‘আপোনালোকৰ অট্টালিকাত বোমা আছে’ ! এদিনৰ ছুটী পাবলৈ ভুৱা ভাবুকিৰে ই-মেইল প্ৰেৰণ দিল্লীৰ ছাত্ৰীৰ

দিল্লীৰ এখন বিদ্যালয়ত এদিনৰ ছুটী লাভ কৰাৰ উদ্দেশ্যে এগৰাকী ছাত্ৰীয়ে ভুৱা বোমাৰ ভাবুকি দি ই-মেইল প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত আতংকৰ সৃষ্টি হোৱাৰ লগতে বিদ্যালয় চৌহদ খালী কৰি আৰক্ষীক খবৰ দিবলগীয়া হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, দুদিনীয়া তদন্তৰ অন্তত ই-মেইল প্ৰেৰণ কৰা ছাত্ৰীগৰাকীক চিনাক্ত কৰা হয়।

ঘটনাটো সংঘটিত হয় দিল্লীৰ লোধি ৰোডস্থিত এয়াৰ ফ’ৰ্চ বল ভাৰতী স্কুলত। যোৱা ২৩ অক্টোবৰত ছাত্ৰীগৰাকীয়ে বিদ্যালয়খনলৈ ‘আপোনালোকৰ অট্টালিকাত বোমা আছে’ শীৰ্ষক এটা ই-মেইল প্ৰেৰণ কৰা বুলি অভিযোগ উঠিছে।

ই-মেইলটো লাভ কৰাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই আতংকিত হৈ বিদ্যালয় চৌহদ খালী কৰে আৰু আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীয়ে বিদ্যালয়খনত ব্যাপক তালাচী চলায় যদিও কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ নহ’ল।

চাইবাৰ চেলৰ তদন্তত চিনাক্ত ছাত্ৰী

শেহতীয়াকৈ দিল্লীৰ কেইবাখনো বিদ্যালয়লৈ একেধৰণৰ ভুৱা বোমাৰ ভাবুকি অহাৰ ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে। সেয়েহে আৰক্ষীয়ে এই ঘটনাটোক গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰে। দিল্লী আৰক্ষীৰ চাইবাৰ শাখাই ডিজিটেল তথ্য আৰু কাৰিকৰী দিশসমূহ বিশ্লেষণ কৰি ই-মেইল প্ৰেৰণকাৰীক বিচাৰি উলিয়ায়।

শনিবাৰে আৰক্ষীয়ে ই-মেইল প্ৰেৰণ কৰা ছাত্ৰীগৰাকীক চিনাক্ত কৰে। সোধা-পোছাৰ সময়ত ছাত্ৰীগৰাকীয়ে এদিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ উদ্দেশ্যে এই ই-মেইল প্ৰেৰণ কৰা বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।

আন বোমাতংকৰ ঘটনাৰ সৈতে সম্পৰ্ক আছেনে?

ছাত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বেও এনে ধৰণৰ ভাবুকি প্ৰেৰণ কৰিছিল নেকি, অথবা দিল্লীৰ আন বিদ্যালয়সমূহত সংঘটিত বোমাতংকৰ ঘটনাৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ঘটনাটোৰ আঁৰৰ সম্পূৰ্ণ তথ্য উদঘাটনৰ বাবে ছাত্ৰীগৰাকীক অধিক সোধা-পোছা কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, কিশোৰ ন্যায় আইন (Juvenile Justice Act) অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শ্ৰীভূমিত বিহু শিল্পীৰে মাৰপিটক লৈ উত্তাল অসম; দোষীক শাস্তিৰ দাবী

বৰাক উপত্যকাৰ শ্ৰীভূমিত প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি বিহু শিল্পীৰ...

যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ। দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ...

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ড: মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ মুছকান-চাহিল

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ডৰ দোষী মুছকান আৰু চাহিলে মৃত্যুদণ্ডক...