ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নিষ্ঠুৰ বাস্তৱতা! ৪৯১ দিন মৃত্যুৰ সৈতে সহাৱস্থান, জীয়াই থাকিবলৈ নিজৰ ভৰি নিজেই কাটিলে ইউক্ৰেইনৰ সৈনিকে

“মই ভৰিখন এটা ইটাৰ ওপৰত ৰাখিলোঁ, তাৰ পিছত মোৰ ছুৰীখন ল’লোঁ।” “চকুৰে চকুলো বৈ আছিল;কিন্তু কাটিবলগীয়া হৈছিল।”

নিজৰ ভৰি নিজেই কাটিবলগীয়া হৈছিল এজন সৈনিকে। ধ্বংসপ্ৰাপ্ত বিদ্যালয়ৰ তলত ৪৯১ দিনৰ যন্ত্ৰণা, অৱশেষত ড্ৰ’নেৰে উদ্ধাৰ

যুদ্ধৰ পথাৰত ৪৯১ দিনৰ সহাৱস্থান। এখন ধ্বংসপ্ৰাপ্ত বিদ্যালয়ৰ তলত মৃত্যুৰ সৈতে প্ৰতিটো মুহূৰ্তৰ যুঁজ। আকাশত শত্ৰুৰ ড্ৰ’নৰ অহৰহ চকু। খাদ্যৰ বাবে অপেক্ষা, শৰীৰত অসহনীয় যন্ত্ৰণা আৰু জীয়াই থকাৰ শেষ চেষ্টা। অৱশেষত নিজৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত ভৰি এখন নিজেই কাটিবলগীয়া হৈছিল এজন সৈনিকে। এয়া কোনো কাল্পনিক চিনেমাৰ কাহিনী নহয়, এয়া যুদ্ধৰ সেই নিষ্ঠুৰ বাস্তৱতা, য’ত জীয়াই থকাটোৱেই হৈ পৰে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ মাজতে পোহৰলৈ আহিছে ৪৯ বছৰীয়া ইউক্ৰেইনৰ সৈনিক কষ্টিয়ান্টিন ভ্লাছেংকোৰ এক শিহৰণকাৰী কাহিনী। প্ৰায় ৪৯১ দিন যুদ্ধক্ষেত্ৰৰ সমুখ সমৰত আবদ্ধ হৈ থকাৰ পিছত অৱশেষত তেওঁক উদ্ধাৰ কৰা হয় এক বিশেষ অভিযানৰ জৰিয়তে। উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল ৬খন প্ৰপেলাৰযুক্ত গধুৰ সামগ্ৰী কঢ়িয়াব পৰা ড্ৰ’ন।

কিন্তু উদ্ধাৰৰ এই কাহিনীয়ে কেৱল এজন সৈনিকক যুদ্ধক্ষেত্ৰৰ পৰা উলিয়াই অনাৰ কাহিনী নহয়। এয়া হৈছে যুদ্ধই এজন মানুহৰ শৰীৰ, মন আৰু জীয়াই থকাৰ আশাক কিমান ভয়ংকৰভাৱে আঘাত কৰিব পাৰে, তাৰ এক কৰুণ উদাহৰণ।

ধ্বংসপ্ৰাপ্ত বিদ্যালয়ৰ তলত মাহৰ পিছত মাহ

যোৱা বছৰ ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰৰ সমুখ সমৰত নিয়োজিত কৰা হৈছিল কষ্টিয়ান্টিন ভ্লাছেংকোক। ‘ভেৰ্টুন’ নামেৰে পৰিচিত সেই স্থানত তেওঁ আন এজন সহযোদ্ধাৰ সৈতে কৰ্তব্য পালন কৰি আছিল। তেওঁলোকৰ আশ্ৰয়স্থল আছিল এটা কংক্ৰিটৰ নলাৰ অংশ আৰু তাৰ সৈতে সংলগ্ন এটা সৰু গাঁতসদৃশ বাংকাৰ।

প্ৰথম অৱস্থাত ড্ৰ’নৰ জৰিয়তে তেওঁলোকলৈ খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী পঠিওৱা হৈছিল। কিন্তু পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হৈ পৰে। ৰাছিয়াৰ ড্ৰ’নে আকাশত অবিৰতভাৱে চকু ৰাখিবলৈ ধৰাত বাহিৰলৈ ওলাই অহাটোও হৈ পৰে জীৱনৰ বাবে বিপজ্জনক।

ভ্লাছেংকোৰ ভাষাত, “তুমি তাক দেখা নাপালেও সি তোমাক দেখি পাইছিল।”

এই এষাৰ কথাই যুদ্ধক্ষেত্ৰত ড্ৰ’নৰ অবিৰত নিৰীক্ষণৰ মাজত জীয়াই থকাৰ ভয়ংকৰ বাস্তৱতাক প্ৰকাশ কৰে।

তেওঁলোকক উদ্ধাৰ কৰিবলৈ পঠিওৱা দুজন সৈনিক গন্তব্যস্থানত পোৱাৰ আগতেই নিহত হয়। আন দুজন সৈনিকে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁতে প্ৰাণ হেৰুৱায়।

ইয়াৰ পিছত ভ্লাছেংকোৱে নিজৰ ঊৰ্ধ্বতন বিষয়াসকলক তেওঁলোকক উদ্ধাৰ কৰিবলৈ আৰু সৈনিক নপঠিয়াবলৈ অনুৰোধ জনায়।

তেওঁৰ কথাত, “মই অকলে মৰিবলৈ সাঁজু, কিন্তু মোৰ বাবে আন সৈনিকৰ মৃত্যু হোৱাটো নিবিচাৰোঁ।”

কল্পনা কৰক, এজন সৈনিকে নিজৰ জীৱন ৰক্ষাৰ বাবে সহায় বিচৰাৰ পৰিৱৰ্তে আনৰ জীৱন বচাবলৈ নিজকে মৃত্যুৰ মুখলৈ এৰি দিবলৈও সাজু হৈছিল।

বাওঁ ভৰি হেৰুওৱাৰ পিছত সোঁ ভৰিখনো নিজেই কাটিবলগীয়া হ’ল।

ভ্লাছেংকোৰ জীৱনৰ আটাইতকৈ শিহৰণকাৰী অধ্যায়টো আৰম্ভ হৈছিল তেওঁৰ শৰীৰত গুৰুতৰ আঘাত পোৱাৰ পিছত।

এখন ড্ৰ’নৰ আক্ৰমণত তেওঁ নিজৰ বাওঁ ভৰিখন হেৰুৱায়। আঘাতৰ ফলত ভৰিখন ক্ৰমাৎ নষ্ট হৈ গৈছিল। তেওঁ ইউক্ৰেইনৰ সংবাদ মাধ্যমক জনোৱা অনুসৰি, এপ্ৰিল মাহত তেওঁৰ বাওঁ ভৰিখন নষ্ট হৈ পৰে।

কিন্তু তেওঁৰ যন্ত্ৰণা তাতেই শেষ হোৱা নাছিল।

সোঁ ভৰিখনো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈ পৰিছিল। আঘাতৰ অৱস্থা ইমানেই বেয়া হৈছিল যে হাড় ছাল ভেদ কৰি বাহিৰলৈ ওলাই আহিছিল। আশ্ৰয়স্থলৰ পৰা খাদ্য আৰু অন্যান্য সামগ্ৰী আনিবলৈ যোৱাৰ ফলত আঘাত আৰু অধিক বেয়া হৈ পৰিছিল।

তেওঁৰ সন্মুখত নাছিল কোনো চিকিৎসালয়, নাছিল অস্ত্ৰোপচাৰৰ সুবিধা, নাছিল চিকিৎসকৰ সহায়। আছিল কেৱল অসহনীয় যন্ত্ৰণা, সীমিত সামগ্ৰী আৰু জীয়াই থকাৰ তীব্ৰ ইচ্ছা।

অৱশেষত তেওঁ এনে এটা সিদ্ধান্ত ল’বলৈ বাধ্য হয়, যিটো শুনিলেই শৰীৰ শিয়ৰি উঠে। এটা ইটা আৰু এখন ছুৰীৰ সহায়ত নিজৰ সোঁ ভৰিখন নিজেই কাটিবলৈ বাধ্য হয় কষ্টিয়ান্টিন ভ্লাছেংকো। তেওঁৰ ভাষাত, “মই ভৰিখন এটা ইটাৰ ওপৰত ৰাখিলোঁ, তাৰ পিছত ছুৰীখন ল’লোঁ।” তেওঁ লগতে কয়, “চকুৰে চকুলো বৈ আছিল; কিন্তু কাটিবলগীয়া হৈছিল।” নিজৰ শৰীৰৰ এটা অংগ নিজ হাতেৰে কাটি পেলোৱাৰ সেই মুহূৰ্তত তেওঁ কিমান শাৰীৰিক আৰু মানসিক যন্ত্ৰণাৰ মাজেৰে পাৰ হৈছিল, সেয়া কল্পনা কৰাটোও কঠিন।

ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ কি ব্যৱহাৰ কৰিছিল?

এপ্ৰিল মাহত বাওঁ ভৰিখন হেৰুওৱাৰ পিছত মে’ মাহত সোঁ ভৰিখনো নিজেই কাটিবলগীয়া হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। যুদ্ধৰ ভয়ংকৰতা ইয়াতেই—যি মানুহে আনৰ জীৱন ৰক্ষা কৰিবলৈ অস্ত্ৰ হাতত লৈছিল, সেই মানুহজনেই এদিন নিজৰ জীৱন বচাবলৈ নিজৰ শৰীৰৰ অংগ নিজ হাতেৰে কাটি পেলাবলগীয়া হ’ল।

শত্ৰুৰ ড্ৰ’নৰ ভাবুকি, কিন্তু সহায়ৰ হাত আগবঢ়োৱা নাছিল কোনো মানুহে

ইফালে, যুদ্ধক্ষেত্ৰৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছিল। ফেব্ৰুৱাৰী মাহৰ মাজভাগত আশ্ৰয়স্থলত পানী সোমোৱাত ভ্লাছেংকো আৰু তেওঁৰ সহযোদ্ধা ‘বাস্কি’য়ে এখন ক্ষতিগ্ৰস্ত বিদ্যালয়লৈ স্থানান্তৰিত হ’বলগীয়া হয়।

এদিন খাদ্য আৰু শুকান কাপোৰ থকা এটা পাৰ্চেল আনিবলৈ বাহিৰলৈ ওলাই অহাৰ সময়ত তেওঁলোকৰ অৱস্থান ৰাছিয়াৰ নিৰীক্ষণকাৰী ড্ৰ’নৰ চকুত পৰে। তাৰ পিছত আন এখন ড্ৰ’নে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায়।

এদিন ৰাছিয়াৰ এখন ড্ৰ’নে তেওঁলোকৰ আশ্ৰয়স্থলৰ ওচৰত এটা লাউডস্পীকাৰ পেলাই দিয়ে। তাৰ পৰা এটা ৰেকৰ্ড কৰা বাৰ্তা বাজিবলৈ ধৰে।

“ভাই, আমি জানো তুমি ইয়াত আছা। বিশ্বাস কৰা, তোমাৰ সহযোদ্ধাসকলে তোমাক উদ্ধাৰ নকৰে।” এই বাৰ্তাই তেওঁৰ ওপৰত কিমান মানসিক চাপ সৃষ্টি কৰিছিল, সেয়া সহজেই অনুমান কৰিব পাৰি।

চাৰিওফালে শত্ৰুৰ নিৰীক্ষণ, বাহিৰলৈ ওলাই যোৱাৰ উপায় নাই, শৰীৰত গভীৰ আঘাত আৰু যিকোনো মুহূৰ্ততে আক্ৰমণৰ আশংকা—এনে পৰিস্থিতিত এজন মানুহে কেনেকৈ মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰে?

তথাপি ভ্লাছেংকোৱে হাৰ মনা নাছিল।

প্ৰতি চাৰিৰ পৰা পাঁচ দিনৰ মূৰে মূৰে ড্ৰ’নৰ জৰিয়তে তেওঁলৈ খাদ্য, ঔষধ, চিগাৰেট আৰু মিঠাই পঠিওৱা হৈছিল বুলি ইউক্ৰেইনৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
আনকি তেওঁৰ জন্মদিনত পঠিওৱা সামগ্ৰীৰ ভিতৰত চকলেট আৰু উন্নত মানৰ চিগাৰেটো আছিল বুলি জানিব পৰা গৈছে। তেওঁৰ বাবে এই সামগ্ৰীসমূহ কেৱল খাদ্য বা প্ৰয়োজনীয় বস্তু নাছিল। সেইবোৰ আছিল বাহিৰৰ পৃথিৱীখনৰ সৈতে জীয়াই থকা একমাত্ৰ সংযোগ। ৰেডিঅ’ৰ জৰিয়তে আনৰ সৈতে কথা পাতিব পৰাটোৱেও তেওঁক মানসিকভাৱে সকাহ দিছিল। “মই অকলে নহয়, কাৰোবাৰ মাত শুনিবলৈ পাইছোঁ—সেইটোৱেই মোৰ বাবে আনন্দৰ কথা আছিল,” বুলি তেওঁ কয়।
দীৰ্ঘদিন ধৰি আশ্ৰয়স্থলত আবদ্ধ হৈ থকাৰ সময়ত তেওঁৰ পত্নীয়ে তেওঁলৈ প্ৰখ্যাত লেখক ষ্টিফেন কিঙৰ এখন কিতাপো পঠিয়াইছিল। সেই কিতাপখন পঢ়ি তেওঁ সময় পাৰ কৰিছিল।

অৱশেষত আহিল উদ্ধাৰৰ সেই দিনটো
যুদ্ধক্ষেত্ৰৰ সমুখ সমৰত ট্ৰাক বা সশস্ত্ৰ বাহন প্ৰেৰণ কৰাটো অসম্ভৱ হৈ পৰাত উদ্ধাৰকাৰীসকলৰ বাবে ভ্লাছেংকোক উলিয়াই অনাটো এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছিল।
তেওঁৰ অৱস্থানলৈ পঠিওৱা দুটা ৰবটো ধ্বংস হৈছিল বুলি অভিযানটোৰ পৰিকল্পনাৰ সৈতে জড়িত বিষয়াই জানিবলৈ দিয়ে। অৱশেষত অক্টোবৰ মাহৰ আৰম্ভণিতে উদ্ধাৰৰ এক নতুন পৰিকল্পনা কৰা হয়। ড্ৰ’নৰ জৰিয়তে পঠিওৱা এটা সামগ্ৰীৰ টোপোলাত আছিল এটা নিৰ্দেশনামূলক ভিডিঅ’ থকা এটা মোবাইল ফোন। ইয়াৰ সহায়ত ভ্লাছেংকোক ড্ৰ’নৰ জৰিয়তে উদ্ধাৰ কৰাৰ প্ৰস্তুতি চলোৱা হয়। ৪ অক্টোবৰ তাৰিখে ৬টা প্ৰপেলাৰযুক্ত এখন বৃহৎ ড্ৰ’ন তেওঁৰ অৱস্থানত উপস্থিত হয়।

ভ্লাছেংকোৱে নিজৰ শৰীৰটো ড্ৰ’নৰ সৈতে সংযুক্ত এটা হুকত সুৰক্ষিতভাৱে বান্ধি লয়। তাৰ পিছত ড্ৰ’নখনে তেওঁক প্ৰায় ৭০ মিটাৰ উচ্চতালৈ ওপৰলৈ তুলি নিয়ে।
প্ৰায় ১৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি তেওঁক যুদ্ধক্ষেত্ৰৰ সিপাৰে নিৰাপদ স্থানলৈ লৈ যোৱা হয়। এনেদৰেই ৪৯১ দিনৰ এক ভয়ংকৰ অধ্যায়ৰ অন্ত পৰে।
এতিয়া সন্মুখত দীঘলীয়া চিকিৎসা আৰু পুনৰ্বাসনৰ যুঁজ। উদ্ধাৰৰ পিছত ভ্লাছেংকোক খাৰকিভৰ এখন সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত তেওঁৰ কেইবাটাও অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে। আগন্তুক দিনত তেওঁক কৃত্ৰিম ভৰি সংস্থাপন কৰা হ’ব। কিন্তু শাৰীৰিক আঘাতৰ উপৰি তেওঁৰ মনত ৰৈ যোৱা যুদ্ধৰ স্মৃতিবোৰৰ সৈতেও তেওঁ যুঁজিব লাগিব। এই সমগ্ৰ সময়ছোৱাত তেওঁ নিজৰ কন্যাৰ সৈতে দীৰ্ঘদিন ধৰি যোগাযোগ কৰিব পৰা নাছিল। তেওঁৰ কথাত, “মই বহুদিন ধৰি মোৰ ছোৱালীজনীৰ সৈতে কথা পতা নাই। হয়তো তাই বুজিব, কাৰণ দেউতাক যুদ্ধত আছিল।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ড: মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ মুছকান-চাহিল

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ডৰ দোষী মুছকান আৰু চাহিলে মৃত্যুদণ্ডক...

গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ড

গোলাঘাটৰ ৰঙাজানৰ ২ নং বৰগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক...

ট্ৰাম্পৰ ডাঙৰ সকীয়নি: ‘কাইলৈ ইৰানত আক্ৰমণ চলাব পাৰে আমেৰিকাই’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে পুনৰ সামৰিক আক্ৰমণ...