শ্ৰীভূমিত বিহু শিল্পীৰে মাৰপিটক লৈ উত্তাল অসম; দোষীক শাস্তিৰ দাবী

বৰাক উপত্যকাৰ শ্ৰীভূমিত প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি বিহু শিল্পীৰ সৈতে মাৰপিটৰ অভিযোগ উত্থাপন হৈছে হিন্দুস্থান ক্লাবৰ সদস্যৰ বিৰুদ্ধে। শনিবাৰে নিশা ক্লাবটোৰ অন্তিম প্ৰতিমা বিসৰ্জন উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অনুষ্ঠানটোত বিহু নৃত্যৰ লগতে স্থানীয় নৃত্যশিল্পীসকলৰ অনুষ্ঠান পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছিল। সেই অনুষ্ঠানতে বিহু শিল্পীসকলক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা হিন্দুস্থান ক্লাবৰ ১৩জন সদস্যক আৰক্ষীয়ে আটক কৰাৰ পিছত মুকলি কৰি দিয়ে।

মাৰপিটৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আছু, AJYCP আৰু অন্যান্য দল-সংগঠনে ঘটনাটোক গৰিহণা দিয়াৰ লগতে জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

আছুৰ সভাপতি উৎপল শৰ্মাই বিহু দলৰ ওপৰত হোৱা আক্ৰমণক অক্ষমণীয় বুলি অভিহিত কৰি অসমত অসমীয়াৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ অসমীয়াবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনেও ঘটনাটোক তীব্ৰ গৰিহণা দি জড়িত লোকসকলক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনায়। আনহাতে, AJYCPৰ সভাপতি পলাশ চাংমায়ে ঘটনাৰ সৈতে জড়িত লোকসকলক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায়।

ইফালে, টাই আহোম যুৱ পৰিষদ অসমৰ (টাইপা) সাধাৰণ সম্পাদক গুণকান্ত গগৈয়েও শ্ৰীভূমিৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...

২৮ হাজাৰ কোটি টকাৰ চাইবাৰ জালিয়াতিৰ সন্দেহত অধিবক্তাক গ্ৰেপ্তাৰ EDৰ

প্ৰায় ২৮ হাজাৰ কোটি টকাৰ বেংকিং লেনদেনৰ সৈতে জড়িত...

‘আপোনালোকৰ অট্টালিকাত বোমা আছে’ ! এদিনৰ ছুটী পাবলৈ ভুৱা ভাবুকিৰে ই-মেইল প্ৰেৰণ দিল্লীৰ ছাত্ৰীৰ

দিল্লীৰ এখন বিদ্যালয়ত এদিনৰ ছুটী লাভ কৰাৰ উদ্দেশ্যে এগৰাকী...