ধুবুৰীৰ যোগমায়া ঘাটত আৰক্ষীৰ বৃহৎ অভিযান, ২৫ সন্দেহজনক লোক আটক

ধুবুৰীৰ যোগমায়া ঘাটত সন্দেহজনক নাগৰিকৰ সন্ধানত ধুবুৰী আৰক্ষীয়ে বৃহৎ অভিযান চলায়। সুখচৰৰ পৰা এখন যন্ত্ৰচালিত নাওযোগে অহা এটা দলক কেন্দ্ৰ কৰি আৰক্ষীয়ে এই অভিযান চলায়। অভিযানকালত ২৫জন সন্দেহজনক লোকক আটক কৰা বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি, লোককেইজনে বাংলাদেশৰ পৰা গোপনে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে। তেওঁলোকৰ লগত ভুৱা আধাৰ কাৰ্ড থকাৰ কথাও পোহৰলৈ আহিছে বুলি জানিব পৰা গৈছে।

কি উদ্দেশ্যেৰে লোককেইজনে অসমত প্ৰৱেশ কৰিছিল, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। কোনো উগ্ৰপন্থী বা মৌলবাদী সংগঠনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে নেকি, সেই দিশতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইফালে, ৰাজ্যত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পৰিকল্পনা আছিল নেকি, সেই সম্ভাৱনাও আৰক্ষীয়ে পৰীক্ষা কৰি চাইছে। আটকাধীন লোককেইজনৰ পৰিচয়, ভাৰতত প্ৰৱেশৰ উদ্দেশ্য আৰু তেওঁলোকৰ হাতত থকা নথি-পত্ৰৰ সত্যতা নিৰূপণৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

অৱশ্যে, আটকাধীন লোককেইজনৰ নাগৰিকত্ব, বাংলাদেশৰ পৰা প্ৰৱেশৰ অভিযোগ আৰু কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ বিষয়টো আৰক্ষীৰ তদন্তৰ পিছতহে নিশ্চিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোটেল বিলাস ইন হত্যাকাণ্ডৰ শেহতীয়া খবৰ

সাউকুছিৰ ভাৰাঘৰত ঘনকান্তক লৈ আৰক্ষীৰ অভিযান সমাপ্ত, ঘনকান্তক কথা...