান্ত গগৈৰ আজি চতুৰ্থ দিন।

নিশা প্ৰায় ৯ বজাত গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। এই ঘটনাত ঘনকান্ত গগৈয়ে গুলীচালনা কৰি পাঁচজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। নিশা প্ৰায় ১০ বজাত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্তজনক।
গুলীচালনাত নিহত হোৱা লোককেইজন হৈছে ভূদেৱ ভৰালী (৬৫), হেলেনা ভৰালী (৫৮), দেৱৰ্ষি কাশ্যপ (৩৯), ৰিণিকা কাশ্যপ (৩০) আৰু নাৰায়ণ দাস (৪৮)। আনহাতে, গুলীচালনাত সত্যেন্দ্ৰ পাঠক (৪৩) নামৰ এজন লোক আহত হৈছিল।
ঘটনাৰ তদন্তৰ বাবে যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ নেতৃত্বত ছয়জনীয়া বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে। দলটোৱে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।
নাগালেণ্ডত পিষ্টল চালনাৰ প্ৰশিক্ষণ লোৱাৰ তথ্য, সন্ধান নাই গোপন কেমেৰা সংলগ্ন চশমাৰ
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত নিৰাপত্তাজনিত কাৰণ আৰু জেৰাৰ সুবিধাৰ বাবে ঘনকান্ত গগৈক লতাশিল আৰক্ষী থানালৈ স্থানান্তৰ কৰা হৈছিল। তাতেই SIT-এ অভিযুক্তজনক জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত ঘনকান্ত গগৈয়ে নাগালেণ্ডত পিষ্টল চালনাৰ প্ৰশিক্ষণ লোৱাৰ তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে। অৱশ্যে, হত্যাকাণ্ডৰ সময়ত অভিযুক্তজনে পিন্ধি থকা বুলি কোৱা গোপন কেমেৰা সংলগ্ন বিশেষ চশমাযোৰৰ এতিয়াও সন্ধান লাভ কৰা নাই আৰক্ষীয়ে।
এই চশমাযোৰ উদ্ধাৰ কৰাটো তদন্তৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ পৰিছে। হত্যাকাণ্ডৰ আঁৰৰ কাৰণ, পৰিকল্পনা আৰু আনুষংগিক দিশসমূহ পোহৰলৈ আনিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
