ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাক লৈ গুৱাহাটীত অনুষ্ঠিত হয় এখন সংবাদমেল। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ২৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। এইবাৰৰ প্ৰতিযোগিতাত ৰাজ্যৰ ২৯খন জিলাৰ দলসমূহে অংশগ্ৰহণ কৰিব।

আয়োজকসকলে প্ৰকাশ কৰা অনুসৰি, তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত মুঠ ২৩২টা ক্লাবৰ প্ৰায় ৬,৯৬০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। সমগ্ৰ প্ৰতিযোগিতাখন ৩০খন খেলপথাৰত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত জিলা পৰ্যায়ত মুঠ ৪৩৫খন খেল অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ত ৫৪ৰ পৰা ৬০খন খেল অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। অন্তিম পৰ্যায়ৰ খেলসমূহ গুৱাহাটীৰ জৰ্জ খেলপথাৰত অনুষ্ঠিত হ’ব। এই পৰ্যায়ত জৰ্জ খেলপথাৰত মুঠ ১৫খন খেল অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

অহা ২৯ নৱেম্বৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল। প্ৰতিযোগিতাখনত চেম্পিয়ন হোৱা দলে লাভ কৰিব ১০ লাখ টকাৰ পুৰস্কাৰ। আনহাতে, ৰানাৰ্ছ-আপ দলে লাভ কৰিব ৫ লাখ টকা। ছেমি ফাইনেলত প্ৰৱেশ কৰা দলসমূহক ২ লাখ ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

এইবাৰৰ বৰদলৈ ট্ৰফী সফলভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাই সহযোগিতা আগবঢ়াব। ৰাজ্যৰ ফুটবল প্ৰতিভাসমূহক এখন বৃহৎ মঞ্চ প্ৰদান কৰাৰ লগতে অসমৰ ফুটবলক অধিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰতো এই প্ৰতিযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...

২৮ হাজাৰ কোটি টকাৰ চাইবাৰ জালিয়াতিৰ সন্দেহত অধিবক্তাক গ্ৰেপ্তাৰ EDৰ

প্ৰায় ২৮ হাজাৰ কোটি টকাৰ বেংকিং লেনদেনৰ সৈতে জড়িত...