পশ্চিম এছিয়াত ৰক্তক্ষয়ী সংঘাত, ১৪ জন নাবিকসহ ২২ ভাৰতীয়ৰ মৃত্যু; ছৌদি আৰৱত থকা ভাৰতীয়লৈ সতৰ্কবাণী

পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে সংঘাত। ইৰানত নতুনকৈ আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছে আমেৰিকাই। আনহাতে, ছৌদি আৰৱত আক্ৰমণৰ পিছত ইৰানৰ সমৰ্থনপুষ্ট য়েমেনৰ হুথি গোটেও ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে। ছৌদি আৰৱৰ বিমানবন্দৰৰ লগতে হৰমুজ প্ৰণালী আৰু অন্যান্য সামুদ্ৰিক পথতো আক্ৰমণ সংঘটিত হৈছে। এই আক্ৰমণসমূহত এতিয়ালৈকে ২২ গৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত ১৪ গৰাকী নাবিক। ইয়াৰ উপৰি ছৌদি আৰৱত তিনিগৰাকী ভাৰতীয়ৰ মৃত্যুৰ খবৰ পোৱা গৈছে। এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

শক্তি আন্তঃগাঁথনি আৰু সামুদ্ৰিক যাতায়াতৰ পথত বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাই আঞ্চলিক নিৰাপত্তা আৰু সামুদ্ৰিক বাণিজ্যক লৈ উদ্বেগ বৃদ্ধি কৰিছে বুলি জানিবলৈ দিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে।

যোৱা কেইবাদিনো ধৰি ছৌদি আৰৱত আক্ৰমণ অব্যাহত আছে। দেশখনৰ কেইবাটাও বিমানবন্দৰতো আক্ৰমণ চলোৱা হৈছে। ইৰানত যুদ্ধ আৰম্ভ হোৱাৰ পিছত হৰমুজ প্ৰণালীৰ লগতে কৃষ্ণ সাগৰতো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কেইবাখনো বাণিজ্যিক জাহাজত হোৱা আক্ৰমণৰ ফলত ভাৰতীয় নাগৰিকো হতাহত হৈছে।

বুধবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই ঘটনাসমূহক লৈ উদ্বেগ প্ৰকাশ কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে। তেওঁ জানিবলৈ দিয়ে যে পশ্চিম এছিয়াত অব্যাহত থকা সংঘাত আৰু আক্ৰমণৰ ঘটনাত ১৪ গৰাকী নাবিকসহ মুঠ ২২ গৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে।

মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “ছৌদি আৰৱতো তিনিগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে। পশ্চিম এছিয়াত চলি থকা এই সংঘাতক লৈ আমি গভীৰভাৱে উদ্বিগ্ন।”

উপসাগৰীয় অঞ্চলত থকা ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তা আৰু কল্যাণৰ বিষয়টোত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। এই অঞ্চলত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰা হৈছে।

উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত যুটীয়াভাৱে আক্ৰমণ চলাইছিল। বৰ্তমানেও এই সংঘাতৰ অন্ত পৰা নাই। ইয়াৰ প্ৰভাৱ পশ্চিম এছিয়াৰ আন দেশসমূহলৈও বিয়পি পৰিছে। ভাৰতে ধাৰাবাহিকভাৱে কূটনৈতিক আলোচনাৰ মাধ্যমেৰে এই সংঘাতৰ সমাধানৰ পোষকতা কৰি আহিছে।

হৰমুজ প্ৰণালীৰ লগতে বাব-এল-মান্দেব প্ৰণালীক লৈও উদ্বেগ বৃদ্ধি পাইছে। এই সামুদ্ৰিক পথে লোহিত সাগৰক এডেন উপসাগৰ আৰু আৰব সাগৰৰ সৈতে সংযোগ কৰিছে। এই পথত যিকোনো ধৰণৰ বাধাৰ সৃষ্টি হ’লে বিশ্বজুৰি শক্তি যোগান, বাণিজ্যিক জাহাজৰ চলাচল আৰু অঞ্চলটোত কৰ্মৰত নাবিকসকলৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি নতুন দিল্লীয়ে উদ্বেগ প্ৰকাশ কৰিছে।

ইফালে, ছৌদি আৰৱত হোৱা আক্ৰমণৰ পিছত দেশখনত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক সতৰ্ক কৰি পৰামৰ্শাৱলী জাৰি কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। অঞ্চলটোত থকা ভাৰতীয় নাগৰিকসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব ষ্ট্ৰ’ক দিৱস; ষ্ট্ৰ’ক দিৱস উপলক্ষে গুৱাহাটী মেট্ৰ’ হাস্পতালৰ বিশেষ কাৰ্যসূচী

বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে আজি গুৱাহাটী মেট্ৰ’ হাস্পতালৰ উদ্যোগত...

কেঞ্চাৰৰ ঔষধৰ দাম ৯৩ শতাংশ পৰ্যন্ত হ্ৰাস, ৰোগীলৈ বৃহৎ সকাহ

কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে দেশত কেইবাবিধো...